নগাঁও : শেহতীয়া সংহাৰী বানত বিস্তৰভাবে ক্ষতিগ্ৰস্ত হোৱা শিৱসাগৰ জিলাৰ বানাক্ৰান্ত পৰিয়ালসমূহৰ সহায়ৰ বাবে নগাঁও জিলা প্ৰশাসনেও ব্যাপক সাহায্য অভিযান চলাই আছে। মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাই অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ পুঁজিৰে জৰুৰীভাবে শিৱসাগৰ জিলালৈ খাদ্য সামগ্ৰীৰ ৫০ হাজাৰ টোপোলা সাহায্য হিচাপে প্ৰেৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। 


জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু জিলা প্ৰশাসনৰ অক্লান্ত প্ৰচেষ্টাৰ ফলত বৰ্তমানলৈকে ১০,০০০ তকৈও অধিক জৰুৰী খাদ্য সামগ্ৰীৰ টোপোলা শিৱসাগৰলৈ প্ৰেৰণ কৰা হৈছে। একোটা টোপোলাত আছে ৮ কেজি চাউল, ২ কেজি দাইল, এক লিটাৰ মিঠাতেল আৰু আধা কেজি নিমখ। জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কথা প্ৰকাশ কৰি কয় যে, আজিৰ দিনটোতো ১০,০০০ ৰ পৰা ১২,০০০ হাজাৰ পেকেট প্ৰেৰণৰ প্ৰস্তুতি চলোৱাৰ সমান্তৰালকৈ আগন্তুক সময়ছোৱাত ১৬,০০০ পেকেট আৰু পৰৱৰ্তী পৰ্যায়ত সৰ্বমুঠ ৫০,০০০ তকৈও অধিক সাহায্য পেকেট বিতৰণৰ এক বৃহৎ লক্ষ্য ধাৰ্য কৰা হৈছে।জিলা আয়ুক্ত গৰাকীয়ে এই বিশাল প্ৰস্তুতিৰ নিজেই তদাৰক কৰিছে। 


সোমবাৰে দুপৰীয়া পলাশনিস্থিত গুদাম পৰিদৰ্শন কৰাৰ পিছত আবেলি নগাঁও আৰক্ষী আৰক্ষী ছাউনীৰ সমূহীয়া প্ৰেক্ষাগৃহত চলি থকা টোপোলা বন্ধা কাম পৰিদৰ্শন কৰে। এই পৰিদৰ্শন কালত কালত অতিৰিক্ত জিলা আয়ুক্ত মৃদুল বড়ো, অতিৰিক্ত জিলা আয়ুক্ত তথা জিলা দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ মুখ্য কাৰ্যবাহী বিষয়া দীপাংকৰ বৰ্মন, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা আৰু জিলা প্ৰকল্প বিষয়া বিজয়ন্ত গোস্বামীও উপস্থিত থাকে। জিলা আয়ুক্তই জনোৱা মতে, বানপীড়িত ৰাইজৰ কাষত সদায় থিয় দিয়াৰ সংকল্পৰে এই সাহায্য প্ৰক্ৰিয়া অধিক ক্ষীপ্ৰ কৰি তুলিবলৈ অতিৰিক্ত সাহায্য সম্ভাৰো প্ৰস্তুত কৰা হৈছে, যিসমূহ অতি সোনকালে শিৱসাগৰলৈ প্ৰেৰণ কৰা হ’ব। 


জিলাখনৰ তিনিটা স্থানত দিনে নিশাই শিৱসাগৰৰ বাবে সাহায্য সামগ্ৰীৰ টোপোলা বন্ধা আৰু প্ৰেৰণৰ কাম পূৰ্ণগতিত চলাই থকা হৈছে।