শিৱসাগৰ: ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হ'লেও এতিয়াও ৬ লক্ষাধিক লোক আক্ৰান্ত হৈ আছে বানত।  এইবাৰৰ বানত বিশেষকৈ ক্ষতিগ্ৰস্ত হৈছে উজনি অসমৰ লোক।  শেহতীয়াকৈ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও দুখ দুৰ্দশাই লগ এৰা নাই বান আক্ৰান্তৰ।  আশ্ৰয়, খাদ্য সামগ্ৰীৰ অভাৱত অনিদ্ৰা অনাহাৰে কটাবলগীয়া হৈছে উজনি অসমৰ বহু বান আক্ৰান্তই।  এনে সময়ত উজনি অসমৰ বানাক্ৰান্তৰ কাষত থিয় দিছে নগাঁও জিলাৰ ধিং সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক মেহবুব মোক্তাৰ। 


 দুখ দুৰ্দশাৰ মাজত থকা উজনি অসমৰ বানাক্ৰান্তক সহায় কৰিবলৈ আগবাঢ়ি গৈছে ধিং সমষ্টিৰ বিধায়কগৰাকী।  শনিবাৰে নিশা পৰ্যন্ত শিৱসাগৰৰ বানাক্ৰান্তৰ কাষত ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ সৈতে দেখা গৈছে ধিং সমষ্টিৰ বিধায়ক মেহবুব মুক্তাৰক।  শিৱসাগৰৰ  বানাক্ৰান্তই কি খাইছে কেনেদৰে দিন কটাইছে তাৰ বুজ লোৱাৰ লগতে বানাক্ৰান্তক পাৰ্যমানে সহায়ৰ হাত আগবঢ়াইছে বিধায়ক অখিল গগৈৰ লগতে ধিং সমষ্টিৰ বিধায়ক মোক্তাৰে। 


 বান আক্ৰান্তৰ হাতে হাতে খাদ্য সামগ্ৰীৰ টোপোলাৰে সহায়ৰ হাত আগবঢ়াইছে দুগৰাকী বিধায়ক অখিল গগৈ আৰু মেহবুব মোক্তাৰে।  ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ আৰু ধিং সমষ্টিৰ বিধায়ক মেহবুব মোক্তাৰে আগবঢ়োৱা সহায়ৰ হাতে  কিছু হ'লেও সকাহ দিছে শিৱসাগৰৰ বানাক্ৰান্তক। 


 শেহতীয়া চৰকাৰী তথ্য অনুসৰি,  ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে যদিও ৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত হৈছে বানত।  আনকি বানত মৃত্যুৰ সংখ্যাও ৬৬ জনলৈ বৃদ্ধি হৈছে।  চৰকাৰী তথ্য মতে এতিয়াও আশ্ৰয় শিবিৰত আছে ৰাজ্যৰ বহু বানাক্ৰান্ত।  চৰকাৰ তথা প্ৰশাসনেও বানাক্ৰান্তসকলক পাৰ্যমানে আগবঢ়াইছে সহায়ৰ হাত।