একঁকাল পানী ভাঙি বানাক্ৰান্তৰ বুজ ললে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই
নগাঁৱৰ বানাক্ৰান্তৰ কাষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা 


নগাঁও: নগাঁও জিলাৰ বিভিন্ন অঞ্চলত হোৱা ধাৰাবাহিক বৰষুণৰ ফলত বৃদ্ধি পোৱা নিশাৰী নৈৰ জলপৃষ্ঠ‌ই সদৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ৰঙালু গৰেহাগী গাঁওখন বুৰাই পেলাইছে। নৈৰ বাঢ়নী পানীয়ে অঞ্চলটোৰ প্ৰায় ৫০ টা পৰিয়ালৰ ঘৰ দুৱাৰ আৰু সম্পত্তিৰ  ক্ষতিসাধন কৰিছে। এই বিষয়টো গুৰুত্বসহকাৰে লৈ জিলা আয়ুক্ত  দেৱাশীষ শৰ্মাই আজি জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ ক্ষেত্ৰ বিষয়া টিটু দাস আৰু গাঁও প্ৰধানৰ সৈতে উক্ত বানপ্ৰভাৱিত অঞ্চলটি পৰিদৰ্শন কৰে। আজি চৰকাৰী কাৰ্যালয় বন্ধৰ দিনটোত এককাল পানীত বহুদূৰ খোজকাঢ়ি গৈ জিলা আয়ুক্তগৰাকীয়ে

স্থানীয় ক্ষতিগ্ৰস্ত বাসিন্দাসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকে সন্মুখীন হোৱা অসুবিধাসমূহৰ বুজ লয়। 


জিলা আয়ুক্ত গৰাকীয়ে ঘটনাস্থলীতে উপস্থিত বিষয়াক প্ৰয়োজনীয় নিৰ্দেশনাও প্ৰদান কৰে। 

উল্লেখযোগ্য যে, জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ বিভাগৰ লগতে জিলা প্ৰশাসনৰ তৰফৰ পৰা  উক্ত অঞ্চলৰ লোকসকলক সুৰক্ষিতভাৱে উদ্ধাৰ আৰু আশ্ৰয় প্ৰদানৰ বাবে ৰঙালু হাইস্কুলত এটা সাহায্য শিবিৰ গঢ়ি তোলা হৈছে। আয়ুক্তগৰাকীয়ে এতিয়াও নিজ ঘৰতে থকা পীড়িত লোকসকলক আশ্ৰয় শিবিৰটোলৈ আহিবলৈ অনুৰোধ জনায়,যাতে নিশাৰ ভিতৰত পানী বাঢ়িলেও অধিক বিপদৰ সন্মুখীন হ'ব লগীয়া নহয়। 

বানাক্ৰান্তৰ কাষত জিলা আয়ুক্ত দেৱাশীষ শৰ্মা


শৰ্মাই পিছত আশ্ৰয় শিবিৰটোও পৰিদৰ্শন কৰি প্ৰস্তুতি আৰু সাহায্য অভিযানৰ বুজ লয়। ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই  জিলা আয়ুক্তৰ নিৰ্দেশ ক্ৰমে  অঞ্চলটোত ততাতৈয়াকৈ পশুখাদ্য বিতৰণৰ ব্যৱস্থা কৰা হয়। জিলাখনত অধিক ক্ষতিগ্ৰস্ত কামপুৰ আৰু চামগুৰি ৰাজহ চক্ৰ অঞ্চলত উদ্ধাৰ আৰু সাহায্য অভিযান আজিও অব্যাহত আছে। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে যে, আজিৰে প্ৰায়বোৰ নৈৰ জলস্তৰ সামান্য নিম্নগামী হোৱা দেখা গৈছে।