নগাঁও : "দেশৰ বাবে তৰুণ ৰাম ফুকনে কৰা মহান ত্যাগৰ বাবে আমি তেখেতক আজীৱন স্মৰণ কৰিব লাগিব। অসমৰ সমাজ জীৱনৰ প্ৰতি তেখেতৰ অৱদানৰ চৰ্চা আমি কৰিবই লাগিব।" আজি "দেশভক্তি দিৱস" উপলক্ষে নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা তথ্য আৰু জনসংযোগ বিষয়াৰ কাৰ্যালয়ৰ সহযোগত অনুষ্ঠিত এটি বক্তৃতানুষ্ঠানৰ উদ্ধোধন কৰি দিয়া ভাষণত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এইদৰে কয়। তেওঁ কয় যে, ফুকনে তেওঁৰ কষ্টোপাৰ্জিত উকালতিৰ উজ্জ্বল জীৱিকা, স্বচ্ছল জীৱন যাত্ৰা আৰু ব্যক্তিগত সম্পদো দেশৰ কাৰণে হেলাৰঙে ত্যাগ কৰিছিল। তৰুণৰাম ফুকনৰ আদৰ্শ আজিৰ প্ৰজন্মই অনুসৰণ কৰাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।
নগাঁও জিলা পৰিষদৰ সভাকক্ষত অনুষ্ঠিত অনুষ্ঠানটোত আমন্ত্ৰিত বক্তা হিচাপে নগাঁও বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ মুৰব্বী অধ্যাপক শিৰোমণি হাজৰিকাই "তৰুণ ৰাম ফুকনৰ ৰাজনৈতিক আদৰ্শ" আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক শৰৎ হাজৰিকাই "অসমৰ সমাজ জীৱনলৈ তৰুণ ৰাম ফুকনৰ অৰিহণা" বিষয়ত সুন্দৰ বক্তৃতা প্ৰদান কৰে। শৰৎ হাজৰিকাই কয় যে, তৰুণ ৰাম ফুকনে অসমত কংগ্ৰেছৰ ভেটি প্ৰতিষ্ঠাত মুখ্য ভূমিকা গ্ৰহণ কৰিছিল যদিও, পিছলৈ তেওঁৰ সৈতে সম্পৰ্ক ক্ষীণ হৈ পৰিছিল আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ দ্বাৰাই কেন্দ্ৰীয় ব্যৱস্থাপনা পৰিষদৰ নিৰ্বাচনত দুবাৰকৈ পৰাজিত হৈছিল। তেওঁ কংগ্ৰেছৰ লবী ৰাজনীতিৰ বলি হৈছিল বুলি হাজৰিকাই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।
তেওঁ আৰু কয় যে, "দেশক বিদেশী শাসনৰ পৰা মুক্ত কৰাৰ বাবে সংগ্ৰাম কৰাৰ সমান্তৰালভাৱে অসমৰ পৰা কানি বৰবিহ নিৰ্মূল কৰাৰ বাবেও যথেষ্ট কষ্ট স্বীকাৰ কৰিছিল। সেই সময়ৰ শুচিবায়ুগ্ৰস্থ ৰক্ষণশীল অসমীয়া সমাজতো যৌন শিক্ষাৰ গুৰুত্ব উপলদ্ধি কৰি সুস্থ যৌন জীৱনৰ বিষয়ে গ্ৰন্থ ৰচনা কৰি একপ্ৰকাৰ খলকনিৰ সৃষ্টি কৰিছিল"।
শিৰোমণি হাজৰিকাই তেওঁৰ বক্তৃতাত কয় যে, "নিজৰ উচ্চ স্বাভিমান ৰক্ষা আৰু অসমৰ প্ৰতি থকা গভীৰ তাৰণাৰ বাবেই তেওঁ ৰবীন্দ্ৰনাথ ঠাকুৰৰ পৰিয়ালৰ কন্যাৰ বিবাহৰ প্ৰস্তাৱ প্ৰত্যাখ্যান কৰিছিল। এটি অভিজাত পৰিয়ালৰ লোক হৈয়ো এজন চিকাৰী হিচাপে হাবিয়ে বনে অতি কষ্টকৰ আৰু বিপদসংকুল জীৱন যাপন কৰি ফুৰিছিল। তেখেতৰ সাহিত্যিক প্ৰতিভাও আছিল অসাধাৰণ।"
সভাৰ আৰম্ভণিতে দিয়া আদৰণি ভাষণত জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই কয় যে, অসমত গান্ধীজীৰ নেতৃত্বত স্বাধীনতা আন্দোলনৰ পাতনি মেলাৰ লগতে ইয়াক সবল ৰূপ দিয়াত তৰুণ ৰাম ফুকনে যি অসামান্য অৰিহণা আগবঢ়াইছিল আৰু অসীম ত্যাগ স্বীকাৰ কৰিছিল তাৰেই স্বীকৃতি হিচাপে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ আগ্ৰহ ক্ৰমে অসম চৰকাৰে যোৱা ছবছৰ ধৰি ২৮ জুলাইৰ তেওঁৰ স্মৃতি দিৱসৰ দিনটোত দেশভক্তি দিৱস ৰূপে উদযাপন কৰি আহিছে। এই দিনটোত এইগৰাকী মহান অসমীয়াৰ জীৱন আৰু কৰ্মৰাজিৰ বিষয়ে চৰ্চা কৰি তেখেতৰ উচ্চ আদৰ্শৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস চলাই অহা হৈছে।
তেওঁ আদৰণি ভাষণৰ লগতে সমগ্ৰ অনুষ্ঠানটোৰ আঁতধৰি তৰুণ ৰাম ফুকনৰ বৰ্ণিল জীৱনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰি যায়। অনুষ্ঠানৰ আৰম্ভণিতে জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই তৰুণ ৰাম ফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰে। এই অনুষ্ঠানত সহযোগ কৰে জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া মনোজ ছিকাৰিয়া, "কলংপাৰ" কাকতৰ সম্পাদক গুৰমাইল সিং আৰু নগাঁও প্ৰেছ ক্লাবৰ সভাপতি জিতেন বৰকটকীয়ে।
অনুষ্ঠানত ভালেসংখ্যক সাংবাদিক, ছাত্ৰ-ছাত্ৰী, বিষয়া-কৰ্মচাৰী আৰু ৰাইজ উপস্থিত থাকে।