পূৰ্ণগতিত হেৰাপতি আমতলা সংযোগী পথ মেৰামতিৰ কাম
নগাঁও: নগাঁৱৰ কেবাটাও গুৰুত্বপূৰ্ণ পথৰ দুৰৱস্থাৰ বাবে যাতায়তৰ ক্ষেত্ৰত যমৰ যাতনা ভোগ কৰি আহিছে পথচাৰীয়ে। বিশেষকৈ নগাঁও নলতলী পথৰ ম’হখুলিৰ পৰা পলাশনীৰ পৰা দলং পৰ্যন্ত ৰাজ্যিক ঘাইপথৰ মাজত সৃষ্টি হৈছে বহুতকেইটা গাতৰ। আনকি প্ৰায়েই সৰু বৰ দুৰ্ঘটনাও সংঘটিত হৈছে। যাৰ ফলত পথটিৰে যাতায়ত কৰাটো একেবাৰে অসম্ভৱ হৈ পৰিছে। পথটিৰে যাতায়ত একপ্ৰকাৰ অসম্ভৱ হৈ পৰাত ৰূপহীহাটৰ সচেতন ৰাইজে দীৰ্ঘদিনীয়া সমস্যটো সমাধানৰ বাবে কাষ চাপে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ। জিলা আয়ুক্তক সাক্ষাৎ কৰি ৰূপহীহাট, চামগুৰিৰ সচেতন ৰাইজে দাবী জনোৱাত জিলা আয়ুক্তই হস্তক্ষেপ কৰি পথটি মেৰামতিৰ বাবে লোকনিৰ্মাণ বিভাগক নিৰ্দেশ দিয়ে। অৱশেষত জিলা আয়ুক্তৰ নিৰ্দেশত লোকনিৰ্মাণ বিভাগে পথটি মেৰামতিৰ কাম আৰম্ভ কৰে। সোমবাৰৰ পৰা লোক নিৰ্মাণ বিভাগে আৰম্ভ কৰে নগাঁও-নলতলী ৰাজ্যিক ঘাপথৰ ম’হখুলিৰ পৰা পলাশনি দলং পৰ্য্যন্ত পথ মেৰামতিৰ কাম। ইপিনে, নগাঁও জিলাৰ হেৰাপতিৰ পৰা আমতলা সংযোগী পথটিৰো অৱস্থা শোচনীয় হৈ পৰাত ৰাইজে উক্ত পথটিৰো মেৰামতিৰ বাবে জিলা আয়ুক্তক দাবী জনাইছিল স্থানীয় ৰাইজে। স্হানীয় ৰাইজৰ দাবীক সহাঁৰি জনাই জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ নিৰ্দেশত এই পথটিৰো মেৰামতিৰ কাম আৰম্ভ হয়।
দুয়োটা পথৰ দুৰৱস্থাৰ মেৰামতিৰ কাম আৰম্ভ কৰাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে ৰাইজে। এই সন্দৰ্ভত সচেতন ৰাইজে কয়, “এনেকুৱা জিলা আয়ুক্ত আমি পুৰ্বে কেতিয়াও পোৱা নাই। ৰাইজৰ সমস্যাক গুৰুত্ব দি তাৎক্ষণিক সমাধানৰ ব্যৱস্থা কৰা, ৰাইজৰ সমস্যাৰ বুজ লোৱাকে আদি কৰি প্ৰশাসনিক দক্ষতা থকা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ কাম কাজত আমি আপ্লুত হৈছোঁ।”