নগাঁওঃ বৰ্ষীয়ান সাহিত্যিক উপেন্দ্ৰ বৰকটকীৰ শেহতীয়া গ্ৰন্থ “সেইসকলক কেনেকৈ পাহৰোঁ” আজি সাহিত্যিক গৰাকীৰ নগাঁও চহৰৰ ৰত্নপুৰ স্থিত বাসগৃহত উন্মোচন কৰা হয় (Upendra Borkotoky Book Launch)। এক ঘৰুৱা পৰিবেশত গ্ৰন্থখন উন্মোচন কৰে প্ৰাক্তন মন্ত্রী তথা শিক্ষাবিদ গুনীন হাজৰিকাই ।
গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত গুনীন হাজৰিকাই অসমীয়া ভাষাত জীৱনী সাহিত্যৰ বিষয়ে উল্লেখ কৰি কয় যে পদ্মনাথ গোহাঞিবৰুৱাই অসমীয়া সাহিত্যত দেখুৱাই থৈ যোৱা জীৱনী লিখাৰ দৃষ্টান্তৰে পৰৱৰ্তী সময়ত দুই এখন জীৱনী লিখা গ্ৰন্থ প্ৰকাশ পাইছে । পৰৱৰ্তী সময়ত নন্দ তালুকদাৰ, নিৰোদ চৌধুৰী প্ৰমুখ্যে সাহিত্যিক সকলে ব্যক্তি বিশেষৰ জীৱনী লিখিছিল। উপেন্দ্ৰ বৰকটকীয়ে বেনুধৰ শৰ্মা, নীলমণি ফুকন,ৰাধাগোবিন্দ বৰুৱা,যজ্ঞেশ্বৰ শৰ্মা, মহিম বৰাকে ধৰি অসমৰ বহু কেইগৰাকী বৰেণ্য ব্যক্তিৰ জীৱনী লিখি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াইছে। বৰকটকীয়ে অসমীয়া জীৱনী সাহিত্যৰ এক নতুন ধাৰা সৃষ্টি কৰিছে।
উপেন্দ্ৰ বৰকটকীৰ পুত্ৰ অধ্যাপক অৰিন্দম বৰকটকীয়ে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট কবি প্ৰয়াগ শইকীয়া, সমাজকৰ্মী নৌচাদ আখতাৰ হাজৰিকা আৰু সাংবাদিক জিতেন বৰকটকীয়ে উপেন্দ্ৰ বৰকটকীৰ লগত থকা আত্মিক সম্পৰ্কৰ বিষয়ে উল্লেখ কৰি বৰ্ষীয়ান সাহিত্যিক গৰাকীৰ ব্যক্তিৰ বিষয়ে উল্লেখ কৰে।
৮৪ বছৰীয়া সাহিত্যিক গৰকীক সাহিত্য সৃষ্টিত নিমগ্ন হৈ থাকিবৰ বাবে শুভাকংক্ষী কেইগৰাকীয়ে আহ্বান জনায় । গ্ৰন্থখনৰ লেখক উপেন্দ্ৰ বৰকটকীয়ে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ স্মৃতিদিৱসৰ দিনটোত গ্ৰন্থখন উন্মোচন হোৱাত সন্তুষ্টি প্ৰকাশ কৰে। গ্ৰন্থখনত বিভিন্নজন বৰেণ্য ব্যক্তিৰ জীৱনী লিখিবলৈ পাই সন্তুষ্টি লাভ কৰা বুলি উল্লেখ কৰি বৰকটকীয়ে কয় যে লেখক সকলে নিলিখি নোৱাৰে বাবেই লিখে।
আনহাতে কাকত – আলোচনীৰ সম্পাদকসকলক কৃতজ্ঞতা জ্ঞাপন কৰি বৰকটকীয়ে এই ক্ষেত্ৰত প্ৰয়াত সম্পাদক চন্দ্ৰ প্ৰসাদ শইকীয়া,প্ৰদীপ বৰুৱাৰ পৰা লাভ কৰা প্ৰেৰণাৰ বিষয়ে উল্লেখ কৰে। গ্ৰন্থ উন্মোচনী অনুষ্ঠানত বিশিষ্ট নিবন্ধকাৰ চিদানন্দ গোস্বামী, সাংবাদিক প্ৰশান্ত বৰা , সমাজকৰ্মী কমলেশ্বৰ বৰুৱা,বুবুল বৰাৰ লগতে লেখক বৰকটকীৰ সহধৰ্মিণী ভাৰতী বৰকটকী, ভাতৃ তৰুণ বৰকটকী সহ পৰিয়ালৰ সদস্যসকল উপস্থিত থাকে । উল্লেখ্য যে ক্ৰান্তিকাল প্ৰকাশনে “সেইসকলক কেনেকৈ পাহৰোঁ” গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে।
লগতে পঢ়কঃ নগাঁও জিলা সাহিত্য সভাৰ সাহিত্য দিৱস অনুষ্ঠান

