নগাঁও : নগাঁও ছোৱালী মহাবিদ্যালয়ত অনুষ্ঠিত হৈ থকা 'মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান ২.০' -ৰ অধীনৰ উদ্যোগ বিকাশ প্ৰশিক্ষণ কাৰ্যসূচীৰ (ইডিপি) বুধবাৰে জিলা আযুক্ত দেৱাশীষ শৰ্মাই পৰিদৰ্শন কৰে। প্ৰশিক্ষণত অংশগ্ৰহণ কৰা যুৱক -যুৱতীসকলক উদ্দেশ্যি আয়ুক্ত গৰাকীয়ে দিয়া চমু ভাষণত কয় যে, কেৱল চাকৰিৰ পিছত নুঘূৰি নিজকে এজন সফল উদ্যোগী হিচাপে গঢ়ি তোলাটোৱে হৈছে বৰ্তমান সময়ৰ আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান আৰু সুযোগ। চৰকাৰে আগবঢ়োৱা বিত্তীয় সাহায্য আৰু এই বিশেষ প্ৰশিক্ষণৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰি নিজৰ সপোনসমূহ বাস্তৱায়িত কৰিবলৈ তেওঁ প্ৰশিক্ষাৰ্থীসকলৰ প্ৰতি আহ্বান জনায়।
তেওঁ আৰু উল্লেখ কৰে যে স্ব-নিয়োজনে কেৱল এজন ব্যক্তিক স্বাৱলম্বী কৰিয়েই ক্ষান্ত নাথাকে, বৰঞ্চ আন দহজনৰ বাবেও সংস্থাপনৰ পথ মুকলি কৰে। থলুৱা সম্পদ আৰু নিজৰ দক্ষতাৰ সঠিক প্ৰয়োগেৰে গঢ়ি তোলা ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগে জিলাখনৰ লগতে সমগ্ৰ ৰাজ্যৰ অৰ্থনীতি শক্তিশালী কৰাত মুখ্য ভূমিকা ল’ব বুলি মত প্ৰকাশ কৰি কয় যে, এখন ‘আত্মনিৰ্ভৰ অসম’ গঢ়ি তোলাৰ যি সপোন হাতত লোৱা হৈছে, সেই সপোন বাস্তৱত পৰিণত কৰাত যুৱ-উদ্যোগীসকলৰ অৱদান অপৰিহাৰ্য।
অনুষ্ঠানত নগাঁও ছোৱালী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° কুলেন চন্দ্ৰ দাস, ইডিপিৰ নোডেল বিষয়া ড° অমিয়া পাতৰ আৰু নগাঁও জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰৰ বিষয়া-কৰ্মচাৰীসকল উপস্থিত থাকে।