নগাঁও: নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ ক্ষেত্ৰত আন এক উল্লেখযোগ্য সংযোজন ঘটিল। নগাঁও পৌৰসভাৰ উদ্যোগত কলঙ নদীৰ বুকুত নিৰ্মাণ কৰা হৈছে এক দৃষ্টিনন্দন ভাৰ্টিকেল গাৰ্ডেন, যিয়ে ইতিমধ্যে নগৰবাসী তথা পথচাৰীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
স্থানীয় বিধায়ক ৰূপক শৰ্মাই আমাৰ নগাঁও আমাৰ গৌৰৱ শ্ল’গানেৰে নগাঁৱক জাকত জিলিকা কৰাৰ বাবে গ্ৰহণ কৰি অহা পদক্ষেপৰ অংশ হিচাপেই নগাঁও পৌৰসভাই নগাঁও চহৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ বাবে গ্ৰহণ কৰি আহিছে নানা পদক্ষেপ।
চহৰখনক অধিক পৰিষ্কাৰ, সেউজীয়া আৰু নান্দনিক ৰূপ দিবলৈ নগাঁও পৌৰসভাই গ্ৰহণ কৰি অহা বিভিন্ন পদক্ষেপৰ শৃংখলাত এই নতুন উদ্যোগেও বিশেষ সমাদৰ লাভ কৰিছে। কলঙ নদীৰ ওপৰত অৱস্থিত আনন্দৰাম ঢেকীয়াল ফুকন দলং আৰু কাষতে নিৰ্মাণ হোৱা নতুন দলঙৰ মাজৰ অংশত এই ভাৰ্টিকেল গাৰ্ডেন স্থাপন কৰা হৈছে।

সৌন্দৰ্যবৰ্দ্ধনৰ আৰু এখোজ নগাঁও চহৰৰ
সেউজীয়া গছ-গছনিৰে সজোৱা এই গাৰ্ডেনৰ সৈতে সংযোজন কৰা হৈছে মনোমোহা আলোকসজ্জা। সন্ধিয়া নামি অহাৰ লগে লগে ৰঙীন পোহৰত জিলিকি উঠে ‘I Love Nagaon’ (আই লাভ নগাঁও) আৰু ‘আমাৰ নগাঁও, আমাৰ গৌৰৱ’ , যিয়ে নগাঁও চহৰৰ সৌন্দৰ্যক নতুন মাত্ৰা প্ৰদান কৰিছে।
বিশেষকৈ নিশাৰ সময়ত কলঙৰ বুকুত প্ৰতিফলিত এই আলোকসজ্জাই সৃষ্টি কৰে এক মনোমোহা পৰিৱেশ। ফলত প্ৰতিদিনে বহু লোক এই স্থানলৈ আহি ফটোগ্ৰাফী, ছেলফী তোলা আৰু মনোৰম মুহূৰ্ত উপভোগ কৰা দেখা গৈছে।

সৌন্দৰ্যবৰ্দ্ধনৰ আৰু এখোজ নগাঁও চহৰৰ
নগাঁও পৌৰসভাৰ এই নান্দনিক পদক্ষেপে কেৱল চহৰৰ সৌন্দৰ্যই বৃদ্ধি কৰা নাই, বৰঞ্চ নগাঁওবাসীৰ মাজত নিজৰ চহৰক লৈ গৌৰৱৰ অনুভূতিকো অধিক শক্তিশালী কৰি তুলিছে। ‘স্বচ্ছ, সেউজীয়া আৰু আধুনিক নগাঁও’ গঢ়াৰ লক্ষ্যৰে পৌৰসভাই আগবঢ়াই অনা এনে পদক্ষেপসমূহে ভৱিষ্যতেও চহৰখনক অধিক আকৰ্ষণীয় কৰি তুলিব বুলি নগৰবাসীয়ে আশা প্ৰকাশ কৰিছে।