গুৱাহাটীঃ অসম বিধানসভা নিৰ্বাচনত ৮৮ টা বিধানসভা সমষ্টিৰ বাবে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী তালিকা আজি ঘোষণা কৰে (Assam BJP Candidate List 2026)। ভাৰতীয় জনতা পাৰ্টিৰ নীতিন নবীনৰ সভাপতিত্বত কালি অনুষ্ঠিত এখন বৈঠকত প্ৰাৰ্থী সমূহ নিশ্চিত কৰা হয়। এই বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিংহ, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু কেন্দ্ৰীয় নিৰ্বাচন সমিতিৰ আন সকলো সদস্য সকল উপস্থিত আছিল।
কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে অসমত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচন ২০২৬ৰ বাবে তলত অনুমোদন জনোৱা প্ৰাৰ্থী সমূহ হৈছে-
১) গোলকগঞ্জ বিধানসভা সমষ্টিৰ বাবে অশ্বিনী ৰায় চৰকাৰ
২) ধুবুৰী বিধানসভা সমষ্টিৰ বাবে উত্তম প্ৰসাদ
৩) বিৰচিং-জাৰুৱা বিধানসভা সমষ্টিৰ বাবে মাধৱী দাস
৪) গোৱালপাৰা পশ্চিম (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে পবিত্ৰ ৰাভা
৫) দুধনৈ (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) সমষ্টিৰ বাবে টংকেশ্বৰ ৰাভা
৬) অভয়াপুৰী বিধান সভা সমষ্টিৰ বাব ভূপেন ৰয়
৭) বিজনী বিধান সভা সমষ্টিৰ বাবে অৰূপ কুমাৰ দে
৮) ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিৰ বাবে ৰঞ্জিত কুমাৰ দাস
৯) মণ্ডিয়া সমষ্টিৰ বাবে বাদল চন্দ্ৰ আৰ্য
১০) চমৰিয়া বিধানসভা সমষ্টিৰ বাবে জ্যোৎস্না কলিতা
১১) বকো-ছয়গাঁও (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে ৰাজু মেছ
১২) পলাশবাৰী বিধানসভা সমষ্টিৰ বাবে হিমাংশু শেখৰ বৈশ্য
১৩) ৰঙিয়া বিধানসভা সমষ্টিৰ বাবে ভবেশ কলিতা
১৪) কমলপুৰ বিধানসভা সমষ্টিৰ বাবে দিগন্ত কলিতা
১৫) দিছপুৰ বিধানসভা সমষ্টিৰ বাবে
প্ৰদ্যুত বৰদলৈ
১৬) নতুন গুৱাহাটী বিধানসভা সমষ্টিৰ বাবে দিপ্লু ৰঞ্জন শৰ্মা
১৭) গুৱাহাটী কেন্দ্ৰ বিধানসভা সমষ্টিৰ বাবে বিজয় কুমাৰ গুপ্তা
১৮) জলুকবাৰী বিধানসভা সমষ্টিৰ বাবে ড° হিমন্ত বিশ্ব শৰ্মা
১৯) বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বাবে নাৰায়ণ ডেকা
২০) নলবাৰী বিধানসভা সমষ্টিৰ বাবে জয়ন্ত মল্ল বৰুৱা
২১) তিহু বিধানসভা সমষ্টিৰ বাবে চন্দ্ৰমোহন পাটোৱাৰী
২২) তামুলপুৰ (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে বিশ্বজিত দৈমাৰী
২৩) গোৰেশ্বৰ বিধানসভা সমষ্টিৰ বাবে ভিক্টৰ কুমাৰ দাস
২৪) টংলা বিধানসভা সমষ্টিৰ বাবে বিকন চন্দ্ৰ ডেকা
২৫) ছিপাঝাৰ বিধানসভা সমষ্টিৰ বাবে ড° পৰমানন্দ ৰাজবংশী
২৬) মঙ্গলদৈ বিধানসভা সমষ্টিৰ বাবে নিলিমা দেৱী
২৭) জাগীৰোড (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে পিযুষ হাজৰিকা
২৮) মৰিগাঁও বিধানসভা সমষ্টিৰ বাবে ৰমা কান্ত দেউৰী
২৯) ধিং বিধানসভা সমষ্টিৰ বাবে ড° মুকুট কুমাৰ দেবনাথ
৩০) চামগুৰি বিধানসভা সমষ্টিৰ বাবে অনিল শইকীয়া
৩১) বঢ়মপুৰ বিধানসভা সমষ্টিৰ বাবে জিতু গোস্বামী
৩২) নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বাবে ৰূপক শৰ্মা
৩৩) ৰাশহা (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত) বিধানসভা সমষ্টিৰ বাবে শশী কান্ত দাস
৩৪) হোজাই বিধানসভা সমষ্টিৰ বাবে শিলাদিত্য দেৱ
