ডিব্ৰুগড়ঃ অসম ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যমৰ পেজত আপলোড হোৱা এটা ভিডিঅ’কলৈ সমগ্ৰ বিশ্বজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ সময়ত এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অসম জাতীয় পৰিষদে (AI Controversial Video Assam)।
বুধবাৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে ডিব্ৰুগড়ত এক সংবাদমেল আয়োজন কৰি ৭ ফেব্ৰুৱাৰীত সামাজিক মাধ্যমৰ শাসকীয় দলৰ পেজত আপলোড হোৱা এটা ভিডিঅ’ই বিশ্ববাসীৰ ওচৰত অসমৰ মানুহক লজ্জ্বানত কৰিছে বুলি মন্তব্য কৰে।
কি আছিল ভিডিঅ’টোঃ
উল্লেখযোগ্য যে অসম ৰাজ্যিক বিজেপিৰ সামাজিক মাধ্যমৰ পেজত আপলোড কৰা এই আইৰ দ্বাৰা প্ৰস্তুত কৰা এই ভিডিঅ’টোত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই হাতত বন্দুকলৈ ‘পইন্ট ব্লেংক শ্বট’ত এজন মুছলমানৰ টুপী পৰিহিত আৰু দাড়ি থকা ব্যক্তিক গুলীওৱা দেখুওৱা হৈছে। পৰৱৰ্তী সময়ত মুখ্যমন্ত্ৰীক হাতত পিষ্টললৈ কাউবয়ৰ ৰূপত দেখুওৱা হৈছে।
এই ভিডিঅ’টোৱে সমগ্ৰ ভাৰতবৰ্ষৰ ৰাজনৈতিক ক্ষেত্ৰত ধুমুহাৰ সৃষ্টি কৰে। কেৱল সিমানেই নহয়, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমে বিজেপি তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি বাতৰি প্ৰচাৰ কৰে। ইয়াৰ পিছতেই অসম ৰাজ্যিক বিজেপিয়ে তেওঁলোকৰ সামাজিক মাধ্যমৰ পৃষ্ঠাৰ পৰা ভিডিঅ’টো আতৰাই দিয়ে।
লুৰীণজ্যোতি গগৈৰ প্ৰতিক্ৰিয়া
এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “অসমক সাম্প্ৰদায়িকতা, ঘৃণাৰ পৰিবেশ সম্বলিত এখন ভূমিলৈ মুখ্যমন্ত্ৰীয়ে পৰিবৰ্তন কৰিছে। এই ভিডিঅ’টোৱে মুখ্যমন্ত্ৰীৰ আততায়ী মানসিকতা উন্মোচিত কৰিছে। দেশৰ আইনজ্ঞ, বুদ্ধিজীৱী, জ্যেষ্ঠ সাংবাদিক সকলে ইয়াৰ বিৰোধিতা কৰাৰ পিছত এই ভিডিঅ’টো বিজেপিৰ পৃষ্ঠাৰ পৰা আতৰাই পেলোৱা হয়।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক ঘৃণাৰ বেপাৰী আখ্যা দি লুৰীণজ্যোতি গগৈয়ে কয়, “মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমীয়াৰ মান-মৰ্যাদাক বিশ্ববাসীৰ সমুখত ভূলুণ্ঠিত কৰিলে। মুখ্যমন্ত্ৰী আৰু অসম প্ৰদেশ বিজেপিৰ জঘন্য মানসিকতা উন্মোচিত হৈছে বিতৰ্কিত ভিডিঅ’টোত। এতিয়া মুখ্যমন্ত্ৰীয়ে বিষয়টোৰ পৰা পলায়ন কৰিছে, ৰাজ্যিক বিজেপিয়েও দায়িত্ব ল’ব খোজা নাই। মুখ্যমন্ত্ৰীয়ে পলালে নহ’ব, এই জঘন্য কাণ্ডৰ জবাব মুখ্যমন্ত্ৰীয়ে দিবই লাগিব।
