গুৱাহাটীঃ ‘বিজেপি দল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহৰ বাৰম্বাৰ প্ৰতিশ্ৰুতি দিয়া স্বত্বেও কেন্দ্ৰ আৰু ৰাজ্য উভয় বিজেপি চৰকাৰে অসমৰ পৰা বাংলাদেশী বহিষ্কাৰ কৰিব পৰা নাই।’ এই অভিযোগ অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদক জগদীশ ভূঞাৰ (Assam BJP failed to deport Bangladeshis)।
শনিবাৰে গুৱাহাটীত অনুষ্ঠিত এখন সংবাদমেলত ভূঞাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ উল্লেখ কৰে, “কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে তেখেতৰ দুদিনীয়া অসম ভ্ৰমণৰ কালত কিবা নতুন কথা কৈ যাব বুলি আশা কৰিছিলো। কিন্তু তেখেতে ২০১৪, ২০১৬, ২০১৯, ২০২১ আৰু ২০২৪ চনৰ নিৰ্বাচনৰ পূৰ্বে যিবোৰ কথা কৈ গৈছিল, সেই একেখিনি কথাকে কৈ গ’ল।
অমিত শ্বাহে তেখেতৰ ভাষণত ৰাজনৈতিক ভাষণবাজিৰ বাহিৰে অসমৰ জনজীৱনৰ সৈতে সম্পৰ্ক থকা যিকেইটা প্ৰসংগ উল্লেখ কৰিছে, তাৰ ভিতৰত মূল বিষয় দুটা: বান-গৰাখহনীয়া আৰু বিদেশী সমস্যা। তেখেতে অসমত বৃহৎ পুখুৰী খান্দি ব্ৰহ্মপুত্ৰ নৈৰ পানী তালৈ বোৱাই নি বান সমস্যাৰ স্থায়ী সমাধান কৰাৰ কথা ২০২১ চনতো কৈছিল। এইবাৰ পুনৰ ক’লে। এইটো অবাস্তৱ, অসম্ভৱ বুলি জানিও তেওঁ কিয় তেনেকৈ ক’ লে, এই সন্দৰ্ভত তেওঁলোকৰ ওচৰত কি বিজ্ঞানসন্মত পৰিকল্পনা আছে, সেয়া তেওঁ কোৱা নাই। যদি তেনে কিবা পৰিকল্পনা কোনোবা বিজ্ঞানীয়ে উলিয়াইছে, সেয়া চৰকাৰে ৰাজহুৱা কৰা উচিত।”
বিদেশী সমস্যা সমাধান কৰিবলৈ অসমবাসীৰ পৰা তৃতীয়টো কাৰ্যকাল বিচাৰি গৃহমন্ত্ৰী শ্বাহে আহ্বান জনোৱাৰ প্ৰসংগ উল্লেখ কৰি ভূঞাই কয়, কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে একে আহ্বান ২০২১ চনত কৰি তেওঁ দ্বিতীয়বাৰ চৰকাৰ গঠনৰ সুযোগ দিবলৈ আহ্বান জনাইছিল। ২০১৯ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে তেওঁ অসমলৈ আহি কৈছিল (মৰিগাঁও জিলাৰ ধৰমতুলত) যে অসমবাসী ৰাইজে সেইবাৰৰ নিৰ্বাচনত বিজেপিক সমৰ্থন দিলে ভাৰত-বাংলাদেশ সীমান্ত চৰাই এটা পাৰ হ’ব নোৱাৰাকৈ ছীল কৰিব।
আমাৰ প্ৰশ্ন, এই যে বাৰে বাৰে অসমলৈ আহি ২০১৪ চনৰে পৰা অমিত শ্বাহসহ বিজেপিৰ নেতাসকলে একেবোৰ প্ৰতিশ্ৰুতি দি থাকে অথচ সেইবোৰ পূৰণ নকৰে, তেওঁলোকে লাজ নাপায় নেকি?বিজেপি দলে ২০১৪, ২০১৬, ২০১৯, ২০২১ আৰু ২০২৪ – বিগত আটাইকেইটা নিৰ্বাচনত বাংলাদেশী বহিষ্কাৰৰ প্ৰতিশ্ৰুতি দিছিল।”
অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকজনে বিধানসভাৰ তথ্য উল্লেখ কৰি কয়, “২০২৪ চনৰ ২২ আগষ্টত অসম বিধান সভাত দাখিল কৰা তথ্যত অসমৰ মুখ্যমন্ত্ৰী তথা গৃহমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনাইছিল যে বিজেপি চৰকাৰৰ দিনত অসমৰ পৰা ২০১৭ চনত ০ জন, ২০১৮ চনত ১৩ জন, ২০১৯ চনত ৬ জন, ২০২০ চনত ১ জন, ২০২১ চনত ৩ জন, ২০২২ চনত ২ জন, ২০২৩ চনত ১ জন বাংলাদেশী বহিষ্কাৰ কৰা হয়। আনহাতে ২০২৫ চনৰ ২৬ নৱেম্বৰৰ দিনা অসম চুক্তি বিভাগৰ মন্ত্ৰী অতুল বৰাই অসম বিধান সভাত দাখিল কৰা তথ্যত কোৱা হয় যে ২০২১ চনত ৬৩০৪ জনক, ২০২২ চনত ৮৭৯০ জনক, ২০২৩ চনত ৬৭০৩ জনক, ২০২৪ চনত ৬১২০ জনক আৰু ২০২৫ চনৰ অক্টোবৰ মাহলৈকে ৪২৯০ জনক – অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ ৪ বছৰ ১০ মাহত (অক্টোবৰলৈকে) মুঠ ৩২,২০৭ জন অবৈধ বিদেশীক চিনাক্ত কৰা হৈছে যদিও তাৰ ভিতৰত বহিষ্কাৰ কৰা হৈছে মাত্ৰ ১,৪১৬ জনকহে। (বিধানসভাৰ প্ৰশ্নোত্তৰৰ প্ৰতিলিপি সংলগ্ন)।
চলিত সপ্তাহতে, যোৱা ২৬ জানুৱাৰীৰ দিনা অসমৰ মাননীয় ৰাজ্যপাল লক্ষ্মণপ্ৰসাদ আচাৰ্য্যই গণৰাজ্য দিৱসৰ পতাকা উন্মোচন কৰি দিয়া ভাষণত কয় যে এতিয়ালৈকে ঘোষিত ১.৭ লাখ অবৈধ নাগৰিকৰ ভিতৰত মাত্ৰ ৪৬৭ জনকহে খেদিব পৰা গৈছে।
উল্লিখিত তথ্যখিনিৰ পৰা এইটো নিশ্চয় স্পষ্ট হৈ গৈছে যে কেন্দ্ৰ আৰু ৰাজ্য উভয় বিজেপি চৰকাৰে অসমৰ পৰা বাংলাদেশী বহিষ্কাৰ কৰিব পৰা নাই।”
কা’ৰ অধীনত অবৈধ বাংলাদেশী লোকক ভাৰতীয় নাগৰিকত্ব প্ৰদানৰ বাটহে মুকলি কৰিছে বুলি অভিযোগ কৰি ভূঞাই কয়, “তৎস্বত্বেও অসমলৈ আহি অমিত শ্বাহে বিদেশী বহিষ্কাৰৰ বাবে আৰু এটা কাৰ্য্যকাল বিচৰাটো হাস্যকৰ, দুখজনক, দুৰ্ভাগ্যজনক আৰু বিজেপি দল আৰু চৰকাৰৰ বাবে লজ্জাজনক। তেওঁলোকৰ বাবে বিদেশী বহিষ্কৰণ আৰু বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি যে কেৱল এটা নিৰ্বাচনী শ্লোগানহে, কেৱল যে এটা ‘জুমলা’ হে, সেয়া কাৰো বুজিবলৈ বাকী নাই।”
