নগাঁও : লোকপিয়ল ২০২৭ ৰ বাবে নিযুক্তিপ্ৰাপ্ত জিলাখনৰ গণনাকাৰী আৰু পৰিদৰ্শকসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী যোৱা ২০ জুলাইৰ পৰা জিলাখনৰ বিভিন্ন প্ৰান্তত আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হৈছে। এই উপলক্ষে কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গণনাকাৰী আৰু পৰিদৰ্শক সকলৰ বাবে কলিয়াবৰ মহাবিদ্যালয়ত অনুষ্ঠিত এক বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী কালি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। তেওঁ উদ্বোধনী ভাষণত উপস্থিত কৰ্মচাৰী সকলক লোকপিয়ল সংক্ৰান্তীয় প্ৰয়োজনীয় দিক-দৰ্শন প্ৰদান কৰে। আয়ুক্তগৰাকীয়ে দায়িত্বত ন্যস্ত বিষয়া-কৰ্মচাৰীসকলক জিলাখনত লোকপিয়লৰ কাম-কাজসমূহ সুচাৰুৰূপে আৰু নিষ্ঠাৰে সমাপন কৰিবলৈ আহ্বান জনায়। 


এই কাৰ্যসূচীত কলিয়াবৰ সম-জিলাৰ আয়ুক্ত ৰাজ বৰুৱাও উপস্থিত থাকে। উল্লেখযোগ্য যে, কলিয়াবৰ ৰাজহ চক্ৰৰ বাবে মুঠ ১২ টা গোটত ভাগ কৰি প্ৰতিটো গোটৰ বাবে তিনি দিনকৈ আয়োজন কৰা এই প্ৰশিক্ষণ কাৰ্যসূচী অহা ২ আগষ্টত সামৰণি পৰিব। একেসময়তে কালি নগাঁওৰ আনন্দৰাম ঢেকিয়াল ফুকন মহাবিদ্যালয়ত অনুষ্ঠিত নগাঁও সদৰ ৰাজহ চক্ৰৰ গ্ৰাম্যাঞ্চলৰ গণনাকাৰী আৰু পৰিদৰ্শক সকলৰ প্ৰশিক্ষণ কাৰ্যসূচীৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়াই। অনুষ্ঠানত নগাঁও ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বনদ্বীপ ৰাভাও উপস্থিত থাকে। উল্লেখযোগ্য যে, প্ৰথম পৰ্যায়ত ক্ষেত্ৰ পৰ্যায়ৰ প্ৰশিক্ষকসকলৰ প্ৰশিক্ষণ সুকলমে সম্পন্ন হোৱাৰ পিছত প্ৰশিক্ষিত ৬৪ জন ক্ষেত্ৰ প্ৰশিক্ষকৰ দ্বাৰা জিলাখনত লোকপিয়লৰ দায়িত্বত থাকিব লগীয়া গণনাকাৰী আৰু পৰিদৰ্শক সকলৰ প্ৰশিক্ষণ আৰম্ভ কৰা হৈছে। 


জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনোৱা মতে, জিলাখনত লোকপিয়লৰ বাবে মুঠ ৭৫৮ জন পৰিদৰ্শক আৰু ৪০৬৫ জন গণনাকাৰী নিয়োজিত কৰা হৈছে। তেওঁলোকক মুঠ ২০ টা কেন্দ্ৰত প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। ৰূপহী ৰাজহ চক্ৰৰ অন্তৰ্গত বিষয়া-কৰ্মচাৰীসকলৰ বাবে জুৰিয়া মহাবিদ্যালয়ত যোৱা ২০ জুলাইৰ পৰাই প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। ইয়াতো ১২ টা গোটত বিভক্ত বিষয়া-কৰ্মচাৰীৰ তিনিদিনীয়া প্ৰশিক্ষণৰ সামৰণি পৰিব অহা ৩ আগষ্টত। একেদৰে চামগুৰি ৰাজহ চক্ৰৰ বাবেও যোৱা ২০ জুলাইত এই প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। মুঠ ১৭ টা গোটত ভাগ কৰি চামগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়, চামগুৰি পূৰ্ণিমা শইকীয়া হাইস্কুল, পুৰণিগুদাম ছোৱালী হাইস্কুল আৰু বৰলীগাওঁ মজলীয়া বিদ্যালয়ত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ বিশেষজ্ঞৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে। 


অহা ১ আগষ্টত চামগুৰিত প্ৰশিক্ষণৰ সামৰণি পৰিব। একেদৰে ৰহা, ধিং আৰু কামপুৰ ৰাজহ চক্ৰৰ অন্তৰ্গতো গ্ৰাম্যাঞ্চলৰ গণনাকাৰীসকলৰ প্ৰশিক্ষণ কাৰ্য পূৰ্ণোদ্যমে চলি আছে। সংশ্লিষ্ট চক্ৰ বিষয়াসকলক ইয়াৰ তদাৰকৰ দায়িত্ব দিয়া হৈছে। জিলাখনৰ নগাঁও, ধিং, ৰহা আৰু কামপুৰ -চাৰিখন পৌৰসভা অঞ্চলতো পৌৰসভাৰ কাৰ্যবাহী বিষয়াৰ উদ্যোগত অনুৰূপ ধৰণৰ প্ৰশিক্ষণ অহা ২৭ আগষ্টৰ পৰা সুকীয়াকৈ অনুষ্ঠিত হ'ব বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনাইছে।