নগাঁও : কৃষি, জলসিঞ্চন আৰু সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাই আজি নগাঁও জিলাৰ ৰূপহীহাট আৰু চামগুৰি বিধানসভা সমষ্টিত অনুষ্ঠিত দুখন বৃহৎ ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ অধীনত ক্ৰমে ১৯,৮৪০ আৰু ২৫,৬৫৮ গৰাকী মহিলা হিতাধিকাৰীৰ মাজত ১০,০০০ টকাৰ চেক আনুষ্ঠানিকভাৱে বিতৰণ কৰে।


অনুষ্ঠানত ভাষণ প্ৰদান কৰি মন্ত্ৰীগৰাকীয়ে কয় যে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ দূৰদৰ্শী চিন্তাৰ ফচল এই যুগান্তকাৰী আঁচনিয়ে দৰিদ্ৰ তথা পিছপৰা শ্ৰেণীৰ মহিলাসকলক বহনক্ষম জীৱিকা গঢ়ি তুলিবলৈ আৰু ৰাজ্যখনৰ অৰ্থনৈতিক বিকাশত সক্ৰিয়ভাৱে অৱদান যোগাবলৈ সক্ষম কৰি তুলিছে। তেওঁ উল্লেখ কৰে যে মুখ‍্যমন্ত্ৰী মহিলা উদ‍্যমিতা অভিযান, নিযুত মইনা আৰু অৰুণোদয়ৰ দৰে আঁচনিসমূহে মহিলাসকলক বিনামূলীয়া শিক্ষা, ক্ষুদ্ৰ ব্যৱসায় প্ৰতিষ্ঠাৰ বাবে প্ৰাৰম্ভিক মূলধন আৰু প্ৰত্যক্ষ আৰ্থিক সাহায্য প্ৰদান কৰি সমাজত তেওঁলোকৰ এক মৰ্যদাপূৰ্ণ জীৱন নিশ্চিত কৰিছে।


কোনো ধৰণৰ বৈষম্য নোহোৱাকৈ ৰাজ্যৰ সকলো অঞ্চল আৰু সমাজৰ সকলো শ্ৰেণীৰ সমবিকাশৰ বাবে ৰাজ্য চৰকাৰৰ দৃঢ় সংকল্পৰ কথা দোহাৰি মন্ত্ৰী হাজৰিকাই প্ৰাৰম্ভিক ১০,০০০ টকাৰ মূলধন সঠিকভাৱে ব্যৱহাৰ কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে। 


তেওঁ সকলো মহিলা হিতাধিকাৰীক নিজৰ ব্যৱসায় গঢ়ি তোলাৰ বাবে এই আৰ্থিক সাহায্য ফলপ্ৰসূভাৱে ব্যৱহাৰ কৰিবলৈ আহ্বান জনায় যাতে তেওঁলোকে আঁচনিখনৰ অধীনত পৰৱৰ্তী পৰ্যায়ৰ ২৫,০০০ আৰু ৫০,০০০ টকা লাভ কৰিবলৈ যোগ্য বিবেচিত হয়।


বিশ্বৰ উন্নত দেশসমূহত কৰ্মক্ষেত্ৰত মহিলাৰ অধিক অংশগ্ৰহণৰ উদাহৰণ দাঙি ধৰি মন্ত্ৰীগৰাকীয়ে ৰাজ‍্যৰ মহিলাসকলক অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ'বলৈ আৰু অসমৰ অৰ্থনীতিত অধিক অৱদান আগবঢ়াবলৈ এই চৰকাৰী পদক্ষেপসমূহৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰিবলৈ আহ্বান জনায়।


নগাঁও সংসদীয় সমষ্টিৰ উন্নয়ন ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি মন্ত্ৰী হাজৰিকাই ৰাইজক বৰ্তমানৰ কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰক সমৰ্থন জনাবলৈ আহ্বান জনায় যাতে আন্তঃগাঁথনি, শিক্ষা, স্বাস্থ্য আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত দ্ৰুতগতিত সৰ্বাংগীণ উন্নয়ন সাধন কৰিব পৰা যায়। চৰকাৰী পদক্ষেপসমূহৰ পৰা ৰাইজে যাতে সৰ্বাধিক লাভালাভ আদায় কৰিব পাৰে তাৰ বাবে জনপ্ৰতিনিধি নিৰ্বাচনৰ ক্ষেত্ৰত অধিক সজাগ হ'বলৈকো তেওঁ নাগৰিকসকলক আহ্বান জনায়।


আজিৰ দুয়োখন সভাতে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামী, নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাকে ধৰি আন কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।