যোৰহাটঃ “আসন্ন বিধানসভা নিৰ্বাচন ভাৰতীয় জনতা দল আৰু কংগ্ৰেছৰ মাজৰ নিৰ্বাচনী যুঁজ নহয়, এই যুঁজ কংগ্ৰেছৰ ভিতৰত থকা দুটা গোটৰ মাজৰ এখন যুঁজ। ২০২৬ চনৰ নিৰ্বাচনী যুঁজ হব ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন কংগ্ৰেছ আৰু প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ মানি চলা কংগ্ৰেছৰ মাজৰ যুঁজ।’-এই মন্তব্য অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি গৌৰৱ গগৈৰ (Assam Election 2026)।
বিধানসভা নিৰ্বাচনলৈ মাত্ৰ ১৮ দিন বাকী থকা অৱস্থাত, অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে শনিবাৰে মাজুলীত কংগ্ৰেছ প্ৰাৰ্থী ডাঃ ইন্দ্ৰনীল পেগুৰ সমৰ্থনত প্ৰচাৰ চলাই কয়, “উপৰুৱাকৈ চালে বিজেপিৰ বিৰুদ্ধে নিৰ্বাচনী যুঁজ যেন লাগিব পাৰে, কিন্তু বাস্তৱত ই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা কংগ্ৰেছ, যি মাত্ৰ বিজেপিৰ লেবেল লগাই আছে প্ৰকৃত কংগ্ৰেছীৰ মাজৰ যুঁজ। কংগ্ৰেছ শাসনত থাকোঁতে বৰ্তমান বিজেপিৰ লেবেল লগাই লোৱা হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা কংগ্ৰেছী সকলে প্ৰয়াত তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰত কলংকৰ দাগ লাই থৈ গৈছিল। যাৰ বাবে মানুহে দলটোৰ পৰা আঁতৰি যাবলৈ আৰম্ভ কৰিছিল।” –
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে কয়, ” প্ৰাক্তন কংগ্ৰেছ সদস্যসকল এতিয়া বাজপেয়ী ভৱনত একত্ৰিত হৈছে আৰু মন্ত্ৰী পদ, বিধায়ক পথ, টিকট অথবা আন সুযোগ বিচাৰি ফুৰিছে। তেওঁ কয়, “আমাৰ সৈতে আছে সেই সকল কংগ্ৰেছ কৰ্মী যিয়ে প্ৰয়াত তৰুণ গগৈৰ আদৰ্শ অনুসৰণ কৰে। এই কংগ্ৰেছেই হৈছে নতুন ৰূপৰ প্ৰতীক। ইয়াত ৰাইজে নতুন মুখ আৰু নতুন শক্তি দেখা পাব।”
প্ৰদেশ কংগ্ৰেছৰ সভাপতি জনে লগতে কয়,, “ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত থকা কংগ্ৰেছ আৰু প্ৰয়াত তৰুণ গগৈৰ আদৰ্শৰে পৰিচালিত কংগ্ৰেছৰ মাজৰ এই নিৰ্বাচনী যুদ্ধত ৰাইজে কাক বেছি পছন্দ কৰিব সেয়া তেওঁলোকে নিৰ্ণয় কৰিব লাগিব।”
ভূপেন বৰা, প্ৰদ্যুৎ বৰদলৈকে ধৰি একাংশ কংগ্ৰেছী নেতা কংগ্ৰেছৰ পৰা বিজেপিলৈ যোৱা সন্দৰ্ভত গগৈয়ে কয়, “এই সকল কংগ্ৰেছী বিজেপিলৈ যোৱাত কংগ্ৰেছ দলটো পৰিস্কাৰ হৈছে আৰু অধিক শক্তিশালী হৈছে।”
একাংশ কংগ্ৰেছী নেতাক মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন প্ৰলোভন দি বিজেপিলৈ নিয়া বুলি অভিযোগ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে কয়, “এইটো ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক পুৰণি কৌশল। লোকসভা নিৰ্বাচনৰ সময়ত মোৰ কিছুমান নিকট সহযোগীক বিজেপিলৈ নিয়া হৈছিল। কিন্তু ইয়াৰ ফলত সেই সময়ত আমাৰ জনসমৰ্থন বাঢ়িহে গৈছিল।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি গৌৰৱ গগৈৰ মন্তব্য, “ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰ ক্ষমতা গ্ৰহণ কৰাৰ পিছৰে পৰা ভয়, আতংক, ভুল তথ্য আৰু মিছা কথাই বিজেপিৰ মূল অস্ত্ৰ হৈ পৰিছে। ই তেওঁলোকৰ দূৰ্বলতা প্ৰকাশ কৰিছে। নিজৰ কামৰ জৰিয়তে মানুহৰ আস্থা জয় কৰিবলৈ তেওঁলোক ব্যৰ্থ হৈছে।”
অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি জনে লগতে কয়, “এই নিৰ্বাচনত কংগ্ৰেছে যুৱ প্ৰজন্মক কেন্দ্ৰ কৰি আগবাঢ়িছে। মাজুলীত ডঃ ইন্দ্ৰনীল পেগুৰ জয়ৰ ওপৰত আমি আত্মবিশ্বাসী।”
ইপিনে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাক প্ৰাৰ্থিত্ব নিদিয়া বিষয়টো দলীয় সিদ্ধান্ত বুলি মন্তব্য কৰে।
লগতে পঢ়কঃ ভাৰতীয় জনতা পাৰ্টিৰ ৮৮ টা বিধানসভা সমষ্টিৰ প্ৰাৰ্থী তালিকা ঘোষণা