আনহাতে, অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিমানে নিৰ্বাচন চমু চাপিছে সিমানে এটা বিশেষ জনগোষ্ঠীক (তেওঁৰ ভাষাত মিঞা) টাৰ্গেট কৰি লৈছে বুলি সমালোচনা কৰে অসম জাতীয় পৰিষদৰ সাধাৰণ সম্পাদকজনে। তেওঁ কয় , ” মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ২৭ জানুৱাৰীৰ দিনা কৈছিল যে মিঞাক কষ্ট দিয়াটোহে তেওঁৰ কাম। ভোটাৰ তালিকাৰ বিশেষ সংশোধনীত মিঞাৰ নাম কাটিবলৈ তেওঁহে নিৰ্দেশ দিয়া বুলি কৈ মুখ্যমন্ত্ৰীয়ে কৈছে যে SIR হ’লে ৫ লাখ মিঞাৰ নাম কটা যাব। আনহাতে মিঞাক কষ্ট দিয়াৰ প্ৰসংগত ক’বলৈ গৈ মুখ্যমন্ত্ৰীয়ে ইমানলৈ কৈছে যে মিঞা ৰিক্সাৱালাৰ ভাৰা পাঁচ টকা হ’লে ৪ টকাহে দিব লাগে।
মুখ্যমন্ত্ৰীৰ উল্লিখিত বক্তব্য বেআইনী, সংবিধান বিৰোধী, উচটনিমূলক, বিদ্বেষমূলক আৰু অমানৱীয়। সংবিধানৰ নামত শপৎ খাই দায়িত্ব লোৱা মুখ্যমন্ত্ৰীয়ে এনে বক্তব্যৰে তেওঁৰ শপৎ ভংগ কৰিছে। গতিকে তেওঁ মুখ্যমন্ত্ৰী পদত বহি থকাৰ যোগ্যতাও হেৰুৱাইছে।”
ভূঞাই লগতে উল্লেখ কৰে, “মুখ্যমন্ত্ৰীৰ দায়িত্ব অসম চুক্তিৰ নীতি আৰু আইনৰ বিধান অনুসৰি বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ ব্যৱস্থা কৰাটো। কৰিম বুলি তেওঁ আৰু তেওঁৰ দল তথা চৰকাৰে প্ৰতিশ্ৰুতিও দি আহিছে। কিন্তু তেওঁলোকে সেয়া পালন কৰিব পৰা নাই। নিজৰ দায়িত্ব পালন কৰিব নোৱাৰি, ৰাইজক বিভ্ৰান্ত কৰাৰ উদ্দেশ্যৰে তেওঁ এতিয়া এনে ধৰণৰ প্ৰলাপ বকিছে। এয়া গৰিহণাযোগ্য।
ভূঞাই মুখ্যমন্ত্ৰীয়ে ঘৃণাসূচক বক্তব্য দিছে বুলি অভিযোগ কৰি কয় ,”২০২২ চনৰ ২১ অক্টোবৰৰ দিনা ভাৰতৰ উচ্চতম ন্যায়ালয়ে ঘৃণা সূচক বক্তব্য (Hate Speech) প্ৰদান কৰা ব্যক্তিৰ বিৰুদ্ধে নিজাববীয়া (Sue moto) গোচৰ ৰুজু কৰিবলৈ আৰক্ষীক নিৰ্দেশ দিছিল। ২৮ এপ্ৰিল, ২০২৩ তাৰিখে উচ্চতম ন্যায়ালয়ে পুনৰ আটাইকেইখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলৰ আআৰক্ষ বিভাগৰ মুৰব্বীসকলক নিৰ্দেশ দি কৈছে যদি Hate Speech দিয়া ব্যক্তিৰ বিৰুদ্ধে কোনো থানাৰ ভাৰপ্ৰাপ্ত বিষয়াই তৎকালীনভাৱে নিজাববীয়াকৈ গোচৰ ৰুজু নকৰে তেনেহ’লে সেই বিষয়া আৰু সেই জিলাৰ আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে আদৈলত অৱমাননাৰ গোচৰ (contempt of court) ৰুজু কৰিব লাগে। অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হৰমিত সিঙলৈ আমাৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে নিজাববীয়া (Sue moto) গোচৰ ৰুজু কৰা হ’লনে? যদি হোৱা নাই, তেনেহ’লে সংশ্লিষ্ট থানাৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু জিলা আৰক্ষী অধীক্ষকৰ বিৰুদ্ধে আদালত অৱমাননাৰ গোচৰ ৰুজু কৰা হৈছেনে?
মুখ্যমন্ত্ৰীয়ে যিখিনি কথা কৈছে, সেইখিনি কৰিবলৈকে অসমৰ মানুহে তেওঁক মুখ্যমন্ত্ৰী বনাইছিল নেকি?
যিখিনি কাম কৰিম বুলি তেওঁ বা তেওঁৰ দলে কৈছিল, সেইখিনি কাম তেওঁলোকে কৰিলেনে?
মুখ্যমন্ত্ৰীলৈ অসম জাতীয় পৰিষদৰ প্ৰশ্ন:
ভূঞাই মুখ্যমন্ত্ৰীলৈ অসম জাতীয় পৰিষদে কেইটামান প্ৰশ্ন উত্থাপন কৰা বুলি উল্লেখ কৰি কয়, “ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ কাম সম্পূৰ্ণ হ’লনে?
এন আৰ চিৰ ক্ষেত্ৰত আদালতত চৰকাৰে দিবলগীয়া শপৎনামাখন দাখিল কৰিলেনে?
- ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত যি ১৯ লাখ মানুহৰ নাম কৰ্তন হ’ল, তেওঁলোকৰ নাম ভোটাৰ তালিকাৰ পৰা কৰ্তন কৰা হ’লনে?
- ভাৰত চৰকাৰৰ কূটনৈতিক মিত্ৰ বাংলাদেশ চৰকাৰৰ সৈতে অবৈধ নাগৰিক প্ৰত্যৰ্পণ চুক্তি সম্পাদন কৰা হ’লনে?
- চিনাক্তকৃত বিদেশীক বহিষ্কাৰ কৰা হ’লনে?
- অসম চুক্তি আখৰে আখৰে ৰূপায়ন কৰা হ’লনে?
- ন্যায়াধীশ (অৱ:) বিপ্লৱ শৰ্মা কমিটীৰ পৰামৰ্শ অনুসৰি অসমীয়া মানুহৰ কাৰণে সাংবিধানিক ৰক্ষাকৱচ ব্যৱস্থা কৰা হ’ লনে?
- ৬ জনগোষ্ঠীৰ জনজাতিকৰণ হ’লনে?
যদি উল্লিখিত কামবোৰ হোৱা নাই, তেনেহ’লে বিজেপিৰ চৰকাৰে প্ৰতিশ্ৰুতি অনুসৰি বিদেশী চিনাক্ত আৰু বহিষ্কাৰৰ ক্ষেত্ৰত নিজৰ দায়িত্ব পালন কৰা নাই।
যিসকলক উচ্ছেদ কৰিছে, তেওঁলোকক এফালে অবৈধ বেদখলকাৰী আৰু আনফালে অবৈধ নাগৰিক বুলি কৈ আছে। কিন্তু প্ৰকৃতাৰ্থত উচ্ছেদিতসকলৰ বেছিভাগকে বিকল্প মাটি দিছে বা মাটিৰ মূল্য দিছে, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দিছে, মাটিৰ পট্টা দিছে। খালী হোৱা মাটিবোৰ আদানি-আম্বানীৰ দৰে পুঁজিপতিক দিছে আৰু উচ্ছেদিত লোকক বিকল্প ঠাইত ভোটাৰ তালিকাত নাম অন্তৰ্ভূক্তিৰ সুবিধা দিছে। ইয়াতকৈ ডাঙৰ উপকাৰ তেওঁলোকক আৰু কিবা লাগেনে? গতিকে আজিৰ তাৰিখত হিমন্ত বিশ্ব শৰ্মা অসমৰ অবৈধ বাংলাদেশীৰ বাবে আটাইতকৈ উপকাৰী জীৱ।
লগতে পঢ়কঃ বিজেপি চৰকাৰৰ বিৰুদ্ধে পুনৰ সৰৱ অসম জাতীয় পৰিষদ
