নগাঁওঃ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে সামাজিক মাধ্যমত দিয়া এটা ফেচবুক পোষ্টৰ পিছতে কংগ্ৰেছ আৰু ৰাইজৰ দলৰ মিত্ৰতা আনুষ্ঠানিক ভাৱে ভংগ হোৱাটো প্ৰকটহৈ পৰে (Assam Congress Raijor Dal Alliance Break)। বুধবাৰে নগাঁৱত এই সম্পৰ্কত সাংবাদিকে প্ৰতিক্ৰিয়া জানিব বিচৰাত মন্ত্ৰী পীযূষ হাজৰিকাই কয়, “কংগ্ৰেছে লিলি হোটেলত সভা অনুষ্ঠিত কৰিলে, বিহালী সমষ্টিৰ এখন লাইন হোটেলত সভা অনুষ্ঠিত কৰিলে কিন্তু তেওঁলোকৰ ফলাফল শূন্য হ’ল। তেওঁলোকে ইজনে সিজনক সন্মান কৰিব নোৱাৰে। কংগ্ৰেছৰ মিত্ৰজোঁটত মিত্ৰতাৰ নামত ইজনে সিজনক অসন্মান কৰিলে। আমাৰ দলত তেনে হোৱা নাই। আমাৰ মিত্ৰ গোষ্ঠীয়ে অসমৰ ৰাইজৰ চিন্তাক আওকাণ নকৰে। ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ সকলো একহৈ আছে। তেওঁলোকে আলোচনা কৰিলেই বাহিৰত বেলেগ কমেন্ট কৰে।
কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰদানৰ ক্ষেত্ৰত গৌৰৱ গগৈ আৰু ৰকিবুল হুছেইনে ধনৰ লেনদেন কৰা বুলি কোৱা মন্তব্যৰ প্ৰসংগত সাংবাদিকে সোধাত মন্ত্ৰী হাজৰিকাই কয়, “এই বিষয়ে অখিল গগৈয়ে মোতকৈ বেছি জানিব। পূৰ্বতেই মই কৈছিলো কংগ্ৰেছে ২৩ টা সমষ্টিত টিকট বিক্ৰী কৰিব। এসময়ত আমি কংগ্ৰেছ দলত আছিলো গতিকে তেওঁলোকৰ ভিতৰুৱা খবৰ পাওৱেই। গতিকে অখিল গগৈৰ অভিযোগ সত্য হব।”
মন্ত্ৰী হাজৰিকাই অসমৰ পৰা কংগ্ৰেছক বহুদিনলৈ আঁতৰাই ৰাখিব লাগিব, নহলে অসমত বাংলাদেশী মূলৰ সন্দেহযুক্ত মানুহৰ দপদপণি হব বুলিও মন্তব্য কৰে । ইপিনে ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী হেমন্ত সুৰেণে অসমৰ বিজেপি চৰকাৰে চাহ জনজাতি লোকৰ বাবে একো নকৰা বুলি অনা অভিযোগ প্ৰসংগত মন্ত্ৰী পীযূষ হাজৰিকাই কয়, ” আমাৰ চৰকাৰে বিধানসভাত আইন কৰি ২০০ বছৰ কোনেও নিদিয়া মাটি চাহ জনগোষ্ঠীক দিছো। পৰহিলৈ পাঁচ হাজাৰ পৰিয়ালক প্ৰধানমন্ত্ৰীয়ে নিজ হাতেদি দিব। বিভিন্ন চাকৰিত চাহ জনগোষ্ঠীৰ লোক সকলক তিনি শতাংশ দিয়া হৈছে। বাগানৰ লাইনৰ পথ নিৰ্মাণ কৰা হৈছে। কংগ্ৰেছৰ দিনতকৈ চাহ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে। কংগ্ৰেছৰ দিনত মজুৰি আছিল ১৩৮ টকা। বিজেপি চৰকাৰৰ দিনত ১১৩ টকা বৃদ্ধি পালে। ৩০ টকা পুনৰ বৃদ্ধি পাব। এইবাৰ কথা হেমন্ত সুৰেণে নাজানে। অসমৰ চাহ জনগোষ্ঠীৰ লোক সকলে হিমন্ত বিশ্ব শৰ্মা আৰু এন ডি এ ক আশীৰ্বাদ কৰিব।”
মিঞা মানে জ্ঞানী লোকঃ পীযূষ হাজৰিকা
মিঞা শব্দটো ব্যৱহাৰ কৰাৰ প্ৰসংগত মন্ত্ৰী পীয়ুষ হাজৰিকাই কয়, “বহুতো মুছলমান নেতাই নিজকে মিঞা বুলি কয়। কিছুমানে মিঞা বুলি কলে বেয়া পায়। আমাৰ নগাঁৱৰ কোনোবা নেতা আছে তেওঁ মিঞা বুলি কলে বেয়া পায়। যি সকল প্ৰকৃত মিঞা তেওঁলোকে নিজকে মিঞা বুলি কলে বেয়া নাপায়। ডুপ্লিকেট সকলেহে বেয়া পায় । মিঞা মানে জ্ঞানী মানুহ। আমি সেইটো কথা কমেই। আমাৰ লুক ঢাক কৰিবলৈ একো নাই।”
লগতে পঢ়কঃ ৰাইজৰ দলৰে কংগ্ৰেছৰ মিত্ৰতা ভংগ!