৩৫) লামডিং বিধানসভা সমষ্টিৰ বাবে শিবু মিশ্ৰ
৩৬) ঢেকিয়াজুলিৰ বাবে অশোক সিংঘল
৩৭) বৰছলৰ বাবে ঋতু বৰণ শৰ্মা
৩৮) ৰঙাপৰাৰ বাবে কৃষ্ণ কমল তাঁতী
৩৯) নদুৱাৰৰ বাবে পদ্ম হাজৰিকা
৪০) বিশ্বনাথৰ বাবে পল্লৱ লোচন দাস
৪১) ৭১ নং বিহালী (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)ৰ বাবে মুনীন্দ্ৰ দাস
৪২) গহপুৰৰ বাবে উৎপল বৰা
৪৩) বিহপুৰিয়াৰ বাবে ভূপেন কুমাৰ বৰা
৪৪) ৰঙনদীৰ বাবে ঋষিৰাজ হাজৰিকা
৪৫) লখিমপুৰৰ বাবে মানব ডেকা
৪৬) ঢকুৱাখানা (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) বাবে নৱ কুমাৰ দলে
৪৭) ধেমাজি (অনুসূচিত জন জাতিৰ বাবে সংৰক্ষিত) বাবে ডাঃ ৰণোজ পেগু
৪৮) জোনাই (অনুসূচিত জন জাতিৰ বাবে সংৰক্ষিত)ৰ বাবে ভুবন পেগু
৪৯) শদিয়াৰ বাবে বলিন চেতিয়া
৫০) ডুমডুমাৰ বাবে ৰূপেশ গোয়ালা
৫১) মাৰ্ঘেৰিটাৰ বাবে ভাস্কৰ শৰ্মা
৫২) ডিগবইৰ বাবে সুৰেণ ফুকন
৫৩) মাকুমৰ বাবে সঞ্জয় কিষাণ
৫৪) তিনিচুকীয়াৰ বাবে পুলক গোহাঁই
৫৫) চাবুৱা-লাহোৱালৰ বাবে বিনোদ হাজৰিকা
৫৬) ডিব্ৰুগড়ৰ বাবে প্ৰশান্ত ফুকন
৫৭) খোৱাং সমষ্টিৰ বাবে চক্ৰধৰ গগৈ
৫৮) দুলিয়াজানৰ বাবে ৰামেশ্বৰ তেলী
৫৯) টিংখঙৰ বাবে বিমল বৰা
৬০) নাহৰকটীয়াৰ বাবে তৰংগ গগৈ
৬১) সোণাৰিৰ বাবে ধৰ্মেশ্বৰ কোঁৱৰ
৬২) মাহমৰা (Mahmora) — শ্ৰী সুৰজ দিহিঙ্গীয়া
৬৩) ডিমৌৰ বাবে সুশান্ত বৰগোহাঁই
৬৪) নাজিৰাৰ বাবে ময়ূৰ বৰগোহাঁই
৬৫) মাজুলী (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) বাবে ভূৱন গাম
৬৬) যোৰহাটৰ বাবে হিতেন্দ্ৰ নাথ গোস্বামী
৬৭) মৰিয়ানিৰ বাবে ৰূপজ্যোতি কুৰ্মী
৬৮) তিতাবৰৰ বাবে ধীৰাজ গোৱালা
৬৯) গোলাঘাটৰ বাবে অজন্তা নেওগ
৭০) ডেৰগাঁৱৰ বাবে মৃদুল কুমাৰ দত্ত
৭১) খুমটাইৰ বাবে মৃণাল শইকীয়া
৭২) সৰুপথাৰৰ বাবে বিশ্বজিৎ ফুকন
৭৩) বোকাজানৰ বাবে সূৰ্য ৰংফাৰ
৭৪) হাওৰাঘাট (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) লুনছিং টেৰন
৭৫) ডিফু (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)সমষ্টিৰ বাবে নিচ টেৰাংপি
৭৬)ৰংখাং (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত) সমষ্টিৰ বাবে তুলিৰাম ৰংহাং
৭৭) আমৰি (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)ৰ বাবে হাবে টেৰণ
৭৮) হাফলং (অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত)সমষ্টিৰ বাবে ৰূপালি লাংথাচা
৭৯) লক্ষীমপুৰ সমষ্টিৰ বাবে কৌশিক ৰায়
৮০) উদাৰবন্দ সমষ্টিৰ বাবে ৰাজদ্বীপ গোৱালা
৮১)কাটিগঢ়া সমষ্টিৰ বাবে কমলাক্ষ দে পুৰকায়স্থ
৮২) বৰখলাৰ বাবে কিশোৰ নাথ
৮৩) শিলচৰৰ বাবে ৰাজদ্বীপ ৰয়
৮৪) ঢলাই (অনুসূচিত জাতিৰ বাবে সংৰক্ষিত)ৰ বাবে অমিয় কান্তি দাস
৮৫) হাইলাকান্দিৰ বাবে মিলন দাস
৮৬) উত্তৰ কৰিমগঞ্জৰ বাবে সুব্ৰত ভট্টাচাৰ্য
৮৭) পাথাৰকান্দিৰ বাবে কৃষ্ণেন্দু পাল
৮৮) ৰামকৃষ্ণ নগৰৰ বাবে বিজয় মালাকাৰ
উল্লেখযোগ্য ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি সিদ্ধাৰ্থ ভট্টাচাৰ্য, দিছপুৰ সমষ্টিৰ বিধায়ক অতুল বৰা আদি প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হয়।
লগতে পঢ়কঃ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বিজেপি যোগদানে জ্বলাইছে নগাঁও জিলা

