Assam Assembly Election 2026: AJP Announces Candidates for 8 Constituenciesঅসম জাতীয় পৰিষদৰ ৮ টা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা

গুৱাহাটীঃ ৰাজ্যৰ অন্যতম আঞ্চলিক দল অসম জাতীয় পৰিষদে আজি প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰে। সেই অনুযায়ী দলটোৱে ৮ টা সমষ্টিত প্ৰাৰ্থীৰ নাম ঘোষণা কৰে (Assam Assembly Election 2026)।

সেই অনুযায়ী খোৱাং বিধানসভা সমষ্টিৰ পৰা অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, বঢ়মপুৰ সমষ্টিৰ পৰা কাৰ্যকৰী সভাপতি ৰাজেন গোহাঁইয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। ইপিনে মৰিগাঁও সমষ্টিত বাণী দাস , পলাশবাৰী সমষ্টিত পংকজ লোচন গোস্বামী, বজালী সমষ্টিত দিলীপ বৰুৱা, সৰুপথাৰ সমষ্টিত জীৱন চুতীয়া, ডিব্ৰুগড় সমষ্টিত মৈনাক পাত্ৰ আৰু বিন্নাকাণ্ডি সমষ্টিত ৰেজাউল কৰিম চৌধুৰীয়ে প্ৰাৰ্থিত্ব লাভ কৰিছে।

প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “পূৰ্বতে তিনিটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হয়। এইবাৰ সু পৰিকল্পিত ভাৱে, বিশেষ লক্ষ্য আৰু উদ্দেশ্যলৈ কাম কৰা বুলি অনুভৱ হয়। বিহুৰ সময়ত জনতাৰ শিল্পী জুবিন গাৰ্গৰ গীত কেন্দ্ৰ কৰি জুবিন গাৰ্গক অসমৰ ৰাইজে স্মৰণ কৰিব। গতিকে জনগণ সজাগ হয় বুলি , অন্যায়ৰ বিৰুদ্ধে সচেতন হয় বুলি ১৩ দিনত প্ৰচাৰ অভিযান চলাই এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰাৰ তেওঁলোকে চিন্তা কৰিছে।”

তেওঁ লগতে কয়,”তদুপৰি উজনি অসমত প্ৰচাৰ কাৰ্যৰ ঢৌৱে যাতে মধ্য বা নামনি অসমক প্ৰভাৱিত কৰিব নোৱাৰে তাৰ বাবেও তেওঁলোকে এটা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত কৰিছে।”

ইপিনে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “দলীয় প্ৰচাৰ চলোৱাৰ স্বাৰ্থত সভাপতি, কাৰ্যকৰী সভাপতি বা সম্পাদক কোনোবা এজনে প্ৰতিদ্বন্দ্বিতা কৰাৰ পৰা বিৰত থাকিব লাগিব। সেয়ে মই প্ৰতিদ্বন্দ্বিতা নকৰাৰ এক সিদ্ধান্ত লৈছো যদিও শদিয়া সমষ্টিৰ ৰাইজ আৰু শদিয়াৰ দলীয় কৰ্মীসকলৰ লগত আলোচনা মৰ্মে বিষয়টোৰ সিদ্ধান্ত গ্ৰহণ কৰিম আৰু পৰৱৰ্তী সময়ত সংবাদ মাধ্যমক অবগত কৰিম।”

প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি বিন্নাকাণ্ডি সমষ্টিকে ধৰি বিভিন্ন সমষ্টিত হোৱা প্ৰতিবাদৰ প্ৰসংগত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, “প্ৰতিবাদ এক গণতান্ত্ৰিক প্ৰক্ৰিয়া। এজন ব্যক্তিয়ে প্ৰাৰ্থিত্বৰ আশাৰে দীৰ্ঘদিন কাম কৰাৰ পিছত বঞ্চিত হ’লে তেওঁ বা সমৰ্থক সকলে প্ৰতিবাদ কৰাটো স্বাভাৱিক। কিন্তু মিত্ৰতাত এৰা-ধৰা থাকিবই। কোনোবাই ত্যাগ কৰিবই লাগিব। যিহেতু আমাৰ লক্ষ্য বিজেপিক উৎখাত কৰা আমি জনসাধাৰণৰ আশা আকাংক্ষাক গুৰুত্ব দি ব্যক্তি স্বাৰ্থক বিসৰ্জন দিব লাগিব।”

ৰাইজৰ দলৰ লগত কংগ্ৰেছ দলৰ মিত্ৰতাৰ বিষয়টো সন্মানজনক বাবে সম্পন্ন হোৱাৰ ক্ষেত্ৰত আজিও আশাবাদী বুলি লুৰীণজ্যোতি গগৈয়ে মন্তব্য কৰে। ইপিনে অখিল গগৈৰ বিৰুদ্ধে অসম জাতীয় পৰিষদে প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি প্ৰচাৰিত বাতৰি অস্বীকাৰ কৰি লুৰীণজ্যোতি গগৈয়ে কয়, “বিজেপিয়ে সুযোগ লব পৰা কোনো কাম আমি কৰিব বিচৰা নাই। আমাৰ মূল লক্ষ্য হৈছে বিজেপিক উৎখাত কৰা। এইক্ষেত্ৰত আমাৰ অস্ত্ৰ হৈছে মিত্ৰতা।”

লগতে পঢ়কঃ এন ডি এ ত ভাঙোনঃ ওলাই আহিৰ ইউ পি পি এল


Advertisement