নগাঁও : নীট পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল আৰু যন্ত্ৰ মন্তৰত হৈ থকা প্ৰতিবাদৰ সময়তে বৃহস্পতিবাৰে নগাঁৱতো উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ছাত্ৰ ছাত্ৰীয়ে। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে একাংশ কংগ্ৰেছ নেতাৰ উচ্চতনিত ছাত্ৰ ছাত্ৰীয়ে সাব্যস্ত কৰা প্ৰতিবাদত উত্তাল হৈ পৰে নগাঁও চহৰ। প্ৰশাসনৰ কোনো অনুমতি অবিহনেই হঠাৎ নগাঁৱৰ ৰাজপথলৈ ওলাই অহা ছাত্ৰ ছাত্ৰীৰ প্ৰতিবাদত বাধা প্ৰদানৰ চেষ্টা কৰে নগাঁও আৰক্ষীয়ে। কিন্তু আৰক্ষীৰ বাধা কোনো নেওচি প্ৰতিবাদ অব্যাহত ৰখাৰ চেষ্টা কৰাৰ সময়তে এক উত্তাল পৰিৱেশৰ সৃষ্টি হয় নগাঁও চহৰৰ মাজমজিয়াত। নগাঁও চহৰৰ ক্লক টাৱাৰৰ সমীপত শতাধিক ছাত্ৰ ছাত্ৰী উপস্থিত হৈ হঠাৎ প্ৰতিবাদ সাব্যস্ত কৰাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। প্ৰতিবাদত অংশগ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীক উচটনি দিয়াৰ অভিযোগত নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ বাধ্য হয় কংগ্ৰেছ নেতা বিৰিঞ্চি বৰাক। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদত অংশগ্ৰহণ কৰা আন একাংশ ছাত্ৰকো আটক কৰিবলৈ বাধ্য হয় নগাঁও আৰক্ষী। অৱশ্যে পৰৱৰ্তী সময়ত নগাঁও জিলা প্ৰশাসন আৰু আৰক্ষীৰ সহযোগত পৰিস্থিতি নিয়ন্ত্ৰণলৈ আহে।
শান্তিপূৰ্ণ নগাঁও জিলাখনত হঠাৎ ছাত্ৰ ছাত্ৰীয়ে প্ৰতিবাদ সাব্যস্ত কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতেই ছাত্ৰ ছাত্ৰীসকলক কাটৰ অনুৰোধ জনাই এক ভিডিঅ' বাৰ্তা প্ৰেৰণ কৰে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা ভিডিঅ' বাৰ্তাৰ জৰিয়তে নগাঁৱৰ জিলা আয়ুক্ত দেৱাশী শৰ্মাই কয়, " মই ছাত্ৰ ছাত্ৰীসকলক কাঠৰ অনুৰোধ জনাইছোঁ ছাত্ৰ ছাত্ৰীসকল যাতে বিপথে পৰিচালিত নহয় অন্যথা তেওঁলোকৰ বিৰুদ্ধে আমি বিধিগত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। তেওঁলোকৰ আৱেগ তেওঁলোকৰ অনুভূতি আমি ভালকৈ বুজি পাইছোঁ। কিন্তু হঠাৎ ৰাজপথলৈ ওলাই আহি এইদৰে প্ৰতিবাদৰ নামত উত্তাল পৰিৱেশ সৃষ্টি কৰা কিমান যুক্তিসংগত হৈছে সেইটো আমি এবাৰ উপলব্ধি কৰিব লাগিব। কাৰো উচতনিত এনে কাম কৰাৰ বিপৰীতে আপোনালোকৰ কিবা ক'বলগীয়া থাকিলে আমাৰ কাষত আহক আৰু কথা পাতক। কোনেও সামাজিক শৃংখলা বিঘ্নিত কৰাৰ চেষ্টা নকৰিব। প্ৰশাসনৰ আগতীয়া অনুমতি অবিহনে ৰাজপথত কোনো কাৰ্যসূচীৰ গ্ৰহণ নকৰিব। অন্যথা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব।"