নেশ্যনেল ডেস্ক: কেইদিনমান পূৰ্বলৈকে আছিল কোটি টকাৰ ব্যৱসায়। আছিল চাৰিখন দোকান, ছটা কাপোৰৰ গুদাম। ব্যস্ত আছিল ব্যৱসায়ত, চলি আছিল পৰিয়ালৰ বিলাসী জীৱন।


কিন্তু কেইমিনিটমানৰ ভিতৰতে নেপালৰ ত্ৰিশূলী বজাৰত নামি আহিল যেন প্ৰলয়! প্ৰলয়ংকাৰী বানৰ সৈতে নামি আহিল বোকা, শিল আৰু ধ্বংসাৱশেষ..

আৰু চকুৰ সন্মুখতে উটি গ'ল বছৰ বছৰ ধৰি গঢ়ি তোলা এখন ব্যৱসায়িক সাম্ৰাজ্য।


এই ধ্বংসৰ মাজতে থিয় হৈ থকা বলিয়াৰ ব্যৱসায়ী অশোক চৌৰাছিয়াৰ কাহিনীয়ে এতিয়া সকলোৰে চকু সেমেকাই তুলিছে।


উত্তৰ প্ৰদেশৰ বলিয়াৰ ৰাসড়া অঞ্চলৰ অশোকে বিগত প্ৰায় ২০ বছৰ ধৰি নেপালৰ ত্ৰিশূলী বজাৰত কাপোৰৰ ব্যৱসায় কৰি আহিছিল। কিন্তু ২৬ আগষ্টৰ ভয়ংকৰ বানত তেওঁৰ চাৰিখন দোকান আৰু ছটা কাপোৰৰ গুদাম সম্পূৰ্ণৰূপে ধ্বংস হয়।


স্থানীয় সংবাদমাধ্যমৰ তথ্য অনুসৰি, তেওঁৰ প্ৰায় চাৰে চাৰি কোটি টকাৰ সম্পত্তি এই দুৰ্যোগত শেষ হৈ যায়। কিন্তু অশোকৰ বাবে ক্ষতি কেৱল টকাৰ নহয়। এই বানত তেওঁৰ ভাতৃ-বোৱাৰী আৰু ভতিজাও সন্ধানহীন হৈ পৰিছে।


অশোকে বৰ্ণনা কৰা মতে, আৰক্ষীয়ে উদ্ধাৰ কৰা এটা মৃতদেহ ইমানেই বেয়াকৈ পচি গৈছিল যে চিনাক্ত কৰাটোও কঠিন হৈ পৰিছিল। পৰিয়ালৰ আপোন মানুহক হেৰুৱাৰ বেদনা আৰু তাৰ ওপৰত জীৱনজোৰা সঞ্চয় শেষ হোৱাৰ যন্ত্ৰণাত এতিয়া দিন অতিবাহিত কৰিছে অশোকে। 


অশোকৰ মুখৰ এটাই কথা এতিয়া যেন সমগ্ৰ দুৰ্যোগৰ ছবি হৈ পৰিছে।  “মোৰ একো বাকী নাই... আনকি গাত থকা এই কাপোৰযোৰো মই কাৰোবাৰ পৰা ধাৰ কৰি পিন্ধিছোঁ।” ২০ বছৰ ধৰি যি বজাৰত ব্যৱসায় কৰি জীৱন গঢ়িছিল, সেই বজাৰখন এতিয়া পৰিণত হৈছে বোকা আৰু ধ্বংসাৱশেষৰ স্তূপলৈ।


ত্ৰিশূলী বজাৰত প্ৰায় ৬০ টা ঘৰ উটি যোৱাৰ তথ্যও প্ৰকাশ পাইছে। দুখন কংক্ৰিটৰ দলং ধ্বংস হোৱাৰ লগতে বিদ্যুৎ আৰু জলবিদ্যুৎ প্ৰকল্পতো ব্যাপক ক্ষতি হৈছে।


এই বিপৰ্যয় কেৱল ত্ৰিশূলী বজাৰতে সীমাবদ্ধ নহয়। ৰাসুৱা, নুৱাকোট, ধাদিংকে ধৰি নেপালৰ বিস্তীৰ্ণ অঞ্চলত বান আৰু ভূমিস্খলনে সৃষ্টি কৰিছে অভূতপূৰ্ব ধ্বংসযজ্ঞ।


শেহতীয়া ৰয়টাৰ্ছৰ প্ৰতিবেদন অনুসৰি, এই দুৰ্যোগত নেপালত কমেও ৯৩৯ জন লোকৰ মৃত্যু হৈছে আৰু প্ৰায় ৪,০০০ লোক এতিয়াও সন্ধানহীন। উদ্ধাৰ অভিযানৰ মাজতে বহু পৰিয়ালে এতিয়াও আপোনজনৰ কাষত উভতি অহাৰ আশাত বাট চাই আছে।


কোনোবাই হেৰুৱাইছে ঘৰ। কোনোবাই হেৰুৱাইছে ব্যৱসায়।  আৰু কোনোবাই হেৰুৱাইছে আপোনজনক। কিন্তু বলিয়াৰ অশোক চৌৰাছিয়াৰ কাহিনীয়ে দেখুৱাই দিলে— বান নামি গ'লেও,

কিছুমান মানুহৰ জীৱনত সৃষ্টি হোৱা শূন্যতা হয়তো কেতিয়াও পূৰণ নহ'ব।


কোটি টকাৰ সম্পত্তি হেৰুওৱা মানুহজনৰ এতিয়া প্ৰয়োজন কেৱল সহায়। কাৰণ তেওঁৰ হাতত নাই ব্যৱসায়, নাই সঞ্চয়। আনকি নিজৰ বুলি ক'বলৈ পিন্ধি থকা কাপোৰযোৰো নাই।