নগাঁও: দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ গ্ৰহণ কৰি অহা নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নগাঁও মেডিকেল কলেজৰ অধ্যাপক ডাঃ মনোজ কুমাৰ সিনহাৰ নিলম্বনৰ নিৰ্দেশনা আহি পৰিছে দ্যা নিউজ ছৰ্চ ৰ হাতত। 


নগাঁও মেডিকেল কলেজ আৰু চিকিৎসালয় (NMCH)-ৰ ফৰেনছিক বিভাগৰ অধ্যাপক ডাঃ মনোজ কুমাৰ সিনহাক সাময়িকভাৱে নিলম্বন কৰিছে অসম চৰকাৰৰ চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগে। 


জাৰি কৰা নিৰ্দেশনা অনুসৰি, নগাঁও মেডিকেল কলেজৰ অধ্যক্ষ-সহ-মুখ্য অধীক্ষকৰ পৰা প্ৰেৰণ কৰা প্ৰতিবেদন আৰু চিকিৎসা শিক্ষা সঞ্চালকৰ যোগাযোগৰ ভিত্তিত বিভাগে এই ব্যৱস্থা গ্ৰহণ কৰিছে। উল্লেখ্য যে, ডাঃ মনোজ কুমাৰ সিনহাক ২০ জুন, ২০২৬ তাৰিখে মৰণোত্তৰ পৰীক্ষা (Post-mortem Examination) সম্পৰ্কীয় কামত অবৈধ ধন বা ঘোচ দাবী আৰু গ্ৰহণ কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল । পিছত ২৫ জুন, ২০২৬ তাৰিখে আদালতে তেওঁক জামিন মঞ্জুৰ কৰে।

চৰকাৰী নিৰ্দেশনাত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে, ডাঃ মনোজ কুমাৰ সিনহাৰ বিৰুদ্ধে Assam Services (Discipline & Appeal) Rules, 1964-ৰ বিধান অনুসৰি বিভাগীয় শাস্তিমূলক ব্যৱস্থা (Disciplinary Proceeding) আৰম্ভ কৰাৰ প্ৰক্ৰিয়া চলি আছে। সেইবাবেই তদন্ত সম্পূৰ্ণ নোহোৱালৈকে তেওঁক ২০ জুন, ২০২৬ তাৰিখৰ পৰা কাৰ্যকৰী হোৱাকৈ সাময়িকভাৱে নিলম্বন কৰা হৈছিল।

নিলম্বনকালীন সময়ছোৱাত তেওঁ চৰকাৰী নিয়ম অনুসৰি Subsistence Allowance (জীৱিকা ভাট্টা) লাভ কৰিব। কিন্তু এই সময়ছোৱাত তেওঁ কোনো ধৰণৰ ব্যক্তিগত চিকিৎসা সেৱা, বেচৰকাৰী চাকৰি, ব্যৱসায়, পেছাগত বা আন কোনো ধৰণৰ কৰ্মত জড়িত থাকিব নোৱাৰিব।

ইয়াৰ উপৰিও চৰকাৰে নিৰ্দেশ দিছে যে, নিলম্বনকালীন সময়ত ডাঃ সিনহা মুখ্য কাৰ্যালয় (Headquarters) নগাঁওতে থাকিব লাগিব। অধ্যক্ষ-সহ-মুখ্য অধীক্ষকৰ লিখিত অনুমতি অবিহনে তেওঁ নগাঁও এৰি যাব নোৱাৰিব।

চিকিৎসা শিক্ষা আৰু গৱেষণা বিভাগৰ সচিব প্ৰণৱ কুমাৰ শৰ্মা, IAS-এ ই-স্বাক্ষৰিত এই অধিসূচনাৰ জৰিয়তে নিলম্বনৰ আদেশ জাৰি কৰিছে। লগতে নগাঁও মেডিকেল কলেজৰ অধ্যক্ষ-সহ-মুখ্য অধীক্ষকক নিলম্বনৰ সকলো চৰ্ত কঠোৰভাৱে পালন হোৱাটো নিশ্চিত কৰাৰ লগতে জীৱিকা ভাট্টা মুকলি কৰাৰ পূৰ্বে সেইবোৰৰ ওপৰত নজৰ ৰাখিবলৈও নিৰ্দেশ দিয়া হৈছে।

এই ঘটনাই পুনৰবাৰ চৰকাৰী চিকিৎসা ব্যৱস্থাত স্বচ্ছতা আৰু জবাবদিহিতাৰ বিষয়টোক উত্থাপন কৰিছে। বিভাগীয় তদন্তৰ ফলাফলৰ ওপৰত ভিত্তি কৰি আগন্তুক দিনত চৰকাৰে অধিক ব্যৱস্থা গ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে। 

উল্লেখযোগ্য যে, নিলম্বিত হোৱা চিকিৎসকজনৰ বিৰুদ্ধে মৰণোত্তৰ পৰীক্ষাৰ নামত উৎকোচ লোৱাৰ এটা ভিডিঅ সহ অভিযোগ লাভ কৰাৰ পাছতেই কঠোৰ হৈছিল নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মা। জিলা প্ৰশাসন আৰু নগাঁও আৰক্ষী প্ৰশাসনৰ তৎপৰতাত গ্ৰেপ্তাৰ হৈছিল চিকিৎসক মনোজ কুমাৰ সিনহাক।