নগাঁও : ভাৰতীয় প্ৰশাসনীয় সেৱাৰ বিষয়া আৰণ্যক শইকীয়াই আজি নগাঁও জিলাৰ নতুন আয়ুক্ত হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰে। আজি পুৱাৰ ভাগতে ডিফুৰ পৰা আহি নগাঁওত উপস্থিত হৈয়ে জিলা আয়ুক্তগৰাকীয়ে তেওঁৰ কাৰ্যালয়ৰ সভাকক্ষত সকলো বিষয়া-কৰ্মচাৰীৰ সৈতে আনুষ্ঠানিকভাৱে চা-চিনাকি হয়।
তেওঁ কয় যে, নগাঁওত পূৰ্বে কাৰ্যনিৰ্বাহ কৰাৰ সূত্ৰে জিলাখন আৰু জিলাখনৰ বহু বিষয়া-কৰ্মচাৰী তেওঁৰ পৰিচিত। সেয়ে এই ঐতিহ্যমণ্ডিত জিলাখনত কাম কৰাৰ সুযোগ পাই তেওঁ খুবেই সুখী। পুৰণি আৰু জনবহুল জিলাখনত প্ৰশাসনিকভাবেও যথেষ্ট প্ৰত্যাহ্বান আছে বুলি উল্লেখ কৰি কয় যে, এই প্ৰত্যাহ্বান নেওচি জিলাখনক উন্নয়নৰ বাটত আগবঢ়াই নিয়াৰ বাবে সকলোৰে আন্তৰিক সহায়-সহযোগিতা কামনা কৰিছোঁ। জিলা প্ৰশাসনৰ তৰফৰ পৰা নৱাগত আয়ুক্ত গৰাকীক ফুলাম গামোচা, শৰাই, ফুলৰ থোপা আদিৰে উষ্ম আদৰণি জনোৱা হয়।
তেওঁ এই আদৰণিৰ বাবেও সকলোকে ধন্যবাদ জ্ঞাপন কৰে। সভাত জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ ছিকাৰীয়া, জিলা উন্নয়ন আয়ুক্ত পাৰ্থ প্ৰতীম বৈৰাগী, কলিয়াবৰৰ সম-জিলা আয়ুক্ত তেজস অগ্নিহোত্ৰী, ৰহাৰ সম-জিলা আয়ুক্ত অঙ্কিতা বৰা, নগাঁৱৰ অতিৰিক্ত আয়ুক্ত মৃদুল বড়ো, কমলজিৎ শৰ্মা, দীপাঙ্কৰ বৰ্মন আৰু পল্লৱী গগৈ, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, জিলা পৰিবহণ বিষয়া সীমান্ত বৰা, সহকাৰী আয়ুক্তসকল আৰু জিলা আয়ুক্তৰ কাৰ্যালয়ৰ কৰ্মচাৰীসকল উপস্থিত থাকে।
উল্লেখযোগ্য যে, যোৱা ৩ ছেপ্টেম্বৰত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ স্বেচ্ছা অৱসৰৰ পৰিপ্ৰেক্ষিতত এই পদটো খালী হৈ আছিল। যোগদানৰ পিছতে জিলা আয়ুক্ত গৰাকীয়ে বিভিন্ন বিভাগৰ কাম-কাজৰ পৰ্যালোচনা আৰম্ভ কৰিছে।
উল্লেখ্য যে, ২০২০ বৰ্ষৰ আই এ এছ বিষয়াগৰাকীয়ে প্ৰথমেই নগাঁৱতেই সহকাৰী আয়ুক্ত হিচাপে কৰ্ম জীৱন আৰম্ভ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ মুখ্য সচিবৰ ষ্টাফ অফিচাৰ আৰু তাৰপিছত কাৰ্বি আংলং জিলাৰ আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।
অসমৰ প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া তথা ভাৰতীয় ৰেলৱে সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া লীনা শৰ্মাৰ পুত্ৰ আৰণ্যক শইকীয়াই ইতিমধ্যে পিতৃ -মাতৃৰ পদাঙ্ক অনুসৰণ কৰি এগৰাকী সুলেখক হিচাপেও পৰিচিতি লাভ কৰিছে।