নগাঁও: নগাঁও জিলাৰ বটদ্ৰৱাৰ ৰাইডঙীয়াত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই অঞ্চলটোত গভীৰ শোকৰ ছাঁ পেলাইছে। ৰাইডঙীয়াৰ গংগা ধাবাৰ সমীপত দুখন বেটাৰীচালিত যাত্ৰীবাহী বাহনৰ মাজত হোৱা মুখামুখি সংঘৰ্ষত থিতাতে নিহত হয় ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কুমাৰ দেৱনাথ। কৰ্মস্থলীলৈ যোৱাৰ পথতে সংঘটিত এই শোকাৱহ দুৰ্ঘটনাত এগৰাকী শিক্ষকৰ অকাল মৃত্যুৱে শিক্ষানুষ্ঠানখনৰ লগতে ধিং অঞ্চলৰ ৰাইজক শোকস্তব্ধ কৰি তুলিছে।
প্ৰাপ্ত তথ্য অনুসৰি, ধিঙৰ বাসিন্দা প্ৰদীপ কুমাৰ দেৱনাথে নগাঁৱৰ পৰা ধিঙলৈ গৈ থকা অৱস্থাত বটদ্ৰৱাৰ ৰাইডঙীয়াৰ গংগা ধাবাৰ সমীপত এই দুৰ্ঘটনা সংঘটিত হয়। সেই সময়তে AS 02 E C8613 আৰু AS 02 CR 6877 নম্বৰৰ দুখন বেটাৰীচালিত যাত্ৰীবাহী বাহনৰ মাজত মুখামুখি সংঘৰ্ষ হয়। এই ভয়ংকৰ সংঘৰ্ষৰ ফলত প্ৰদীপ কুমাৰ দেৱনাথৰ থিতাতে মৃত্যু হোৱা বুলি জানিব পৰা গৈছে।
ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ হিচাপে দায়িত্ব পালন কৰি অহা প্ৰদীপ কুমাৰ দেৱনাথৰ আকস্মিক মৃত্যুৰ বাতৰিয়ে ধিং অঞ্চলত গভীৰ শোকৰ সৃষ্টি কৰিছে। এগৰাকী শিক্ষকৰ এনে কৰুণ মৃত্যুত বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰী, অভিভাৱক তথা স্থানীয় ৰাইজ মৰ্মাহত হৈ পৰিছে।
ধিং অঞ্চলৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান এখনৰ দায়িত্বশীল পদত অধিষ্ঠিত এগৰাকী ব্যক্তিৰ এনেদৰে অকাল বিয়োগে অঞ্চলটোৰ শৈক্ষিক সমাজৰ বাবেও এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে।
আনহাতে, জনবহুল পথত বেটাৰীচালিত যাত্ৰীবাহী বাহনৰ মাজত সংঘটিত এনে ভয়ংকৰ সংঘৰ্ষই পুনৰ পথ সুৰক্ষাৰ বিষয়টোক চৰ্চালৈ আনিছে। দুৰ্ঘটনাটোৰ কাৰণ সম্পৰ্কে অৱশ্যে অধিক তথ্য জানিব পৰা হোৱা নাই।
ধিং খগেশ্বৰ বৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ প্ৰদীপ কুমাৰ দেৱনাথৰ মৃত্যুত সমগ্ৰ ধিং অঞ্চলতে শোকাকুল পৰিৱেশে বিৰাজ কৰিছে।