নগাঁওঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত শৰ্মাই বুধবাৰে নগাঁও-বটদ্ৰৱা বিধানসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহি এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথা ঘোষণা কৰাৰ লগতে অসমীয়াৰ ওপৰত ৰঙা চকু দেখুওৱা সকলক সকিয়নী প্ৰদান কৰে (Assam Expressway)। ভোটাইগাঁৱৰ ভোটাই ডেকা খেলপথাৰত প্ৰায় ২৫ সহস্ৰাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰাৰ পিছত সাংবাদিকৰ আগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “এতিয়া অসমীয়াৰ ওপৰত কথা ক’বলৈ তেওঁলোকৰ সাহস নোহোৱা হৈছে। অসমীয়া মানুহৰ ওপৰত আৰু কোনেও ৰঙা চকু দেখুৱাব নোৱাৰিব। মই ইতিমধ্যেই কামি হাড় ভাঙি পেলাইছোঁ। নগাঁৱত গঁড় হত্যাকাৰী কংগ্ৰেছৰ ডাঙৰ নেতায়ো চকু তল কৰি ওলাব লাগিব। এই পাঁচ বছৰত কামি হাড় ভাঙিলে, অহা পাঁচ বছৰত সম্পূৰ্ণ সমান কৰি দিম। যাতে অসমীয়া মানুহৰ প্ৰতি কোনেও ৰঙা চকু দেখুৱাব নোৱাৰে।”
বিৰোধীয়ে নতুন বৰ অসম গঢ়াৰ প্ৰচাৰ চলোৱা সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আমাক লাগে চাওলুং চ্যুকাফা, শ্ৰীমন্ত শংকৰদেৱৰ বৰ অসম লাগে। কিন্তু কংগ্ৰেছৰ নেতৃত্বত বিৰোধীয়ে বাংলাদেশীবিলাকক লৈ নতুন বৰ অসম গঢ়িব।” হিমন্ত বিশ্ব শৰ্মাক কংগ্রেছত স্থান দিয়া নহ’ব বুলি গৌৰৱ গগৈয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰত ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “কংগ্ৰেছে ভাৰতত চৰকাৰ কৰিব নোৱাৰে, কংগ্ৰেছে পাকিস্তান-বাংলাদেশতহে চৰকাৰ কৰিব। মই কংগ্ৰেছত যোৱাৰ কথা নাহে কাৰণ মোৰ পৰিবাৰৰ পাকিস্তানৰ সৈতে কোনো লিংক নাই।”
বঢ়মপুৰ সমষ্টিৰ বিৰোধী ঐক্যৰ প্ৰাৰ্থী ৰাজেন গোহাঁইকো কটাক্ষ কৰি ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “ ইমান দিনে ৰাজেন গোহাঁইয়ে মোক সমালোচনা কৰিলে এইবাৰ ৰাজেন গোহাঁইক বঢ়মপুৰৰ ৰাইজে উত্তৰ দিব। ইমান দিনে বাতৰিত চলি আছিল। এইবাৰ ৰাইজৰ আদালতত আহিছে। এইবাৰ ৰাইজে প্ৰমাণ দিব ৰাইজে মোক ভাল পায় নে ৰাজেন গোহাঁইক ভাল পায়।”
ইপিনে জুবিন গাৰ্গৰ ন্যায়ৰ সম্পৰ্কত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়,”লুৰীণজ্যোতি গগৈ আদালতত বহে নেকি? লুৰীণজ্যোতি গগৈয়ে উচ্চ ন্যায়ালয়ৰ বাবে চেষ্টা কৰি আছে নে বিধায়কৰ বাবে। বিৰোধী সকলৰ এটাই এজেণ্ডা লুৰীণজ্যোতি গগৈয়ে বিয়া পাতিব লাগে।”
বিশাল জনসভাখনত ভাষন প্ৰদান কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিজেপি চৰকাৰ আহিলে অহা পাঁচ বছৰত ৫ লাখ বিঘা ভূমিৰ পৰা অচিনাকি লোকসকলক উচ্ছেদ কৰা হ’ব বুলি ঘোষণা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয়, “বিগত ৫ বছৰত আমি সত্ৰ, মন্দিৰৰ পৰা আমাৰ মাটি দখল কৰা সকলক আতৰাই সত্ৰ-মন্দিৰৰ পৱিত্ৰতা ৰক্ষা কৰিলো। বিগত ৫ বছৰত ডেৰ লাখ বিঘা মাটিৰ পৰা তেওঁলোকক উচ্ছেদ কৰি আমি অসমীয়াৰ অস্তিত্ব ৰক্ষা কৰিলো। আমি দুখীয়া ৰাইজৰ লগত আছো। কিন্তু যিসকলে সত্ৰ, মন্দিৰৰ ভূমি বেদখল কৰিব তেওঁলোকে বুজি লওক সেই দিন নাই। এতিয়া কংগ্ৰেছৰ চৰকাৰ নহয়, এতিয়া বিজেপি চৰকাৰ। ৰাইজৰ চৰকাৰ। অহা পাঁচ বছৰত আমি ৫ লাখ বিঘা মাটিৰ পৰা অচিনাকি লোকসকলক উচ্ছেদ কৰিম। হিন্দু হওক, মুছলমান হওক, খ্ৰীষ্টান হওক সকলো দুখীয়া মানুহ বিজেপিৰ লগত আছে। সকলোকে আমি সহায় কৰিছো।”
