নগাঁও : পলমকৈ হলেও মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ চেক লাভ কৰিলে ধিং বিধানসভা সমষ্টিৰ হিতাধিকাৰীয়ে। সোমবাৰে ৰাজ্য চৰকাৰৰ কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা নগাওঁ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰিকাই নগাঁৱৰ ধিঙত আয়োজিত এক কাৰ্যসূচীত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান (MMUA) আঁচনিৰ অধীনত ২২,৮১৮ গৰাকী হিতাধিকাৰীক আনুষ্ঠানিকভাৱে চেক বিতৰণ কৰে।
এই উপলক্ষে ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে এই আঁচনিৰ দহ হাজাৰ টকা মহিলাসকলক জীৱিকা অৰ্জন কৰিবলৈ আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিবলৈ প্ৰদান কৰা এক শক্তিশালী মাধ্যম্। মন্ত্ৰীগৰাকীয়ে হিতাধিকাৰীসকলক এই ১০,০০০ টকাৰ প্ৰাৰম্ভিক মূলধন সঠিকভাৱে ব্যৱহাৰ কৰি ব্যৱসায় প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনায়, যাৰ জৰিয়তে তেওঁলোকে এই আঁচনিৰ পৰৱৰ্তী পৰ্যায়ৰ ২৫,০০০ আৰু ৫০,০০০ টকাৰ সাহাৰ্য লাভ কৰিবলৈ যোগ্য বিবেচিত হ'ব পাৰিব।
মন্ত্ৰী হাজৰিকাই বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ অধীনত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ, উন্নত পথ আন্তঃগাঁথনি, দৰিদ্ৰ পৰিয়ালক বিনামূলীয়া ৰেচন আৰু বিদ্যালয়-মহাবিদ্যালয়ত শিক্ষাৰ্থীৰ বিনামূলীয়া নামভৰ্তিৰ দৰে বিভিন্ন কল্যাণকামী আঁচনিৰ বিষয়েও উল্লেখ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰখনে কেনেকৈ এক সৰ্বাংগীণ উন্নয়নৰ সূচনা কৰিছে, সেই কথা তেওঁ বিশেষভাৱে আলোকপাত কৰে। তেওঁ লগতে ঘোষণা কৰে যে অহা মাহৰ পৰা আকৌ বিনামূলীয়া ৰেচন বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব। বৰ্তমানৰ চৰকাৰখনে ভাষিক আৰু ধৰ্মীয় বৈষম্যৰ উৰ্ধত গৈ জনসাধাৰণক সম্পূৰ্ণ নিৰপেক্ষভাৱে চৰকাৰী সুবিধা প্ৰদান কৰি আহিছে আৰু কোনো এটা অঞ্চলেই উন্নয়নমূলক পদক্ষেপৰ পৰা বঞ্চিত হৈ থকা নাই বুলি তেওঁ কয়।
ভাষণ প্ৰসংগত তেওঁ কয় যে মথাউৰি নিৰ্মাণ আৰু বান সুৰক্ষা ব্যৱস্থাই ধিং সমষ্টিৰ ৰাইজক বছৰত দুটা বা তাতকৈ অধিক খেতি কৰাত সহায় কৰিছে। বৰ্তমানৰ চৰকাৰৰ দিনত দুখীয়া অথচ মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে চৰকাৰী চাকৰি লাভ কৰিবলৈ সক্ষম হোৱা বুলি উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই কয় যে পূৰ্বৰ চৰকাৰৰ কাৰ্যকালত নিযুক্তি প্ৰক্ৰিয়াত চলি থকা দুৰ্নীতি এতিয়া সম্পূৰ্ণৰূপে নিৰ্মূল কৰা হৈছে।
কৃষি বিভাগক লৈ নিজৰ পৰিকল্পনা ব্যক্ত কৰি মন্ত্ৰী হাজৰিকাই জনসাধাৰণক অসমৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ কৃষিক আকোৱালি লোৱাৰ বাবে আহ্বান জনায়। তেওঁ কৃষকসকলক কৃষি আৰু জলসিঞ্চন দুয়োটা বিভাগৰ পৰাই সম্ভৱপৰ সকলো ধৰণৰ সহায়-সহযোগিতা আগবঢ়োৱাৰ আশ্বাস প্ৰদান কৰে।
উক্ত সভাত বিধায়ক ৰূপক শৰ্মা,মেহবুব মুক্তাৰ, নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা আৰু অন্যান্য ব্যক্তি উপস্থিত থাকে।
ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ভোমোৰাগুৰিত আয়োজিত আন এখন কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগাঁও-বটদ্ৰৱা সমষ্টিৰ ৮১ টা পৰিয়ালক ভূমি পত্তা বিতৰণ কৰে। উক্ত কাৰ্যসূচীত তেওঁ কেইগৰাকীমান স্থানীয় হিতাধিকাৰীক মহিলা উদ্যমিতা আঁচনিৰ চেকও প্ৰদান কৰে।
অনুষ্ঠানত ভাষণ দি মন্ত্ৰীগৰাকীয়ে কয় যে যিসকলে ভূমি পত্তা লাভ কৰিলে, তেওঁলোকে এতিয়াৰে পৰা কৃষক পঞ্জীয়নৰ বাবেও যোগ্য বিবেচিত হ’ব, যাৰ জৰিয়তে তেওঁলোকে এক পৰিচয় পত্ৰ লাভ কৰিব। এই পঞ্জীয়নে তেওঁলোকক চৰকাৰী বিভিন্ন আঁচনিৰ সা-সুবিধাসমূহ লাভ কৰাত সহায় কৰিব।
তেওঁ ৰাইজক নিজৰ কৃষিভূমি সমূহ পেলাই নথৈ খেতি কৰিবলৈ আহ্বান জনায়। কৃষকৰ আয় বৃদ্ধি কৰাৰ বাবে নাৰিকল, তামোল, জালুক আদিৰ দৰে লাভজনক শস্যৰ সমান্তৰাল খেতি কৰাৰ গুৰুত্বৰ ওপৰত তেওঁ বিশেষভাৱে আলোকপাত কৰে।