Assam Congress Candidate List 2026 Highlights Dynasty Politics, Alliance Tensionsকংগ্ৰেছৰ প্ৰাৰ্থী তালিকাত বংশবাদক গুৰুত্ব

গুৱাহাটীঃ দৌল উৎসৱৰ মাজতেই নিখিল ভাৰত কংগ্ৰেছ কমিটী(AICC)-এ মঙলবাৰে নিশা ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰথম পৰ্যায়ৰ ৪২ জনীয়া প্ৰাৰ্থীৰ তালিকা ঘোষণা কৰা হয় (Assam Congress Candidate List 2026)। এ আই চি চি-ৰ সাধাৰণ সম্পাদক কে. চি বেনুগোপালে স্বাক্ষৰ কৰি আনুষ্ঠানিকভাৱে এই তালিকা প্ৰকাশ কৰে। তালিকাখনত অভিজ্ঞ নেতা, নতুন মুখ আৰু ১০ জনতকৈ অধিক প্ৰথমবাৰৰ বাবে নিৰ্বাচনী মঞ্চত নামি পৰা প্ৰাৰ্থীৰ নাম দেখা গৈছে। অৱশ্যে প্ৰথম পৰ্যায়ৰ প্ৰাৰ্থী তালিকাখনত বংশবাদক গুৰুত্ব দিয়া হৈছে। তালিকাখনত তিনিজন মুখ্যমন্ত্ৰীৰ পুত্ৰ আৰু দুজন সাংসদৰ পুত্ৰৰ নাম সন্নিবিষ্ট হৈছে।

অসমৰ ১২৬টা সমষ্টিৰ ভিতৰত এই প্ৰথম পৰ্যায়ৰ মাত্ৰ ৪২টা সমষ্টিতহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰা হৈছে। অৱশিষ্ট ৮৪টা সমষ্টিৰ নাম অহা সপ্তাহৰ ভিতৰত প্ৰকাশ পোৱাৰ সম্ভাৱনা আছে। তালিকা চূড়ান্ত হোৱাৰ পূৰ্বে স্ক্ৰিনিং কমিটীৰ অধ্যক্ষা প্ৰিয়ংকা গান্ধী ভদ্ৰাই ১৯ ফেব্ৰুৱাৰী আৰু ২০ ফেব্ৰুৱাৰীত অসম ভ্ৰমণ কৰি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ নেতাসকলৰ সৈতে বিস্তৃত আলোচনাত মিলিত হৈছে। পৰৱৰ্তী সময়ত দিল্লীত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত এটা প্ৰতিনিধিদলে দলৰ শীৰ্ষ নেতৃত্বৰ সৈতে গুৰুত্বপূৰ্ণ বৈঠক মিলিতহৈ প্ৰাৰ্থীৰ নাম চূড়ান্ত কৰে।

বংশানুক্ৰম, ঐতিহ্য আৰু নতুন প্ৰজন্মঃ

মংগলবাৰে প্ৰকাশিত এই তালিকাত ৰাজনৈতিক বংশানুক্ৰমৰ স্পষ্ট উপস্থিতি লক্ষ্য কৰা গৈছে। প্ৰাক্তন মুখ্যমন্ত্ৰীসকলৰ তিনিজন পুত্ৰ আৰু বৰ্তমান সাংসদসকলৰ দুজন পুত্ৰক প্ৰাৰ্থিত্ব দিয়া হৈছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা বৰ্তমান সাংসদ গৌৰৱ গগৈয়ে প্ৰথমবাৰৰ বাবে বিধানসভা নিৰ্বাচনত অংশ ল’ব আৰু যোৰহাট সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পুত্ৰ। ইপিনে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক নাজিৰা সমষ্টিৰ পৰা পুনৰ প্ৰাৰ্থী কৰা হৈছে। তেওঁ প্ৰাক্তন মুখ্যমন্ত্ৰী হিতেশ্বৰ শইকীয়াৰ পুত্ৰ। বৰক্ষেত্ৰী সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰা দিগন্ত বৰ্মন প্ৰাক্তন মুখ্যমন্ত্ৰী ভূমিধৰ বৰ্মনৰ পুত্ৰ। অন্যহাতেদি ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ পুত্ৰ তাঞ্জিল হুছেইনক চামগুৰি সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে। নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ পুত্ৰ প্ৰতীক বৰদলৈক মাৰ্ঘেৰিটা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়া হৈছে।

মিত্ৰজোঁটক লৈ জটিলতাঃ

কংগ্ৰেছৰ নেতৃত্বই বিৰোধী দল সমূহৰ লগত কোনোধৰণৰ আলোচনা নকৰাকৈ প্ৰাৰ্থিত্বৰ তালিকা ঘোষণা কৰা কাৰ্যই বিৰোধী মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত জটিলতা আনিছে। এই সম্পৰ্কত সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে উল্লেখ কৰে, “মিত্ৰ দলৰ সৈতে আলোচনা শেষ নকৰাকৈ, লগত নোলোৱাকৈ, মিত্ৰ দলক সামান‍্যতম গুৰুত্ব নিদি কংগ্ৰেছে আজি অকলে প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ দৰে এটা আঞ্চলিক দলে কৰা হ’লে আপোনাৰ স্থিতি কি হ’লহেঁতেন?”

তাৎপৰ্যপূৰ্ণ যে এই তালিকা প্ৰকাশৰ পিছতে ৰাইজৰ দলৰ সৈতে সম্ভাৱ্য মিত্ৰজোঁট গঠনৰ ক্ষেত্ৰত জটিলতাৰ সৃষ্টি কৰে। কংগ্ৰেছে নিজাকৈ দিছপুৰ, মৰ্ঘেৰিটা, বৰচলা, ডিমৌ, বঙাইগাঁও আৰু দুলীয়াজান আদি সমষ্টিত প্ৰাৰ্থী ঘোষণা কৰিছে। যদিও মন্দিয়া আৰু পূব গোৱালপাৰা সমষ্টিত নাম ঘোষণা কৰা নাই। এই সমষ্টি সমূহ ৰাইজৰ দলে দাবী কৰিছিল।

ইপিনে বিহপুৰীয়াত কংগ্ৰেছে নাৰায়ণ ৰাম ভূঞাক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। ভূঞাই সম্ভৱতঃ প্ৰাক্তন কংগ্ৰেছ সভাপতি তথা বৰ্তমান বিজেপি নেতা ভূপেন বৰাৰ বিৰুদ্ধে প্ৰতিদ্বন্দ্বিতা কৰিব । নলবাৰীত অশোক শৰ্মাক বিজেপিৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ বিৰুদ্ধে প্ৰাৰ্থিত্ব দিয়া হৈছে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়াঃ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই গৌৰৱ গগৈৰ যোৰহাট সমষ্টিৰ প্ৰাৰ্থী হোৱাকলৈ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। তেওঁ মন্তব্য কৰে যে বিজেপিয়ে তেওঁৰ বিৰুদ্ধে “এজন সাধাৰণ ঘৰৰ সাধাৰণ ল’ৰা”ক প্ৰাৰ্থী কৰিব। ৰাজনৈতিক মহলত ইতিমধ্যে সিদ্ধাংকু অংকুৰ বৰুৱা আৰু মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটাৰ নাম চৰ্চালৈ আহিছে। বৰ্তমান বিধায়ক হীতেন্দ্ৰ নাথ গোস্বামী বয়স ৭০ বছৰৰ অধিক হোৱাত নতুন প্ৰজন্মৰ ব্যক্তিক বিজেপিয়ে যোৰহাট বিধানসভা সমষ্টিত প্ৰক্ষেপ কৰাৰ সম্ভাৱনা আছে।

লগতে পঢ়কঃ ধুবুৰীত কংগ্ৰেছৰ হাহাকাৰ: তিনিজন ‘স্বঘোষিত’ প্ৰাৰ্থীৰ বাবে তৃণমূল কৰ্মীৰ মাজত তীব্ৰ অসন্তুষ্টি


Advertisement