নগাঁও: একাংশ ফাৰ্মাচীৰ বিৰুদ্ধে বিভিন্ন অনিয়ম, অবৈধভাৱে ঔষধ বিক্ৰীৰ অভিযোগ উৎথাপন হোৱাৰ সময়তে এনে ফাৰ্মাচীৰ বিৰুদ্ধে তৎপৰ হৈছে ঔষধ পৰিদৰ্শক। বিশেষকৈ নগাঁৱৰ একাংশ ফাৰ্মাচীয়ে ৰোগীৰ জীৱনক লৈ হেতালি খেলাৰ অভিযোগ প্ৰায়েই উত্থাপন হৈ আহিছে। মাজে সময়ে একাংশ অবৈধ ফাৰ্মাচীৰ বিৰুদ্ধে বিভাগীয় বিষয়াই অভিযানো চলাই আহিছে। এনে সময়ত বিগত দুটা দিনত নগাঁও জিলা ঔষধ পৰিদৰ্শকৰ সহযোগত অসম চৰকাৰৰ ঔষধ নিয়ন্ত্ৰণ বিভাগৰ কেবাটাও দলে নগাঁও চহৰ আৰু ইয়াৰ পাৰ্শ্বৱৰ্তী অঞ্চলত ম্যাদ ওকলা ঔষধ, ফাৰ্মাচীৰ অনুজ্ঞাপত্ৰ আদিৰ বিৰুদ্ধে অভিযান চলায়। এই অভিযানত বিভাগটোৰ নগাঁও, মৰিগাঁও, ডিব্ৰুগড়, কোকৰাঝাৰ, কাৰ্বিআংলং, কামৰূপ মেট্ৰ, হোজাই আদি কেবাখনো জিলাৰ ঔষধ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ পৰিদৰ্শক সকলে সহযোগিতা কৰে।
বুধবাৰে নগাঁও জিলাৰ চকৰীগাঁৱৰ হীৰক জ্যোতি বশিষ্ঠ নামৰ এজন লোকৰ এখন ফাৰ্মাচীত ঔষধ নিয়ন্ত্ৰণ কাৰ্যালয়ৰ পৰিদৰ্শকৰ দলে অভিযান চলায়। ফাৰ্মাচীখনৰ পাইকাৰী বিক্ৰেতা অনুজ্ঞাপত্ৰ আছে যদিও তেওঁ খুচুৰা বিক্ৰী কৰাৰ অভিযোগ উঠিছে। তদুপৰি ফাৰ্মাচীখন অধিক হাৰত 'ফিজিচিয়ানচ চেম্পল' ঔষধ পোৱা বুলি পৰিদৰ্শক জনে জনায়। পিচত পৰিদৰ্শকৰ দলটোৱে ফাৰ্মাচীখন বন্ধ কৰি দিয়ে।
ঔষধ পৰিদৰ্শকৰ দলটোৰ লগত থকা কামৰূপ মেট্ৰৰ এজন ঔষধ পৰিদৰ্শকে জনোৱা মতে ফাৰ্মাচীৰ স্বত্বাধিকাৰীজনে খুচুৰা বিক্ৰেতাৰ অনুজ্ঞাপত্ৰ উলিয়াই নললে তেওঁৰ দোকান বন্ধ থাকিব।
ইপিনে, মঙলবাৰ আৰু বুধবাৰে নগাঁও জিলাৰ বিভিন্ন প্ৰান্তত অভিযান চলাই কেবাখনো ফাৰ্মাচীত অনিয়ম চলি থকাৰ প্ৰমাণ লাভ কৰি ফাৰ্মাচী কেইখন বন্ধ কৰি দিয়ে।