ছাইফুল, ইছলাম , মৰিগাওঁ: মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ভুৰবন্ধা, কটহগুৰি,ঔগুৰি, খটৰবড়ী আৰু পাটিদয়া আদি পাঁচখন ৰাজহ গাঁও মিকিৰভেটা ৰাজহ চক্ৰত অন্তৰ্ভুক্ত কৰাৰ প্ৰস্তাৱিত সিদ্ধান্তৰ বিৰুদ্ধে সোমবাৰে ভুৰবন্ধা এলেকাৰ শতাধিক ৰাইজে মৰিগাঁও জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰীলৈ এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰি চৰকাৰৰ এই সিদ্ধান্ত অবিলম্বে বাতিল কৰাৰ দাবী জনায়।
স্মাৰক পত্ৰত উল্লেখ কৰা অনুসৰি, প্ৰায় ১৫০০ ৰো অধিক সংখ্যক লোক অবিভক্ত নগাঁও জিলাৰ সময়ৰ পৰাই ভুৰবন্ধা, কটহগুৰি, আগুৰি, খটৰবড়ী আৰু পাটিদয়া ৰাজহ গাঁওসমূহ মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত হৈ আহিছে। ইয়াৰ ফলত অঞ্চলটোৰ সাধাৰণ ৰাইজে ভূমি, ৰাজহ আৰু অন্যান্য চৰকাৰী কাম-কাজ অতি সহজে সম্পন্ন কৰি আহিছিল। কিন্তু আগন্তুক লোকপিয়লক লক্ষ্য কৰি এই পাঁচখন গাঁও প্ৰায় ১৪-১৫ কিলোমিটাৰ দূৰত অৱস্থিত মিকিৰভেটা ৰাজহ চক্ৰৰ অধীনলৈ নিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বুলি জানিব পৰা যায়।
এই সিদ্ধান্তৰ খবৰ পোৱাৰ পিছতেই অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ উঠে। আজি বিভিন্ন গাঁৱৰ পুৰুষ-মহিলা, যুৱক আৰু জ্যেষ্ঠ নাগৰিক একত্ৰিত হৈ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে শ্লোগান দিয়ে। প্ৰতিবাদকাৰীসকলে কয় যে, বহু দশক ধৰি মৰিগাঁও ৰাজহ চক্ৰৰ সৈতে জড়িত হৈ থকা গাঁওসমূহক হঠাতে আন ৰাজহ চক্ৰত অন্তৰ্ভুক্ত কৰিলে সাধাৰণ জনসাধাৰণে নানান সমস্যাৰ সন্মুখীন হ'ব লাগিব।
ৰাইজৰ অভিযোগ অনুসৰি, মিকিৰভেটা ৰাজহ চক্ৰলৈ যাবলৈ অধিক দূৰত্ব অতিক্ৰম কৰিব লাগিব। ইয়াৰ ফলত বিশেষকৈ দুখীয়া, কৃষিজীৱী আৰু মধ্যবিত্ত পৰিয়ালসমূহে চৰকাৰী কাম-কাজ সম্পন্ন কৰিবলৈ অতিৰিক্ত সময়, যাতায়াত ব্যয় আৰু বিভিন্ন সমস্যাৰ সন্মুখীন হ'ব। বহু বৃদ্ধ, মহিলা আৰু দৈনিক মজুৰি কৰা লোকৰ বাবেও এই সিদ্ধান্ত যথেষ্ট কষ্টদায়ক হ'ব বুলি তেওঁলোকে মত প্ৰকাশ কৰে।
প্ৰতিবাদকাৰীসকলে স্পষ্টভাৱে দাবী জনায় যে, এই পাঁচখন গাঁও পূৰ্বৰ দৰেই মৰিগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত ৰাখিব লাগে আৰু চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্ত অবিলম্বে বাতিল কৰিব লাগে। অন্যথা, চৰকাৰে যদি ৰাইজৰ ন্যায্য দাবীৰ প্ৰতি গুৰুত্ব নিদিয়ে, তেন্তে অঞ্চলবাসীয়ে পুনৰ গণতান্ত্ৰিকভাৱে বৃহত্তৰ আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব বুলি সকীয়াই দিয়ে।
এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে। এতিয়া চৰকাৰে ৰাইজৰ দাবীৰ প্ৰতি কেনেদৰে সঁহাৰি জনায়, সেয়াই লক্ষণীয় হৈ পৰিছে।