নগাঁও: ৰাষ্ট্ৰীয় মহিলা আয়োগে মহিলা সম্পৰ্কীয় অমিমাংসিত গোচৰৰ ক্ষেত্ৰত ৰাজহুৱা শুনানী গ্ৰহণ কৰিব।-আজি নগাঁৱত এই মন্তব্য কৰে ।
ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা বিজয়া ৰহাটকৰে।বিস্তৃত কাৰ্যসূচীৰে নগাঁও জিলাত উপস্থিত হোৱা ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা গৰাকীয়ে নগাঁও আৰক্ষীৰ সভাকক্ষত অনুষ্ঠিত এক সংবাদমেলত সাংবাদিকে সমগ্র দেশতে ৰাষ্ট্ৰীয় মহিলা আয়োগৰ ওচৰত মহিলা সম্পৰ্কীয় প্ৰায় ৪০ হাজাৰ গোচৰ অমিমাংসিত হৈ থকাৰ বিষয়ে উনুকিয়াই দিয়াত তেওঁ কয় যে- এই গোচৰ সমূহ নিস্পতি কৰিবৰ বাবে ৰাষ্ট্ৰীয় মহিলা আয়োগে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।আমি ভুক্তভোগীৰ ওচৰলৈ যাব লাগিব।আমি মহিলা ৰাজহুৱা শুনানীৰ পদক্ষেপ গ্ৰহণ কৰিছো।আৰক্ষীকো আমি এই পৰামৰ্শ দিছো।কাৰণ বহু মহিলা গোচৰ সম্পৰ্কত অজ্ঞ।আৰ্থিকভাবেও সক্ষম নহয়। ইপিনে গাৰ্হস্থ্য হিংসাৰ সম্পৰ্কত পুৰুষৰ সমান্তৰাল ভাবে একাংশ মহিলাও জগৰীয়া বুলি সাংবাদিকে উনুকিয়াই দিয়াত তেওঁ এই কথা স্বীকাৰ কৰি মহিলা সকলকো সহনশীল হবলৈ আহ্বান জনায়।
ইপিনে সংবাদ মেলৰ পূৰ্বে আজি কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰে।প্ৰথমে নগাঁও জিলা পৰিষদৰ সভা কক্ষত জিলাখনৰ অৰুনোদয় , প্ৰধানমন্ত্ৰী আবাস যোজনা, জননী সুৰক্ষা যোজনা, মাতৃ বন্দনা, মুখ্যমন্ত্ৰী উদ্যমিতা আঁচনিৰ হিতাধিকাৰী, অসম ৰাজ্যিক জীৱিকা অভিযানৰ আত্ম সহায়ক গোট সমূহৰ সদস্যা, ভি.অ’ সদস্যা, চি.এল.এফৰ সদস্যা আৰু লাখপতি বাইদেউ সকলৰ লগত এক সৌহাদ্যপূৰ্ণ অন্তৰংগ মত বিনিময় কাৰ্যসূচীত মিলিত হৈ এই আঁচনি সমূহৰ জৰিয়তে তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ডৰ পৰিৱৰ্তন, সামাজিক মৰ্যাদা আৰু তেওঁলোকৰ মানসিক পৰিৱৰ্তনৰ সন্দৰ্ভত বুজ লয় ।
অধ্যক্ষা গৰাকীয়ে কয় যে, মহিলা সকলে যদি একত্ৰিত হৈ যিকোনো কামত অগ্ৰসৰ হয়, তেতিয়া ই সমাজৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰে আৰু সমাজখন এক শুদ্ধ পথত আগবাঢ়ে । তেখেতে উল্লেখ কৰে যে, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ উদ্দেশ্যই হৈছে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে মহিলাৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহ সঠিক ৰূপায়ণ হৈছেনে তাক নিৰীক্ষণ কৰা আৰু এই আঁচনি সমূহৰ জৰিয়তে মহিলা সকল ৰাজনৈতিক, অৰ্থনৈতিক আৰু সামাজিকভাবে কিমান আত্মনির্ভশীল হৈছে তাক সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰা ।
তেখেতে উল্লেখ কৰে যে, মা কামাখ্যাৰ আশীৰ্বাদ প্ৰাপ্ত অসমখন মহিলাক সন্মান প্ৰদান কৰা এখন অন্যতম ৰাজ্য । ডঃ ভূপেন হাজৰিকাদেৱৰ জন্ম স্থান এই অসম ভূমি সাংস্কৃতিক ক্ষেত্ৰত অতিকৈ চহকী আৰু ইয়াৰ কলা সংস্কৃতিয়ে সদায় তেওঁক আপ্লুত কৰি ৰাখিছে ।তেখেতে সভাত উপস্থিত যিসকল মহিলাই চৰকাৰৰ জনকল্যাণমুখী আঁচনিৰ জৰিয়তে নিজকে সুপ্ৰতিষ্ঠিত কৰিছে তেওঁলোকক আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰে । জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ কুমাৰ চিকাৰীয়াই আঁত ধৰা আজিৰ এই অনুষ্ঠানত অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষা আঙুৰলতা ডেকা, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ যুটীয়া সচিব ৰাধিকা চক্ৰৱৰ্তী, নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মা, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অৱৰ সচিব শালিনী ৰস্তুগী, অসম ৰাজ্যিক মহিলা আয়োগৰ উপাধ্যক্ষা বৰ্ণালী শইকীয়া বৰা, জিলা পৰিষদৰ সভানেত্ৰী গীতাঞ্জলি হাজৰিকা ,অসম ৰাজ্যিক মহিলা আয়োগৰ সদস্যা মামণি বৰাকে প্ৰমুখ্য কৰি জিলা পৰিষদ আৰু অসম ৰাজ্যিক জীৱিকা অভিযানৰ বিষয়াসকল উপস্থিত থাকে ।
ইয়াৰ পিছতে অধ্যক্ষা গৰাকীয়ে নগাঁৱৰ আমনি স্থিত সম্প্ৰসাৰণ প্ৰশিক্ষণ কেন্দ্ৰ, গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানৰ প্ৰেক্ষাগৃহত ৰাষ্ট্ৰীয় মহিলা আয়োগ, ভাৰত চৰকাৰৰ, অসম চৰকাৰ আৰু গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠান , অসমৰ দ্বাৰা আয়োজিত “she is a changemaker” শীৰ্ষক পঞ্চায়তৰ নিৰ্বাচিত মহিলা প্ৰতিনিধি সকলৰ এক সজাগতা কৰ্মশালাৰ কাৰ্যসূচীৰ বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে । উক্ত কাৰ্যসূচীৰ আদৰণি ভাষণ প্ৰদান কৰে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই আৰু উদ্দেশ্য বাখ্যা কৰে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ বিশেষ সচিব মুনিন্দ্ৰ শৰ্মাই ।সভাখনত ৰাজনীতিত মহিলা সকলৰ সবল অংশগ্ৰহণৰ বাবে চৰকাৰৰ মহিলা সংৰক্ষণ বিধেয়কৰ ওপৰত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ অধ্যক্ষা গৰাকীয়ে কয় যে, ৰাজনৈতিক ক্ষেত্ৰত মহিলাসকলে তেওঁলোকৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষেত্ৰত পৰনির্ভৰ নহৈ নিজৰ সিদ্ধান্ত নিজেই গ্ৰহণ কৰিব লাগিব । তেতিয়াহে আমাৰ দেশৰ লগতে সমাজখন সকলো ক্ষেত্ৰতে আগবাঢ়ি যাব পাৰিব । বাল্যবিবাহ, যৌতুক প্ৰথা, গাৰ্হস্থ্য হিংসাৰ ক্ষেত্ৰত অনুষ্ঠানত উপস্থিত নিৰ্বাচিত পঞ্চায়ত প্ৰতিনিধি সকলক সতৰ্ক দৃষ্টি ৰখাৰ লগতে নাৰী শিক্ষা, আৰু চৰকাৰী আঁচনিৰ পৰা যাতে কোনো এগৰাকী মহিলা বঞ্চিত নহয়, তাৰ প্ৰতি সদা সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় ।
তেখেতে কন্যা শিক্ষাৰ প্ৰচাৰৰ বাবে ভাৰত চৰকাৰ “বেটি বচাও, বেটি পঢ়াও” লগতে ৰাজ্য চৰকাৰৰ “নিযুত মইনা আঁচনি” আৰু মহিলা সৱলীকৰণৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ ” মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনিৰ” ভূয়সী প্ৰশংসা কৰে । এই ভ্ৰমণসূচীত নগাঁও জিলা প্ৰশাসনৰ অতিথ্যৰ বাবে তেওঁ প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে ।
আজিৰ এই অনুষ্ঠানতে অধ্যক্ষা গৰাকীয়ে “পঞ্চায়ত কি জননায়িকাই” শীৰ্ষক এখনি পুস্তিকাৰ শুভ উন্মোচন কৰে । অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ যুটীয়া সঞ্চালক অনুপম দত্তই । আজিৰ এই অনুষ্ঠানত নগাঁও আৰু হোজাই জিলাৰ জিলা পৰিষদৰ সভানেত্রী দ্বয়কে প্ৰমুখ্য কৰি জিলা দুখনৰ জিলা পৰিষদ, আঞ্চলিক পঞ্চায়ত, গাঁও পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচিত মহিলা প্ৰতিনিধি সকল উপস্থিত থাকি কৰ্মশালাখনিত প্ৰশিক্ষণ গ্ৰহণ কৰে ।
অধ্যক্ষা গৰাকীয়ে ইয়াৰ পিছতেই জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত সংশ্লিষ্ট বিভাগৰ বিষয়াসকলৰ লগত এক পৰ্য্যালোচনা বৈঠকত মিলিত হয় । সভাৰ আৰম্ভণিতে অধ্যক্ষা গৰাকীক জিলা প্ৰশাসনৰ হৈ জিলা আয়ুক্ত গৰাকীয়ে সম্ভাষণ জনাই লগতে জিলা আয়ুক্ত গৰাকীৰ বিশেষ উদ্যোগত উপস্থিত সকলোৱে ড° ভূপেন হাজৰিকাৰ কালজয়ী গীত ” মানুহে মানুহৰ বাবে” সমস্বৰে পৰিৱেশন কৰি অধ্যক্ষা গৰাকীক উষ্ম আদৰনি জনায় ।
উক্ত সভাত অধ্যক্ষা গৰাকীয়ে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যান, জলসিঞ্চন, One Stop Center আদিকে ধৰি বিভিন্ন বিভাগৰ পৰা তেওঁলোকে মহিলাৰ বাবে গ্ৰহণ কৰা আঁচনি সমূহৰ বুজ লয় । অধ্যক্ষা গৰাকীয়ে নগাঁও আৰক্ষী নিবেশৰ সভা কক্ষত জ্যেষ্ঠ আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ লগতে জেষ্ঠ আৰক্ষী বিষয়াসকলৰ লগত মহিলাৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা কাৰ্যব্যৱস্থাৰ ওপৰত এখনি বৈঠকত মিলিত হয় ।
লগতে পঢ়ক: জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ অভিযোগনামা সন্দৰ্ভত মন্তব্য আঙুৰলতা ডেকাৰ