তেওঁ লগতে কয়, “কোনেও ভবা নাছিল যে বটদ্ৰৱাত আমি বেদখল উচ্ছেদ কৰিম আৰু ইমান ডাঙৰ ঐতিহ্য ক্ষেত্ৰ গঢ়ি উঠিব। কিন্তু এতিয়া ঐতিহ্য ক্ষেত্ৰ চাবলৈ হাজাৰ হাজাৰ দৰ্শনাৰ্থী যাব পৰা হ’ল। আমি ৰাইজক কৈছিলো আমি আপোনালোকৰ লগত থাকিম আৰু অসমখনক সুৰক্ষিত কৰিম।”
বিজেপি চৰকাৰখনে বিগত সময়ত গ্ৰহণ কৰা বিভিন্ন আঁচনিৰ সম্পৰ্কত বাখ্যা কৰি ডঃ শৰ্মাই কয়, “মই ৫ বছৰৰ পূৰ্বে প্ৰতিশ্ৰুতি দিছিলো যে ১ লাখ যুৱক যুৱতীক এটকাও নভৰাকৈ চাকৰি দিম। মোক ভাল পোৱা বহুতে বিশ্বাস কৰিছিল আৰু বহুতে বিশ্বাস কৰা নাছিল। বহুতে ভাবিছিল যিখন অসমত মধ্যাহ্ন ভোজন কৰ্মচাৰীৰ চাকৰিও ধনৰ বিনিময়ত দিয়া হৈছিল, সেইখন অসমত ১ লাখ যুৱক যুৱতীৰ চাকৰি বিনা পইচাত কেনেকৈ দিব? কিন্তু নেদেখাজনৰ কৃপাত আমি ১ লাখ যুৱক-যুৱতীক বিনা পইচাত চাকৰি দিলো। এতিয়া আমাৰ যুৱক যুৱতী সকলে ষ্টেডিয়ামত দৌৰিছে, এ ডি আৰ ই পঢ়িব খুজিছে, টেটত অৱতীৰ্ণ হৈছে। এই যুৱক-যুৱতী সকলৰ আশা-আকাংক্ষাক আমি ধৰি ৰাখিব লাগিব। নহলে তেওঁলোক হতাশ হব আৰু দুৰ্বল হব। সেয়ে নগাঁৱৰ পৰা আকৌ এবাৰ আমি প্ৰতিশ্ৰুতি দিছো। অহাবাৰ চৰকাৰ আহিলে দুই লাখ যুৱক যুৱতীক চাকৰি দিম।”
বিৰোধী সম্পৰ্কত কটাক্ষ কৰি ডঃ শৰ্মাই কয়, “মই বিৰোধীক সমালোচনা কৰিব নিবিচাৰো। বিৰোধীৰ অৱস্থা ‘ডি মনিটাইজেছন’ৰ পূৰ্বৰ এশটকীয়া নোটটোৰ দৰে। তেওঁলোকৰ কথা কৈয়ো লাভ নাই। শুনিও লাভ নাই।”
তেওঁ এইবাৰ বিধানসভা নিৰ্বাচনত বিজেপি বিজয়ী হৈ চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰি কয়, “জন আশীৰ্বাদ যাত্ৰাৰ সময়ত আমি ৰাইজৰ আদৰ ধুবুৰীৰ পৰা শদিয়ালৈ, জোনাইৰ পৰা শিলচৰলৈ নিজে দেখিছো। আমি নিশ্চিত ৰাইজে এইবাৰ বিজেপিক ভোট দিবই আৰু অসমত বিজেপি চৰকাৰ হবই। বিজেপি,অগপ আৰু বিপিএফৰ মিত্ৰদলে চৰকাৰ গঠন কৰিব।”
নগাঁৱৰ উন্নয়নৰ কথা উল্লেখ কৰি তেওঁ বিজেপি প্ৰাৰ্থী তথা বিধায়ক ৰূপক শৰ্মাক প্ৰশংসা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই এই প্ৰসংগত কয়, বৰ্তমান নগাঁৱত ভূপেন হাজৰিকা কলাতীৰ্থ, আবিৰ্ভাৱ ক্ষেত্ৰ, শ্ৰদ্ধাঞ্জলি উদ্যান, জুবিনৰ গাৰ্গৰ স্মৃতিত নিৰ্মান কৰা উদ্যান হৈছে। পথ সমূহ আটকধুনীয়া হৈছে। পূৰ্বতে কংগ্ৰেছ চৰকাৰে এনে কৰিব পৰা নাছিল। ৰূপক শৰ্মাৰ কাৰ্যকালত যিমান কাম হ’ল পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ কাৰ্যকালত ইয়াৰ দহ শতাংশও হোৱা নাছিল। গতিকে ৰাইজে পুনৰবাৰ আশীৰ্বাদ দি ৰূপক শৰ্মাক বিজয়ী কৰিব।”
ডঃ শৰ্মাই বিজেপি চৰকাৰ হ’লে দূৰত্ব কমাবৰ বাবে নগাঁও আৰু গুৱাহাটীৰ মাজত ছয় লেনযুক্ত এক্সপ্ৰেছ হাইৱে নিৰ্মাণৰ কথাও ঘোষণা কৰি কয়, “নগাঁৱৰ পৰা মাত্ৰ ডেৰ ঘণ্টাত গুৱাহাটী পাব পৰাকৈ অহা পাঁচ বছৰত নিৰ্মাণ কৰা হ’ব ছয়লেনযুক্ত এক্সপ্ৰেছ হাইৱে। নগাঁৱত গঢ়ি তোলা হ’ব উদ্যোগ। প্ৰয়োজন অনুযায়ী নিৰ্মাণ কৰা হ’ব উৰণ সেঁতু।” আজি সভাখনত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মা, সুবৰ্ণ সিং, অভিজিৎ নাথ, মনিমাধৱ মহন্ত আদি উপস্থিত থাকে।
লগতে পঢ়কঃ নিশাৰ পৰাই জুবিন গাৰ্গক মদ্যপান কৰাইছিল অমৃতপ্ৰভা মহন্তই

