নগাঁও :  ৰাজ্যৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু নগাঁও জিলা প্ৰশাসনৰ সহযোগত নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টি ভিত্তিত নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সংগীত শিল্পী মঞ্চত  আয়োজন কৰা গ্ৰীষ্মকালীন কৰ্মশালাখন বৃহস্পতিবাৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই শুভ উদ্বোধন কৰে। 

এই উপলক্ষে দিয়া ভাষণত জিলা আয়ুক্ত‌ই কৰ্মশালাখনৰ উদ্দেশ্য আৰু গুৰুত্বৰ বিষয়ে আলোকপাত কৰি কয় যে গ্ৰীষ্মকালীন বন্ধৰ এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীসকলে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ অমৰ সৃষ্টিৰাজি আৰু অসমৰ লোক-সংস্কৃতিৰ চৰ্চা কৰাটো অত্যন্ত আদৰণীয় পদক্ষেপ। তেওঁ লগতে উল্লেখ কৰে যে এনে সাংস্কৃতিক কাৰ্যসূচীয়ে নতুন প্ৰজন্মক নিজৰ ঐতিহ্যৰ সৈতে চিনাকি কৰাই দিয়াৰ লগতে তেওঁলোকৰ মানসিক আৰু আধ্যাত্মিক বিকাশতো সহায় কৰিব।

 

নগাঁও সাংস্কৃতিক উন্নয়ন বিষয়া নম্ৰতা বৰাই আঁত ধৰা উদ্বোধনী অনুষ্ঠানটোত জিলাখনৰ ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি, সংগীত শিল্পী মঞ্চৰ সন্মানীয় কৰ্মকৰ্তাসকল, বিষয়ববীয়াসকল, প্ৰশিক্ষাৰ্থীসকল আৰু তেওঁলোকৰ অভিভাৱকসকল উপস্থিত থাকে। নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বালক বিদ্যালয়ৰ সংগীত শিল্পী মঞ্চত আয়োজন কৰা এই কৰ্মশালাখনত অংশগ্ৰহণ কাৰা  নৱপ্ৰজন্মৰ মাজত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত আৰু অসমৰ চহকী লোকসংগীতৰ প্ৰশিক্ষণ প্ৰদান কৰি থকা হৈছে।  কৰ্মশালাখন অহা ৩০ জুলাইলৈ অনুষ্ঠিত হ'ব। জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে যে, জিলাখনৰ সাতোটা বিধানসভা সমষ্টিৰ প্ৰতিটোতে  দুখনকৈ এনে পষেকীয়া কৰ্মশালা অনুষ্ঠিত হৈছে, য'ত ভিন ভিন বিষয়ত বিশেষজ্ঞ ব্যক্তিৰ দ্বাৰা প্ৰশিক্ষণ প্ৰদান কৰা হৈছে। নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ অন্তৰ্গত দ্বিতীয়খন কৰ্মশালা অনুষ্ঠিত হৈছে বৰদোৱা থানৰ আই খেৰসূতী মুকলি মঞ্চত সত্ৰীয়া নৃত্য বিষয়ত। যোৱা ১৪ জুলাইত আৰম্ভ হোৱা এই কৰ্মশালাখনৰ ২৯ জুলাইত সামৰণি পৰিব। কলিয়াবৰ বিধানসভা সমষ্টিৰ ড: টি আও ষ্টেডিয়ামত  নৃত্য বিষয়ক কৰ্মশালাখন আৰু নলতলি আৰিমৰাৰ পশ্চিম কলিয়াবৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত  ভূপেন্দ্ৰ সংগীত বিষয়ক কৰ্মশালাখন আজিৰে পৰা আৰম্ভ হৈছে আৰু অহা ৩১ জুলাইত সামৰণি পৰিব।  বঢ়মপুৰ সমষ্টিৰ অন্তৰ্গত চাপানলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ জুলাইৰ পৰা ৩১ জুলাইলৈকে "আৱৰ্জনা সামগ্ৰীৰ পৰা শিল্পসৃষ্টিৰ ধাৰণা, টেৰাকোটা, ধ্যান আৰু মাটি আখৰা, ড° ভূপেন্দ্ৰ সংগীত" আদি বিষয়ত, আৰু যমুনামুখৰ শংকৰদেৱ শিশু নিকেতনত ১৭ জুলাইৰ পৰা ৩১ জুলাইলৈকে "নাটক", বিষয়ত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে। ৰহা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰহা মাধ্যমিক বিদ্যালয়, পুৰণা চাৰিআলিত ১৬ জুলাইৰ পৰা ৩০ জুলাইলৈকে "নাটক, মাটি আখৰা(সত্ৰীয়া নৃত্য)" আদি বিষয়ত, আৰু শঙ্কৰদেৱ চিত্ৰকলা বিদ্যালয়ত, হাতিচুং, চামুৱাগাওঁত ১২ জুলাইৰ পৰা ২৬ জুলাইলৈকে "শঙ্কৰী চিত্ৰ, লোক নৃত্য, খোল বাদ্য", বিষয়ত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে।


ধিং সমষ্টিৰ অন্তৰ্গত আঠগাওঁ মাধ্যমিক বিদ্যালয়ত ১৫ জুলাইৰ পৰা ২৯ জুলাইলৈকে "পৰম্পৰাগত সত্ৰীয়া মুখা প্ৰস্তুত,  অসমীয়া ভাওনাৰ পৰম্পৰাগত প্ৰসাধন আৰু সাজ-সজ্জা" আদি বিষয়ত আৰু মহাদেৱ নাট্য মন্দিৰ, ধিংত ১১ জুলাইৰ পৰা ২৫ জুলাইলৈকে " নাটক" বিষয়ত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে।চামগুৰি সমষ্টিৰ অন্তৰ্গত ডিফলু প্ৰাথমিক বিদ্যালয়ত ১৫ জুলাইৰ পৰা ৩০ জুলাইলৈকে " হিন্দুস্তানী শাস্ত্ৰীয় সংগীত আৰু ভূপেন্দ্ৰ সংগীত " আদি বিষয়ত, আৰু ৰূপহী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৬ জুলাইৰ পৰা ৩০ জুলাইলৈকে "নাটক" বিষয়ত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে।


ৰূপহীহাত সমষ্টিৰ অন্তৰ্গত জুৰিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ১৪ জুলাইৰ পৰা ২৯ জুলাইলৈকে " সত্ৰীয়া নৃত্য আৰু পৰম্পৰাগত নৃত্য" আদি বিষয়ত আৰু  জুৰিয়া ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ত ১৬ জুলাইৰ পৰা ৩০ জুলাইলৈকে "যোগ, সত্ৰীয়া নৃত্য আৰু অসমৰ পৰম্পৰগত লোক নৃত্য" বিষয়ত গ্ৰীষ্মকালীন কৰ্মশালা আয়োজন কৰা হৈছে।