নগাঁও: " মুছলমানসকলে ছবি-মূৰ্তি আঁকিব নাপায় । সৰুতে আমাক শিকোৱা হৈছিল । কিন্তু ডাঙৰ হৈ বুজিছিলোঁ শিল্পীৰ কোনো ধৰ্ম নাই (Padma Shri Nuruddin Ahmed)। শিল্পকৰ্মৰ লগতো ধৰ্মৰ সম্পৰ্ক নাই । কৰ্মইহে আচল ধৰ্ম ।'-এই মন্তব্য পদ্মশ্ৰী সন্মানেৰে সন্মানিত বিশিষ্ট চিত্ৰশিল্পী নুৰুদ্দিন আহমেদৰ । নগাঁৱৰ সমাজ জীৱনৰ পুৰোধা ব্যক্তি, অসম সাহিত্য সভাৰ প্ৰাক্তন উপ-সভাপতি, নগাঁও জিলা সাহিত্য সভাৰ প্রতিষ্ঠাপক সভাপতি, নগাঁও শিক্ষণ মহাবিদ্যালয়ৰ প্রাক্তন অধ্যক্ষ, অসম লোকসেৱা আয়োগৰ প্ৰাক্তন সদস্য, বিশিষ্ট শিক্ষাবিদ হৰেশ্বৰ গোস্বামীৰ ২৯ সংখ্যক স্মৃতি দিৱস উপলক্ষে নগাঁৱৰ কলংপাৰ বিদ্যাপীঠ চিনিয়ৰ চেকেণ্ডেৰী স্কুলে আয়োজন কৰা স্মাৰক বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি তথা সম্বৰ্ধিত ব্যক্তি হিচাপে উপস্থিত থাকি প্ৰসিদ্ধ ভাস্কৰ্যশিল্পী নুৰুদ্দিন আহমেদে কয় যে, ধনীৰ ঘৰত জন্মগ্ৰহণ নকৰিলেও একাগ্ৰতা আৰু সাধনাৰ মাজেদি প্ৰতিষ্ঠা লাভ কৰিব পাৰি বা জাতীয় জীৱনলৈ সেৱা আগবঢ়াব পাৰি ।

নিজকে দুখীয়া পৰিয়ালৰ সন্তান বুলি উল্লেখ কৰি শিল্পীজনে কয় তেওঁ কেতিয়াও সন্মান লাভৰ তাগিদাত কাম কৰা নাই । কাম কৰাৰ আনন্দৰ বাবেই তেওঁ কাম কৰি গৈছে । বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত গুৰু-আসন, কৃষ্ণলীলা আৰু বিষ্ণুৰ দশাৱতাৰৰ ভাস্কৰ্য নিৰ্মাণৰ যি সুযোগ তেওঁ লাভ কৰিলে, এয়া তেওঁৰ জীৱনলৈ ভগৱানৰ শ্ৰেষ্ঠতম উপহাৰ বুলি তেওঁ মন্তব্য দিয়ে । প্ৰাক্তন অধ্যাপক, প্ৰাক্তন বিধায়ক গিৰীন্দ্ৰকুমাৰ বৰুৱাৰ পৌৰোহিত্যত অনুষ্ঠিত অনুষ্ঠানত ৰাজহুৱা সম্বৰ্ধনা গ্ৰহণ কৰি অলেখ কথাছবি আৰু ভ্ৰাম্যমাণৰ যশস্বী কলা নিৰ্দেশক নুৰুদ্দিন আহমেদে পদ্মশ্ৰী লাভৰ পিছত আজি প্ৰথমটো ৰাজহুৱা সম্বৰ্ধনা লাভ কৰি পৰম আনন্দ লাভ কৰিছে বুলি উল্লেখ কৰি কলংপাৰ বিদ্যাপীঠ পৰিয়াল আৰু নগঞা ৰাইজলৈ কৃতজ্ঞতা জ্ঞাপন কৰে ।

