ৰহা : নগাঁৱৰ জিলা আুক্ত দেৱাশীষ শৰ্মাক ৰাজনীতিৰ সৈতে সাঙুৰ খোৱাই বিৰোধীয়ে সমালোচনা কৰিলেও প্ৰশাসনিক সক্ৰিয়তা দেখুৱালে নগাঁৱৰ জিলা আয়ুক্তগৰাকীয়ে। এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া হিচাপে ৰাইজক সেৱা প্ৰদান কৰি অহা নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই সোমবাৰে পুণৰ প্ৰমাণ কৰিবলৈ সক্ষম হ'ল নিজৰ দক্ষতা।
ৰাষ্ট্ৰীয় ঘাইপথ মেৰামতি, ৰহাৰ স্থানীয় লোকক টোল কৰ ৰেহাই, ৰহাৰ উৰণ সেতুৰ কাষত চার্ভিছ পথ নিৰ্মাণৰ দাবীত সোমবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে ছাত্ৰ সন্থাকে ধৰি কেইবাটাও সংগঠনে সাব্যস্ত কৰে প্ৰতিবাদ। কেইবাটাও সংগঠনে সাব্যস্ত কৰা প্ৰতিবাদৰ সময়তেই প্ৰতিবাদকাৰীৰ কাষত উপস্থিত হয় নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। প্ৰতিবাদস্থলীত উপস্থিত হৈ প্ৰতিবাদকাৰীৰ সৈতে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই কৰা আলোচনাৰ লগে লগে প্ৰতিবাদকাৰীসকলে প্ৰত্যাহাৰ কৰে প্ৰতিবাদ। কিছু সময়ৰ বাবে ৰহাৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও জিলা আয়ুক্ত দেৱাশী শৰ্মাই আলোচনাত মিলিত হোৱাৰ পাছতে অৱৰোধো প্ৰত্যাহাৰ কৰে প্ৰতিবাদকাৰীসকলে।