গুৱাহাটীঃ কংগ্ৰেছক এৰি বৃহস্পতিবাৰে অন্য বিৰোধী দলসমূহে হোটেল গেটৱে’ত এক বৈঠকত মিলিত হয় (Assam Opposition Alliance)। বৈঠকত ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, ৰাছেল হুছেইন, অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈ, অজিত কুমাৰ ভূঞা, জগদীশ ভূঞা, CPI(M)ৰ সুপ্রকাশ তালুকদাৰ, CPIৰ কনক গগৈ, কৃষ্ণ গগৈ উপস্থিত থাকে।
মিত্ৰতা খৰতকীয়া কৰাৰ আহ্বান লুৰীণজ্যোতি গগৈৰ
বৈঠকৰ অন্তত সাংবাদিকৰে হোৱা বাৰ্তালাপত অজাপৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে মিত্ৰতা খৰতকীয়া কৰাৰ আহ্বান জনাইছে কংগ্ৰেছক। তেওঁ কয়, “হিমন্ত বিশ্ব শৰ্মাই কিনা বেচাৰ ৰাজনীতিৰ ব্যাপক সম্প্ৰসাৰণ ঘটাইছে।ভয় ভাবুকি ব্লেকমেইলিঙৰ ৰাজনীতি চলি থকাৰ মাজত জনসাধাৰণক স্পষ্ট বাৰ্তা দিবৰ বাবে, আমি। মিত্ৰতা শক্তিশালী কৰিব বিচাৰিছো। এইক্ষেত্ৰত মিত্ৰতা লেহেমীয়া হব নালাগে।”
গগৈয়ে কয়, “বিজেপিৰ সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰোধী শক্তি সমূহকো এই যাত্ৰাত সহযাত্ৰী কৰি লব লাগে। এইক্ষেত্ৰত কংগ্ৰেছে নিশ্চিতভাৱে উদ্যোগ লব লাগে। নিৰ্বাচনলৈ বাকী থকা এই ৪৫ টা দিন আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ।”
ইপিনে মিত্ৰতাৰ প্ৰসংগত অজিত কুমাৰ ভূঞাই কয়, ” ৬টা ৰাজনৈতিক দলৰ আজি বৈঠক অনুষ্ঠিত হৈছিল। বিৰোধী ঐক্য আৰু আসন বুজাবুজিৰ লেহেমীয়া গতিক আজিৰ সভাই গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। বিজেপিক পৰাভূত কৰাৰ স্বাৰ্থত এই আসন বুজাবুজি তৰান্বিত কৰিবৰ বাবে কংগ্ৰেছক আহ্বান জনাইছো। তদুপৰি ধৰ্মনিৰপেক্ষ দল সমূহে একত্ৰিতহৈ প্ৰচাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত গুৰুত্ব আৰোপ কৰিছো।
১৫ খন আসন বিচাৰিছে ৰাইজৰ দলে
ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়েও মিত্ৰতা অনতিবিলম্বে হোৱাৰ আহ্বান জনায়। তেওঁ কয়, ” মিত্ৰতা লেহেমীয়া হোৱাৰ বাবে উদ্বিগ্ন হৈছো। মিত্ৰতা সোনকালে হব লাগে। মিত্ৰ দল সমূহে একেলগে সভা-সমিতি অনুষ্ঠিত কৰিব লাগে। গগৈয়ে কয়, “প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কৈছিল ১৯ তাৰিখৰ ভিতৰত কথাবোৰ শেষ হব। গতিকে কাইলৈ বা পৰহিলৈ ভাল খবৰ পাম বুলি আমি আশাবাদী। পলম হোৱাৰ বাবে আমি অশান্তি পাইছো।”
গগৈয়ে ৰাইজৰ দলে ১৫ খন আসন বিচাৰিছে বুলি মন্তব্য কৰি কয়, ” ৪৬ টা সমষ্টিত আমাৰ স্থিতি শক্তিশালী। কিন্তু কংগ্ৰেছক আমি ১৫ খন আসন বিচাৰিছো।”
লগতে পঢ়কঃ কংগ্ৰেছৰ জনতাৰ অভিযোগনামা উন্মোচন

