এআইইউডিএফৰ দ্বিতীয়খন তালিকা প্ৰকাশ

নগাঁওঃ আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি এআইইউডিএফ দলে নিজৰ দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰিছে৷ আজি হোজাইৰ গোপালনগৰস্থিত এআইইউডিএফৰ হোজাই জিলা সমিতিৰ কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে দ্বিতীয়খন প্ৰাৰ্থী তালিকা ঘোষণা কৰে (AIUDF Candidate List 2026) ৷

দ্বিতীয়খন তালিকাত ১২ গৰাকী প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হয়৷ দলৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে গৃহ সমষ্টি বিন্নাকান্দিত প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷ বৰ্তমান এই সমষ্টিৰ বিধায়ক ছিৰাজুদ্দিন আজমল৷ বৰপেটাৰ চেঙা সমষ্টিত বিধায়ক আশ্ৰাফুল হুছেইন, দলগাঁৱত বৰ্তমানৰ বিধায়ক মুজিবুৰ ৰহমান, ধুবুৰীত বৰ্তমানৰ বিধায়ক নজৰুল ইছলাম, গোৱালপাৰা পূৱত বিধায়ক হাফিজ বসিৰ আহমদ কাছিমী, চামগুৰিত প্ৰাক্তন বিধায়ক আব্দুল আজিজ, বিজনীত মুচুকা বসুমতাৰী, গোলকগঞ্জত জমছেৰ তালুকদাৰ, দক্ষিণ কৰিমগঞ্জত সিহাব উদ্দিন, ৰহাত মুকুট দাস আৰু অনুসূচীত জাতিৰ বাবে সংৰক্ষিত ১২৬ নং ৰামকৃষ্ণ নগৰ আসনত ডঃ অনুপ কুমাৰ দাস তালুকদাৰক প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে৷

এই তালিকাক লৈ আশাবাদী মৌলানা বদৰুদ্দিন আজমল৷ ৰাইজে এক সুন্দৰ জনাদেশ প্ৰদান কৰিব বুলি আশা কৰে সভাপতি আজমলে৷ বিন্নাকান্দি নিজৰ গৃহ সমষ্টি বুলি কৈ আজমলে ইয়াৰ ৰাইজে তেওঁক বিপুল সঁহাৰি আগবঢ়াব বুলি আশা প্ৰকাশ কৰে৷ ২০০৬ চনত অধুনালুপ্ত যমুনামুখ সমষ্টিৰ পৰা ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা মৌলানা বদৰুদ্দিন আজমলে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত পুনৰ নিৰ্ধাৰিত বিন্নাকান্দিত নিৰ্বাচন খেলাৰ সুযোগ লাভ কৰি সুখী অনুভৱ কৰিছে৷ সমষ্টিটোত কংগ্ৰেছ মিত্ৰজোটৰ প্ৰাৰ্থী অজাপৰ ৰেজাউল কৰিম চৌধুৰী৷ অগপ-বিজেপিয়ে এতিয়ালৈ প্ৰাৰ্থী তালিকা চূড়ান্ত কৰা নাই৷

উল্লেখযোগ্য যে এ আই ইউ ডি এফৰ প্ৰথমখন প্ৰাৰ্থী তালিকা অনুযায়ী ৰূপহীহাটত আমিনুল ইছলামে, মন্দিয়াত ডঃ হাফিজ ৰফিকুল ইছলাম, পকা বেতবাৰীত মিনাক্ষী ৰহমান, পৰ্বতজৰাত আবু তাহেৰ বেপাৰী, গৌৰিপুৰত নিজানুৰ ৰহমান, সৃজনগামত ৰেজাউল কৰিম চৰকাৰ, ধিঙত মতিউৰ ৰহমান, বিলাসীপাৰাত চাবানা আখতাৰ, লাহৰীঘাটত চিদ্দিক আহমেদে প্ৰাৰ্থিত্ব লাভ কৰিছিল।

লগতে পঢ়কঃ অসম জাতীয় পৰিষদৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা


Advertisement