নগাঁও: বিগত দিনবোৰত কাৰ্বি পাহাৰত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ উপনৈ দিজুৰ বাঢ়নী পানীয়ে কলিয়াবৰ সমজিলাৰ অধীনৰ কলিয়াবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কালাপানী, দিজু ভেলী চাহ বাগিচা আৰু লেংটেং চাহ বাগিচা আদি কেইবাটাও অঞ্চল প্লাবিত কৰিছে। এই বানৰ ফলত অঞ্চলটোৰ প্ৰায় ৭৩২ গৰাকী লোক প্ৰভাৱিত হৈছে।
পৰিস্থিতিৰ গাম্ভীৰ্যলৈ লক্ষ্য ৰাখি আজি ২০ জুলাই তাৰিখে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই উক্ত বানাক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত তেখেতে বানপীড়িত ৰাইজৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ লগতে আশ্ৰয় শিবিৰসমূহত আশ্ৰয় লৈ থকা লোকসকলক প্ৰদান কৰা সাহাৰ্য আৰু প্ৰয়োজনীয় সুবিধাসমূহৰ সঠিকভাৱে পৰ্যবেক্ষণ কৰে। এই গুৰুত্বপূৰ্ণ সময়ছোৱাত কলিয়াবৰ সমজিলাৰ সম-আয়ুক্ত ৰাজ বৰুৱা, কলিয়াবৰ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসনৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।
উল্লেখযোগ্য যে পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ কলিয়াবৰ আৰু নগাঁও জিলাৰ ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনী (SDRF) আৰু অগ্নি নিৰ্বাপক তথা জৰুৰীকালীন সেৱা (F&ES) ৰ তৰফৰ পৰা এক যুটীয়া উদ্ধাৰ অভিযান চলোৱা হয়। এই তৎপৰ অভিযানৰ জৰিয়তে সকলো বানাক্ৰান্ত লোককে সুৰক্ষিতভাৱে উদ্ধাৰ কৰি প্ৰশাসনৰ দ্বাৰা নিৰ্ধাৰিত কৰা আশ্ৰয় শিবিৰসমূহলৈ স্থানান্তৰ কৰা হৈছে।
বানপীড়িত ৰাইজৰ আশ্ৰয়ৰ বাবে কলিয়াবৰ ৰাজহ চক্ৰই শালনা বাপুজী প্ৰাথমিক বিদ্যালয়, ২৩ নং দিজু ভেলী প্ৰাথমিক বিদ্যালয় আৰু আমগুৰি প্ৰাথমিক বিদ্যালয়ত মুঠ তিনিটা সাহায্য শিবিৰ স্থাপন কৰিছে। এই শিবিৰসমূহত আশ্ৰয় গ্ৰহণ কৰা প্ৰতিগৰাকী লোককে জিলা প্ৰশাসনৰ তৰফৰ পৰা সকলো ধৰণৰ প্ৰয়োজনীয় সাহায্য, খাদ্য-সামগ্ৰী আৰু জৰুৰীকালীন অত্যাৱশ্যকীয় সেৱা সুচাৰুৰূপে যোগান ধৰা হৈছে। বিপৰ্যয়ৰ এই সময়ত বানপীড়িত ৰাইজৰ সুৰক্ষা আৰু সেৱাৰ বাবে জিলা প্ৰশাসন সদায় উৎসৰ্গিতভাৱে সষ্টম হৈ আছে।