নগাঁও : অসম চৰকাৰৰ মহিলা সৱলীকৰণ আৰু স্বাৱলম্বিতাৰ দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত ‘মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি’ চমুকৈ এম এম ইউ এ ৰ অধীনত জিলাখনৰ বাকী ৰৈ যোৱা তিনিটা বিধানসভা সমষ্টি ধিং, ৰূপহীহাট আৰু চামগুৰি সমষ্টিৰ হিতাধিকাৰীসকললৈ চেক বিতৰণ কৰিবৰ বাবে এক বিশাল কাৰ্যসূচী গ্ৰহণ কৰা হৈছে (MMUA Nagaon)। অহা ২০ আৰু ২১ জুলাই তাৰিখে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই জিলাখনৰ ধিং, ৰূপহী আৰু চামগুৰি বিধানসভা সমষ্টিত আয়োজিত হ'বলগীয়া তিনিটা সুকীয়া অনুষ্ঠানত উপস্থিত থাকি হিতাধিকাৰী মহিলাসকলক স্বাৱলম্বী কৰাৰ উদ্দেশ্যে এই আঁচনিৰ চেকসমূহ আনুষ্ঠানিকভাৱে প্ৰদান কৰাৰ ইংগিত পোৱা গৈছে।

দিছপুৰৰ সুত্ৰ‌ই এতিয়াও সম্পূৰ্ণ নিশ্চিত কৰা নাই যদিও নগাঁও জিলা প্ৰশাসনে তাৰবাবে পূৰ্ণ প্ৰস্তুতি আৰম্ভ কৰিছে। উক্ত সমষ্টিকেইটাৰ মুঠ ১,০১৭১৬ গৰাকী মহিলাৰ আত্মনিৰ্ভৰশীলতাৰ পথ প্ৰশস্ত কৰি তোলাৰ লক্ষ্যৰে আয়োজিত এই ভব্য অনুষ্ঠানসমূহ সুচাৰুৰূপে আৰু শৃংখলাবদ্ধভাৱে সম্পন্ন কৰাৰ উদ্দেশ্যে জিলা প্ৰশাসনে সম্প্ৰতি তৎপৰতাৰে প্ৰস্তুতি চলাইছে।

এই প্ৰস্তুতিৰ অংশস্বৰূপেই আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নিজে অনুষ্ঠানসমূহৰ বাবে নিৰ্বাচিত সভাস্থলীসমূহ পৰিদৰ্শন কৰি প্ৰাৰম্ভিক প্ৰস্তুতিৰ বুজ লয়।

এই গুৰুত্বপূৰ্ণ পৰিদৰ্শনৰ সময়ছোৱাত জিলা আয়ুক্ত মহোদয়ৰ সৈতে অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, সহকাৰী আয়ুক্ত ৰূপক মজুমদাৰ প্ৰমুখ্যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ নগাঁও জিলা প্ৰকল্প পৰিচালক,  জনস্বাস্থ্য কাৰিকৰী বিভাগ আৰু লোক নিৰ্মাণ বিভাগৰ অভিযন্তাসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ বিষয়া উপস্থিত থাকে।

লগতে পঢ়কঃ লাওখোৱা অভয়াৰণ্যত বেদখলকাৰীৰ মৰাপাট খেতিত বৃহৎ উচ্ছেদ অভিযান