ইণ্টাৰনেশ্বনেল ডেস্ক: আমেৰিকাৰ সামৰিক বাহিনীৰ এক চাঞ্চল্যকৰ অভিযানৰ পাছত ভেনিজুৱেলাৰ অপসাৰিত ৰাষ্ট্ৰপতি নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰৰ পাছত সোমবাৰে নিউয়ৰ্কৰ এখন আদালতত হাজিৰ কৰোৱা হয়। হেলিকপ্টাৰ আৰু সুৰক্ষিত বাহনত কটকটীয়া নিৰাপত্তাৰ মাজত তেওঁক আদালতলৈ অনা হয়। - Nicolas Maduro Capture

মাদুৰোৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

৬৩ বছৰীয়া মাদুৰো আৰু তেওঁৰ পত্নী চিলিয়া ফ্লৰেছৰ বিৰুদ্ধে ড্ৰাগছ সৰবৰাহৰ (Narco trafficking) অভিযোগ উত্থাপন কৰা হৈছে। যোৱা শনিবাৰে আমেৰিকাৰ কমাণ্ডো বাহিনীয়ে হেলিকপ্টাৰ, যুঁজাৰু বিমান আৰু নৌসেনাৰ সহায়ত কাৰাকাছৰ পৰা তেওঁলোক দুয়োকে আটক কৰিছিল। নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰৰ এই ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ভেনেজুৱেলাৰ নতুন ৰাজনৈতিক দিশ

মাদুৰোৰ অনুপস্থিতিত ভেনেজুৱেলাৰ অন্তৱৰ্তীকালীন নেত্ৰী ডেলচি ৰড্ৰিগেজে আমেৰিকাৰ সৈতে সহযোগিতাৰ হাত আগবঢ়াইছে। তেওঁ কয়, "আমি আমেৰিকা চৰকাৰক সহযোগিতাৰ এজেণ্ডাত একেলগে কাম কৰিবলৈ আমন্ত্ৰণ জনাইছো।" আনহাতে, ভেনেজুৱেলাৰ সামৰিক বাহিনীয়েও ৰড্ৰিগেজৰ চৰকাৰক স্বীকৃতি দি শান্তি বৰ্তাই ৰাখিবলৈ আহ্বান জনাইছে।

ভেনিজুৱেলাৰ তেলৰ ওপৰত আমেৰিকাৰ দৃষ্টি

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে স্পষ্ট কৰি দিছে যে এই অভিযানৰ অন্যতম উদ্দেশ্য হৈছে ভেনিজুৱেলাৰ তেল সম্পদৰ ওপৰত নিয়ন্ত্ৰণ। ট্ৰাম্পে কয়, "আমাৰ দেশখন পুনৰ নিৰ্মাণ কৰিবলৈ ভেনিজুৱেলাৰ তেল আৰু অন্যান্য সম্পদৰ সম্পূৰ্ণ প্ৰৱেশাধিকাৰৰ প্ৰয়োজন।" উল্লেখ্য যে ভেনিজুৱেলাত বিশ্বৰ সৰ্ববৃহৎ খাৰুৱা তেলৰ ভাণ্ডাৰ আছে। নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰৰ পাছত আন্তঃৰাষ্ট্ৰীয় বজাৰত তেলৰ মূল্যৰ ওপৰত প্ৰভাৱ পৰিছে।

বিশ্বজুৰি প্ৰতিক্ৰিয়া

চীন, ৰাছিয়া আৰু ইৰানে এই সামৰিক অভিযানক তীব্ৰ গৰিহণা দিছে। চীনে এই কাৰ্যক আন্তঃৰাষ্ট্ৰীয় আইনৰ উলংঘন বুলি অভিহিত কৰি মাদুৰোক মুক্তি দিবলৈ দাবী জনাইছে। আনহাতে, কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই ইয়াক লেটিন আমেৰিকাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ বুলি অভিহিত কৰিছে।

নিকোলাছ মাদুৰোৰ গ্ৰেপ্তাৰৰ পিছত ভেনেজুৱেলাৰ ভৱিষ্যত এতিয়া এক অনিশ্চয়তাৰ মাজত আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদেও এই সন্দৰ্ভত এক জৰুৰী বৈঠক আহ্বান কৰিছে।

লগতে পঢ়ক: “সুৰক্ষিত আৰু সঠিক পৰিৱর্তন নোহোৱা পৰ্যন্ত ভেনিজুৱেলা চলাব আমেৰিকাই” – ভেনিজুৱেলাত সামৰিক অভিযানৰ পাছত ড’নাল্ড ট্ৰাম্প