অসম সাহিত্য সভাৰ উপ-সভাপতি পদুম ৰাজখোৱাই আঁত ধৰা অনুষ্ঠানত "ছাত্ৰছাত্ৰীসকলৰ মাজত শংকৰদেৱ অধ্যয়ন আৰু ইয়াৰ প্ৰয়োজনীয়তা" শীৰ্ষক স্মাৰক বক্তৃতা প্ৰদান কৰি নগাঁও বিশ্ববিদ্যালয় অধ্যাপক ড° কৰবী দেৱীয়ে কয় যে "মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ মহান জীৱনাদৰ্শ বিশ্বৰ ভিতৰতে বিৰল । আজি বিশ্বই শ্বেইকছপীয়েৰৰ গুণানুকীৰ্তন কৰে, শ্বেলীৰ প্ৰশংসা কৰে, কিন্তু শ্ৰীমন্ত শংকৰদেৱ এওঁলোকতকৈ কোনোগুণে কম নাছিল । শ্ৰীমন্ত শংকৰ দেৱ নৱবৈষ্ণৱ ধৰ্মৰ এগৰাকী প্ৰচাৰক বা এগৰাকী নাট্যকাৰ, শিল্পী অথবা অনুবাদকাৰীয়েই নাছিল, তেওঁ আছিল এগৰাকী কাৰো সৈতে তুলনা কৰিব নোৱৰা অদ্বিতীয় প্ৰতিভাৰ অধিকাৰী । তেওঁতকৈ কম গুণৰ অধিকাৰীয়েও বিশ্বত স্থান লাভ কৰিছে । অথচ আমাৰ জাতীয় প্ৰেমৰ অভাৱৰ বাবেই গুৰুজনাক আমি বিশ্বত প্ৰতিষ্ঠা কৰিবলৈ অসমৰ্থ হৈছোঁ তেওঁ বুলি আক্ষেপ প্ৰকাশ কৰে ।ভাষণৰ মাজতে শংকৰদেৱৰ বৰগীত পৰিৱেশন কৰি তেওঁ পুনৰ কয় যে শংকৰদেৱৰ জীৱনপ্ৰতিভাই মানুহক সংস্কৃত কৰিব পাৰে, সংসাৰপথিকৰ জীৱনবাট সেন্দূৰীয়া কৰিব পাৰে । সেই কাৰণে ল'ৰা-ছোৱালীক শংকৰদেৱ অধ্যয়নৰ বাবে উৎসাহিত কৰিব লাগে ।"

অধ্যাপকগৰাকীয়ে অসমীয়া যুৱপ্ৰজন্মক কৰ্মসংস্কৃতি গঢ়াৰ আন্দোলন কৰিবলৈও আহ্বান জনায় । নগাঁও জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ৰতিমোহন নাথ, অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক নিত্যানন্দ বৰা, গল্পকাৰ শিৱানন্দ কাকতি, অধ্যাপক মোহিনীমোহন ডেকা,প্ৰাক্তন অধ্যক্ষ কমল শৰ্মা, প্ৰাক্তন উপাধ্যক্ষ দীপ্তি দেৱী, ৰূপহী শংকৰদেৱ বিদ্যা নিকেতনৰ প্ৰধান আচাৰ্য জীৱন শইকীয়া,লংকাৰ কৃষ্ণ বৰা শিক্ষণ মহাবিদ্যালয়ৰ অধ্যক্ষ মোস্তাফিজুৰ ৰহমান,নগাঁও জিলা কবি সন্মিলনৰ সভাপতি দ্বিজেন্দ্ৰমোহন হাজৰিকা,
সদৌ অসম কোঁচ ৰাজবংশী সন্মিলনীৰ প্ৰাক্তন সভাপতি দিলীপ বৰা, বৰ্ষীয়ান সুলেখিকা অনুপমা শৰ্মা বৰুৱা, কবি কাৰুণ্য ভট্টাচাৰ্য, শিল্পী পদুম বৰা আদি নগাঁৱৰ সমাজজীৱনৰ ডেৰকুৰি ব্যক্তিক সন্মান জনোৱা অনুষ্ঠানৰ আৰম্ভণিতে শিক্ষাবিদ হৰেশ্বৰ গোস্বামীৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি তৰ্পণ কৰা হয় । বন্তি প্ৰজ্বলন কৰে শিক্ষাবিদগৰাকীৰ দুই পুত্ৰ সপোন গোস্বামী, সঞ্জীৱ গোস্বামী আৰু কন্যা স্নিগ্ধা গোস্বামীয়ে ।

পুষ্পাঞ্জলি তৰ্পণ কৰে অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোৱিন্দ কলিতা, কেন্দ্ৰীয় সদস্য সুশীল ডেকা, সদৌ অসম কৰ্মচাৰী পৰিষদৰ বিষয়ববীয়া শ্যামন্ত দাস আৰু অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক যতীন্দ্ৰনাথ সূতে । অনুষ্ঠানত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰত গুৰু আসন আদি নিৰ্মাণত সহযোগী ভাস্কৰৰ ভূমিকা লোৱা ৰাজ আহমেদ আৰু দীপ আহমেদকো সম্বৰ্ধনা জনোৱা হয় । সম্বৰ্ধনা গ্ৰহণ কৰি শিল্পী নুৰুদ্দিন আহমেদৰ দুই ভাস্কৰ নন্দনে পৰম উৎসাহিত হৈছে বুলি উল্লেখ কৰি কয় যে অসম তেওঁলোকৰ জন্মভূমি । শংকৰদেৱ গুৰুজনাক তেওঁলোকেও শ্ৰদ্ধা কৰে । সেয়ে বটদ্ৰৱা প্ৰকল্পৰ কাৰণে কাম কৰিবলৈ পোৱাটো তেওঁলোকৰ বাবে পৰম সৌভাগ্য বুলি মন্তব্য দিয়ে ।

