নগাঁও: নগাঁৱৰ এটা নিচামুক্তি (ডি-এডিকচন) কেন্দ্ৰত চিকিৎসাধীন অৱস্থাত এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি ন্যায়িক তদন্ত (Magisterial Inquiry)ৰ নিৰ্দেশ জাৰি কৰিছে নগাঁও জিলা প্ৰশাসনে। অসম মানৱ অধিকাৰ আয়োগ (AHRC)-ৰ নিৰ্দেশ অনুসৰি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই তদন্তৰ বাবে সহকাৰী আয়ুক্ত তথা কাৰ্যবাহী দণ্ডাধীশ প্ৰবীণ কুমাৰ মাহাতো (ACS)-ক তদন্তকাৰী বিষয়া হিচাপে নিযুক্তি দিয়ে।
জাৰি কৰা আদেশ অনুসৰি, নিজ দিমৌ গাঁৱৰ বাসিন্দা তথা বৰ্ষা দেৱীৰ স্বামী ভাস্কৰ ডেকা (প্ৰায় ৩৪ বছৰ)-ক ২০২৬ চনৰ ১১ জুন তাৰিখে নগাঁৱৰ Divine Awakening Wellness Society নামৰ নিচামুক্তি কেন্দ্ৰত ভৰ্তি কৰা হৈছিল। অসুস্থতা বৃদ্ধি পোৱাত ১৬ জুনত উন্নত চিকিৎসাৰ বাবে নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়লৈ এম্বুলেঞ্চযোগে নিয়াৰ সময়তে পুৱা প্ৰায় ৮:১১ বজাত তেওঁৰ মৃত্যু হোৱা বুলি অভিযোগ উত্থাপন হয়। ঘটনাৰ পিছতে মৃতকৰ পত্নীয়ে নগাঁও সদৰ থানাত এজাহাৰ দাখিল কৰে।
ঘটনাটোৰ গুৰুত্ব উপলব্ধি কৰি অসম মানৱ অধিকাৰ আয়োগে বিষয়টোত ন্যায়িক তদন্তৰ নিৰ্দেশ দিয়ে। সেই অনুসৰি জিলা আয়ুক্তই জাৰি কৰা আদেশত তদন্তকাৰী বিষয়াক ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ (NHRC)-ৰ নিৰ্ধাৰিত নীতি-নিৰ্দেশনা অনুসৰি ঘটনাটোৰ সকলো দিশ বিশদভাৱে অনুসন্ধান কৰিবলৈ কোৱা হৈছে।
আদেশমতে, তদন্তকাৰী বিষয়াই আদেশ জাৰিৰ তাৰিখৰ পৰা ১৫ দিনৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি সকলো প্ৰাসংগিক নথি-পত্ৰ সংলগ্ন কৰি বিস্তৃত প্ৰতিবেদন জিলা আয়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব।
ইয়াৰ উপৰিও নগাঁও চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ মুখ্য অধীক্ষক, সংশ্লিষ্ট নিচামুক্তি কেন্দ্ৰৰ দায়িত্বশীল বিষয়াসহ সকলো সংশ্লিষ্ট কৰ্তৃপক্ষক তদন্তত পূৰ্ণ সহযোগিতা আগবঢ়োৱাৰ লগতে প্ৰয়োজনীয় সকলো নথি-পত্ৰ আৰু তথ্য তদন্তকাৰী বিষয়াক উপলব্ধ কৰোৱাৰ নিৰ্দেশ দিয়া হৈছে।