গগৈয়ে লগতে কয়, “বিজেপি দল চৰকাৰলৈ আহোতে মুখ্যমন্ত্ৰীয়ে কৈছিল অসমক দেশৰ ভিতৰত ৫ খন ৰাজ্যৰ অন্যতম কৰি গঢ়ি তুলিব। আমিও ভাবিছিলো এইজন মুখ্যমন্ত্ৰীয়ে দায়িত্ব লোৱাৰ পিছত উন্নয়নৰ সাগৰ হ’ব। জাতীয় পুঁজি শক্তিশালী হব। অৰ্থনীতি শক্তিশালী হ’ব। জীৱন ধাৰণৰ মানদণ্ড উন্নত হ’ব। লগতে চাৰিওফালে উন্নয়ন, সু শাসন, যোগাযোগ উন্নয়নৰ হ’ব। কিন্তু ইয়াৰ বিপৰীতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’ আপলোডৰ দ্বাৰা সমগ্ৰ দেশতে অসমক লজ্জানত কৰিলে।”
মুখ্যমন্ত্ৰীক কঠোৰ ভাষাৰে সমালোচনা কৰি অজাপৰ সভাপতি জনৰ মন্তব্য, “বহিঃৰাজ্য বা বহিঃৰাষ্ট্ৰৰ মানুহে ভাবিছে এনেকুৱা এজন মুখ্যমন্ত্ৰীয়ে প্ৰতিনিধিত্ব কৰা ৰাজ্যখনৰ মানুহৰ মানসিকতাও জঘন্য। সংস্কৃতিহীন এটা জাতিসত্তা বুলি মুখ্যমন্ত্ৰীৰ বাবে অন্য লোকে ভাবিবলৈও বাধ্য হৈছে।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই অসমৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক পৰিবেশ ধ্বংস কৰিছে বুলি মন্তব্য কৰি গগৈয়ে কয়, “মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা প্ৰায় ২৫ বছৰ ক্ষমতাত আছিল। তেওঁ শিক্ষাৰ দায়িত্ব আছিল। তেওঁৰ কাৰ্যকালত উন্নয়ন হোৱাৰ পৰিবৰ্তে ১০ হাজাৰৰ পৰা ১১ হাজাৰ ৰাজহুৱা খণ্ডৰ শিক্ষানুষ্ঠান কৰ্তন হৈছে। যদি উন্নতি হৈছে তেন্তে আটাইতকৈ দামী ব্যক্তিগত খণ্ডৰ বিদ্যালয় খনৰ মালিক তেওঁৰ পত্নী হৈছে। তদুপৰি দেশৰ আটাইতকৈ ঋণগ্ৰস্ত ৰাজ্যলৈ পৰিবৰ্তন হৈছে অসম। ২০২৬ চনত ঋণৰ পৰিমাণ হ’ব ২ লাখ ১৬ হাজাৰ কোটি টকা।”
মুখ্যমন্ত্ৰী ডঃ শৰ্মাই অসমৰ উন্নয়ন কৰিবটো নোৱাৰিলেই এতিয়া অসমৰ মান সন্মানো ধ্বংস কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয়, ” উল্লেখিত ভিডিঅ’টোৱে এগৰাকী মুখ্যমন্ত্ৰীৰ উন্মাদনা, সাম্প্ৰদায়িক মানসিকতা, নিকৃষ্ট মানসিকতা প্ৰমাণ কৰে। যিটো কথাই ভাৰতবৰ্ষতে নহয়, সমগ্ৰ বিশ্বতে অসমৰ স্বাভিমান বিনষ্ট কৰিছে, অসমীয়াক লজ্জ্বানত কৰিছে। ইয়াৰ উত্তৰ মুখ্যমন্ত্ৰীয়ে দিব লাগিব।” এই ভিডিঅ’টোৱে দেশৰ কূটনৈতিক আৰু বাণিজ্যিক সম্পৰ্কটো ব্যাপক প্ৰভাৱ পেলোৱাৰ সম্ভাৱনা আছে বুলি গগৈয়ে সংবাদমেলত উল্লেখ কৰে।
লগতে পঢ়কঃ পাকিস্তান প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু গৌৰৱ গগৈৰ বাকযুদ্ধ