শিল্পী ৰঞ্জন বেজবৰুৱা, লেখক দীলিপ নাথ, অতুল কাকতি, কবি ৰিজুমণি দেৱী, কবিতা বৰা, মনোজকুমাৰ শৰ্মা, প্ৰবীণ দাস, লেখিকা ৰঞ্জনা বৰা, স্মৃতা কলিতা, শিল্পী মনদীপ মহন্ত, প্ৰাক্তন অধ্যক্ষ দীপ্তি বৰা,সাংবাদিক মিণ্টু দাস আদিৰ লগতে কলংপাৰ বিদ্যাপীঠৰ অভিভাৱক আৰু ছাত্ৰ-ছাত্ৰীকে লৈ তিনি শতাধিক লোক উপস্থিত থকা অনুষ্ঠানত পৰিয়ালৰ হৈ শিক্ষাবিদগৰাকীৰ জ্যেষ্ঠ পুত্র সপোন গোস্বামীয়ে পিতৃৰ জীৱনকথা ৰোমন্থন কৰে আৰু কলংপাৰ বিদ্যাপীঠে যোৱা ঊনত্ৰিশটা বছৰে পিতৃস্মৃতি ৰক্ষার্থে কৰা চেষ্টাৰ শলাগ লয় । সভাপতিৰ ভাষণত প্রাক্তন অধ্যাপক গিৰীন্দ্ৰকুমাৰ বৰুৱাই হৰেশ্বৰ গোস্বামীক সমাজবিবেক আখ্যা দি কয় যে "হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তি সমাজত বিৰল । অসমীয়া ভাষাৰ শুদ্ধতা আৰু ৰক্ষাৰ হকে তেওঁ সদায় মাত মাতিছিল । সেয়ে আজি তেখেতৰ স্মৃতিদিৱসৰ অনুষ্ঠানত সমগ্ৰ অসমবাসীকে সন্মিলিত হৈ থাকিবলৈ আৰু জাতি-ধৰ্ম-বৰ্ণ নিৰ্বিশেষে অসম জননীক ভালপোৱা প্ৰতিগৰাকী লোককে নিজক অসমীয়া বুলি পৰিচয় দি গৌৰৱ কৰিবলৈ আৰু আগন্তুক লোকপিয়লত অসমীয়াক নিজৰ প্ৰথম ভাষা হিচাপে স্বীকৃতি দিবলৈ অনুৰোধ জনাইছোঁ ।"

অসম সাহিত্য সভাৰ উপ-সভাপতি, অধ্যক্ষ পদুম ৰাজখোৱাই হৰেশ্বৰ গোস্বামীৰ জীৱনকৰ্ম সংক্ষেপে আলোকপাত কৰে আৰু তেওঁৰ ব্যক্তিত্বই আজিও অজস্ৰজনক মুগ্ধ কৰি ৰাখিছে বুলি মন্তব্য দিয়ে । অনুষ্ঠানত নলবাৰীৰ এসময়ৰ ছাত্ৰ নেতা,অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোৱিন্দ কলিতাই সমজুৱাৰ হৈ বক্তব্য দাঙি ধৰে আৰু নগঞা ৰাইজে বীৰপূজাৰ আদৰ্শ জীয়াই ৰাখিছে বুলি মন্তব্য দিয়ে । কলংপাৰ বিদ্যাপীঠৰ শিক্ষক দিগন্ত বৰদলৈ, জ্যোতিমণি ডেকা,বিজয় বসুমতাৰী, আব্দুল ৱাহিদ,ফুনুমণি বৰা, ইন্দ্ৰমোহন বৰা,অতুলচন্দ্ৰ বৰুৱা আদিৰ সহযোগত সামৰণিত গোৱা জাতীয় সংগীতেৰে অনুষ্ঠানৰ সামৰণি পৰে ।

লগতে পঢ়কঃ এজাৰ-সোণাৰুৰে জাতিস্কাৰ হ’ব নগাঁও -বটদ্ৰৱা পথ