Assam Foreigners Deportation: Why Are Illegal Migrants Still Not Deported After 11 Years?ঘোষণাৰ ১১ বছৰৰ পিছতো অসমৰ বিদেশী বিতাড়ন নহ'ল কিয়ঃ প্ৰধানমন্ত্ৰীলৈ অজাপৰ প্ৰশ্ন

গুৱাহাটীঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক অসমলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণৰ দিনাই অসম জাতীয় পৰিষদে উত্থাপন কৰিছে কেইটামান (Assam Foreigners Deportation) ৷ দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত উল্লেখ কৰা মতে , প্ৰধানমন্ত্ৰী বিগত বৰ্ষৰ ২৪ ফেব্ৰুৱাৰী আৰু ১৩ ছেপ্টেম্বৰত অসমলৈ আহোঁতে অজাপই তেখেতৰ সন্মুখত ১৭টা প্ৰশ্ন উত্থাপন কৰিছিল। তেখেতৰ অসম ভ্ৰমণ কালত তেখেতে উক্ত প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ আহ্বান জনাইছিল ৷ কিন্তু তেখেতে এটাও প্ৰশ্নৰ উত্তৰ নিদিয়াকৈ অসমৰ পৰা উভতি গুছি গ’ল৷

বিজ্ঞপ্তিত লগতে উল্লেখ কৰে যে, ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ অসমলৈ আহোঁতেও দলটোৱে একাধিকবাৰ কেইটামান প্ৰশ্ন উত্থাপন কৰিছিলো ৷ তেখেতেও প্ৰশ্নকেইটাৰ উত্তৰ নিদিয়াকৈ গুছি গ’ল ।

এইবাৰ পুনৰ প্ৰধানমন্ত্ৰীক কেইটামান প্ৰশ্ন উত্থাপন কৰিছে বুলি উল্লেখ কৰি বিজ্ঞপ্তিত সংগঠনটোৰ নেতাদ্বয়ে উল্লেখ কৰে যে প্ৰশ্ন উত্থাপন কৰাৰ কাৰণ হ’ল, দেশৰ প্ৰধানমন্ত্ৰী বা গৃহমন্ত্ৰী ৰাইজৰ ওচৰত সাংবিধানিকভাৱে দায়বদ্ধ৷ তেওঁলোক আমাৰ দেশৰ জনসাধাৰণৰ ভাগ্য নিয়ন্তা ৷ তেওঁলোকৰ ওপৰত দেশৰ অন্য ৰাজ্যৰ দৰে অসমবাসী ৰাইজেও আশা-ভৰষা নিৰ্ভৰ কৰে ৷ তেওঁলোকে অসমবাসীক ইতিপূৰ্বে যিসমূহ প্ৰতিশ্ৰুতি দিছিল, সেইসমূহ তেখেতসকলে পূৰণ কৰা নাই ৷ ৰাজনৈতিক দল হিচাপে সেইসমূহ তেখেতসকলক সোঁৱৰাই দিয়াটো আমাৰ দায়িত্ব ৷

সংগঠনটোৱে বিজ্ঞপ্তিৰ জৰিয়তে কয় যে, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ কেলেংকাৰীৰ কথা এতিয়া অসমবাসী ৰাইজৰ মুখে মুখে৷ মুখ্যমন্ত্ৰী আৰু তেওঁৰ পৰিয়ালে ১২ হেজাৰ বিঘা মাটি আহৰণ কৰা বুলি সৰ্বত্ৰ চৰ্চা চলি আছে ৷ ২০১৬ চনত অসমত বিজেপি শাসনলৈ আহিলে হিমন্ত বিশ্ব শৰ্মাক জে’ললৈ প্ৰেৰণ কৰা হ’ব বুলি ২০১৫ চনতে বিজেপি দলে প্ৰতিশ্ৰুতি দি থৈছিল৷ তাৰ পাছত বিগত ১০ বছৰত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ দুৰ্নীতি-অনিয়ম কেইবাগুণ বৃদ্ধি হ’ল৷ তদুপৰি, শেহতীয়াকৈ অসমত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে উচটনি দি হিমন্ত বিশ্ব শৰ্মাই আইন ভংগ কৰাৰ লগতে উচ্চতম ন্যায়ালয়ে ইতিপূৰ্বে দি থোৱা নিৰ্দেশনাও অৱমাননা কৰিছে ৷ সেয়ে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰি আইনৰ কাঠগৰাত তুলি বিজেপি দলে ইতিপূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিব নে? সেই প্ৰশ্ন আমি উত্থাপন কৰিছো।

সংগঠনটোৱে দ্বিতীয় প্ৰশ্ন হিচাপে উল্লেখ কৰে যে-“২০১৪ চনৰ ২৮ এপ্ৰিলত মোদী ডাঙৰীয়াই ঘোষণা কৰিছিল যে ১৬ মে’ৰ পাছত অবৈধ বাংলাদেশীয়ে টালি-টোপোলা বান্ধি নিজ দেশলৈ উভতি যাব লাগিব৷ কিন্তু সেই ঘোষণাৰ ১১ বছৰ পিছতো সেই হুংকাৰ কাৰ্য্যকৰী নহ’ল৷

অসম চুক্তি আখৰে আখৰে ৰূপায়ণ কৰিম বুলি বাৰে বাৰে প্ৰতিশ্ৰুতি দিও বিজেপি চৰকাৰে বিদেশী চিনাক্ত, বহিষ্কৰণ, ভোটাৰ তালিকাৰ পৰা বিদেশীৰ নাম কৰ্তন একোয়ে নকৰিলে৷ ওলোটাই কা’ প্ৰণয়ন কৰি অসম চুক্তিৰ আত্মাক হত্যা কৰিলে৷

অসম চুক্তিৰ ৬নং দফা ৰূপায়ণৰ পৰামর্শ প্ৰদানৰ হকে স্বয়ং কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে গঠন কৰি দিয়া ন্যায়াধীশ (অৱ) বিপ্লৱ শৰ্মা কমিটীৰ প্ৰতিবেদন ‘দাৰি-কমা নকটাকৈ ৰূপায়ন কৰিম’ বুলি সংসদত ঘোষণা কৰিও সেই প্ৰতিবেদন এতিয়া অস্তিত্বহীন কৰি পেলালে৷

কা’ প্ৰয়োগেৰে ৪৩ বছৰৰ অবৈধ বিদেশীৰ বোজা অসমৰ ওপৰত জাপি দিয়াৰ পাছত এতিয়া আকৌ Immigration and Foreigners (Exemption) Order, 2025ৰ আধাৰত ২০২৪ চনৰ ৩১ ডিচেম্বৰলৈ অবৈধ নাগৰিকক অসমত সংস্থাপিত কৰাৰ পথ মুকলি কৰিলে; আৰু অসমৰ ওপৰত এইবাৰ ৫৩ বছৰৰ অবৈধ বিদেশীৰ বোজা জাপি দিলে ৷ এন আৰ ছি উন্নীতকৰণৰ কাম সম্পূৰ্ণ কৰিম বুলৈ কৈয়ে নকৰিলে ৷

গতিকে প্ৰশ্ন উত্থাপন হয়,ভাৰতৰ বুকুৰ এই সৰু ৰাজ্যখনে — যিখন ৰাজ্যই (অসম) দুবাৰকৈ বিজেপি চৰকাৰ প্ৰতিষ্ঠা আৰু কেন্দ্ৰত বাজপেয়ীৰ দিনৰে পৰা বিজেপিৰ চৰকাৰ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত সহায় কৰি আহিছে — ইমান কি অন্যায় কৰিলে যে বিজেপিৰ চৰকাৰে বাৰে বাৰে এই সৰু ৰাজ্যখনক আৰু অসমীয়া বোলা সৰু জাতিটোক নিঃশেষ কৰি দিব পৰা সকলো কামেই কৰি আছে?

বিজ্ঞপ্তিত উল্লেখ থকা তৃতীয় প্ৰশ্নটো হৈছে-অসমৰ চাহৰ সুনাম পৃথিৱীজোৰা ৷ নিজে ‘চাহৱালা’ৰ সন্তান বুলি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গৌৰৱ কৰে ৷ বাল্যকালত তেখেতে নিজে চাহ বিক্ৰি কৰিছিল বুলিও কয়৷ সেই চাহ উৎপাদনৰ সৈতে জীৱন-জীৱিকা জড়িত থকা ৭৫লাখতকৈ অধিক লোক আছে – যি ৰাজ্যখনৰ মুঠ জনসংখ্যাৰ ২০ শতাংশতকৈ অধিক হ’ব৷ এইসকলৰ জীৱনৰ মান উন্নত কৰাৰ কোনো ফলপ্ৰসু পদক্ষেপ বিজেপি চৰকাৰে লোৱা নাই ৷ বিজেপি দলে ২০১৬ চনত প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰ দৃষ্টি পত্ৰ ২০১৬-২৫ (Assam Vision Document 2016-2025)ৰ পাতনি (Introduction)তে সম্পূর্ণ ২ পৃষ্ঠা চাহ জনগোষ্ঠীয় লোকৰ আৰ্থ-সামাজিক অৱস্থাৰ পুতৌজনক ছবি বর্ণনা কৰিছে (পৃষ্ঠা ৮ আৰু ৯); আৰু বিজেপিৰ চৰকাৰ আহিলে সেইসমূহ সমাধানৰ আশ্বাস দিছিল (পৃ্ষ্টা ২৯ আৰু ৩০) ৷ আজি ৯বছৰ ৬ মাহৰ পিছতো ছবি একেখনেই আছে ৷ কোনো প্ৰতিশ্ৰুতি পূৰণ নহ’ল৷

আনকি চাহ শ্ৰমিকৰ মজুৰি দৈনিক ৩৫১.৩৩টকালৈ বৃদ্ধি কৰাৰ প্ৰতিশষৰুতি দিছিল বিজেপিয়ে৷ সেই প্ৰতিশ্ৰুতিও যোৱা ৯ বছৰে পালন নকৰিলে ৷

গতিকে আমি প্ৰশ্ন কৰিছো বিজেপি দলৰ প্ৰতি বিগত নিৰ্বাচনসমূহত একচেটিয়া সমৰ্থন আগবঢ়োৱা এই উপান্ত জনগোষ্ঠীক বিজেপি চৰকাৰে ইমান প্ৰতাৰণা কিয় কৰিলে?

তেওঁলোকে অসমত ৬ জনগোষ্ঠীৰ জনজাতিকৰণক লৈ ৰাইজ আন্দোলনমুখৰ হৈছে বুলি উল্লেখ কৰি বিজেপি দলে ইয়াৰ দৃষ্টি পত্ৰ ২০১৬-২৫ (Assam Vision Document 2016-2025)ত অসমৰ ৬জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল (পৃষ্ঠা নং ২৮) যদিও কাৰ্যকৰী নকৰিলে বুলি অভিযোগ কৰে।

বিজ্ঞপ্তিত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী মোদীয়ে নিজে ২০১৯ চনৰ ৩০ মাৰ্চত তিনিচুকীয়া জিলাৰ মৰাণ আৰু শোণিতপুৰ জিলাৰ গহপুৰত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত ৬জনগোষ্ঠীক জনজাতিকৰণৰ আশ্বাস দিছিল ৷
কিন্তু জনজাতিকৰণ কিয় নকৰিলে? কিয় ৰাইজক আন্দোলন কৰিবলৈ বাধ্য কৰিছে?

বিজ্ঞপ্তিৰ জৰিয়তে প্ৰশ্ন সমূহৰ উত্তৰ দিবলৈ প্ৰধানমন্ত্ৰীক আহ্বান জনাইছে।

লগতে পঢ়কঃ ইচ্ছাকৃতভাৱে বিলম্ব কৰা হৈছে জুবিন গাৰ্গৰ বিচাৰ প্ৰক্ৰিয়াঃ অজাপৰ অভিযোগ


Advertisement