গুৱাহাটীঃ আসন্ন বিধানসভা নিৰ্বাচনত বিৰোধী মিত্ৰজোঁটক পৰাজিত কৰিবৰ বাবে বিজেপিয়ে বিভিন্ন ৰণকৌশল প্ৰস্তুত কৰিছে। এই ৰণকৌশল সমূহৰ অংশ হিচাপে দলটোয়ে অসমৰ ১২৬ টা সমষ্টিত নিৰ্বাচনী সভা অনুষ্ঠিত কৰিব। তদুপৰি নিৰ্বাচনী সমদল, বুথ-পঞ্চায়ত পৰ্যায়ৰ সৰু সৰু সভাৰ জৰিয়তেও দলটোৱে নিৰ্বাচনী প্ৰচাৰ চলাব (Assam Election 2026 BJP Campaign)।
অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই সংবাদ মাধ্যমৰ আগত সদৰী কৰা মতে দলটোৱে প্ৰচাৰ অভিযানত ৪০ জন তাৰকা প্ৰচাৰকক ব্যৱহাৰ কৰিব। এই তাৰকা প্ৰচাৰক কেইজনৰ ভিতৰত প্ৰধানকৈ নৰেন্দ্ৰ মোদী, গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰী, বিজেপিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীন, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আদি অন্যতম। তদুপৰি বিজেপিৰ মন্ত্ৰী-বিধায়ক সকলেও প্ৰয়োজন সাপেক্ষে নিজৰ সমষ্টিৰ লগতে অন্য সমষ্টিটো প্ৰচাৰ অভিযান চলাব।
বিজেপিৰ অসম ৰাজ্যিক সমিতিৰ সভাপতি শইকীয়াই সদৰী কৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে চাৰিখন সভাত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পঞ্চমখন নিৰ্বাচিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰো সম্ভাৱনা আছে।
একেদৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ছয়ৰ পৰা আঠখন নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব। তদুপৰি বিজেপিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনে চাৰিখন নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব। একেদৰে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং আৰু নীতিন গাডকাৰী আদিয়েও বহু কেইখন সভাত অংশগ্ৰহণ কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰায়বোৰ নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিব।
বিশেষকৈ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি এক তীব্ৰ প্ৰচাৰ অভিযান চলাব। ৰাজ্যিক সভাপতি শইকীয়াই জনোৱা মতে বিজেপিয়ে প্ৰাৰ্থী দাখিল কৰা সমষ্টিসমূহত নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত হ’ব আৰু প্ৰায় ১০টা সমষ্টিত ৰ’ডশ্ব’ আয়োজন কৰা হ’ব বুলি তেওঁ লগতে কয়।
শইকীয়াই সদৰী কৰা মতে বিটিচি অঞ্চলসমূহ আৰু কাৰ্বি আংলং আৰু ডিমা হাচাওৰ দৰে স্বায়ত্তশাসিত পৰিষদ এলেকাসমূহতো এই কাৰ্যসূচী চলোৱা হ’ব।
ইফালে, বিজেপি প্ৰাৰ্থী ৰণোজ পেগুৱে সংবাদ মাধ্যমক জনোৱা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা ১ এপ্ৰিলত অসম ভ্ৰমণ কৰি গোগামুখত এখন বৃহৎ যৌথ সভাত ভাষণ দিব। এই সভাই ধেমাজি, জোনাই, চিচিবৰগাঁও, ঢকুৱাখনা, লক্ষীমপুৰ আৰু মাজুলী আদি একাধিক সমষ্টিক সামৰি লব।
সভাসমূহত বিজেপিৰ নেতৃবৃন্দই বিজেপি চৰকাৰৰ কাৰ্যকালত হোৱা উন্নয়ন বাখ্যা কৰিব বুলি বিজেপি সূত্ৰে প্ৰকাশ। গ্ৰামাঞ্চল, চাহ জনগোষ্ঠীয় অঞ্চলত তৃণমূল পৰ্যায়ত বিজেপি নেতৃবৃন্দই প্ৰচাৰ চলাব।
লগতে পঢ়কঃ ভাৰতীয় জনতা পাৰ্টিৰ ৮৮ টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা

