বিশ্বনাথ চাৰিআলিঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সহানুভূতি আদায়ৰ বাবে গৌৰৱ গগৈৰ ওপৰত কংগ্ৰেছৰ ভিতৰৰ পৰাই আক্ৰমণৰ ষড়যন্ত্ৰ চলাই বুলি অভিযোগ কৰাৰ পিছত এই সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে (Assam Political Controversy)।
বৃহস্পতিবাৰে বিশ্বনাথত সাংবাদিকৰ আগত গগৈয়ে কয়, “মুখ্যমন্ত্ৰীক ৰাজনৈতিক ভাৱে সুৰক্ষা প্ৰদানত ব্যস্ত অসম আৰক্ষী। কোনোবা এজন বিজেপি দলৰ সদস্যৰ এজাহাৰৰ ভিত্তিত অসম আৰক্ষীয়ে কংগ্ৰেছৰ হৰ্ডিং, প্লেকাৰ্ড বনোৱা লোকক দিছপুৰ আৰক্ষী থানা লৈ মাতিছে। এজাহাৰখনত হেনো উল্লেখ আছে যে এজাহাৰ দিয়া ব্যক্তিজনে কৰবাৰ পৰা খবৰ পাইছে কংগ্ৰেছৰ ভিতৰৰ কোনো লোকে প্ৰদেশ কংগ্ৰেছৰ সভাপতি অৰ্থাৎ মোৰ ওপৰত আক্ৰমণ কৰিব। দিছপুৰ আৰক্ষী থানা ইমান তৎপৰ, সেই এজাহাৰখন সঁচা বুলি লৈ কংগ্ৰেছৰ হৰ্ডিং, প্লেকাৰ্ড আদি বনোৱাৰ দায়িত্বত থকা লোকসকলক মাতি আনি বাৰম্বাৰ প্ৰশ্ন কৰিছে। যদি মোৰ ওপৰত ষড়যন্ত্ৰ। মই কৈছো যি সকলক জেৰা কৰিছে তেওঁলোকৰ কোনো সম্পৰ্ক নাই।”
অসম আৰক্ষীকো সমালোচনা কৰি গৌৰৱ গগৈয়ে কয়, ” অসম আৰক্ষীয়ে এনেধৰণৰ ভূমিকা লোৱাটো দুৰ্ভাগ্যজনক। মুখ্যমন্ত্ৰীও শংকিত হৈছে। সেয়ে হৰ্ডিং, প্লেকাৰ্ড বনোৱা লোক সকলক ভাবুকি দিছে। অসম আৰক্ষীয়েও সাধাৰণ ৰাইজকলৈ এনে তৎপৰতা নেদেখুৱাই। কোনো মহিলাই যদি কিবা অভিযোগলৈ আৰক্ষী থানালৈ যায় তেতিয়া আৰক্ষীয়ে সেই অভিযোগ পঞ্জীয়ন নকৰে। কাৰণ মুখ্যমন্ত্ৰীয়ে অভিযোগ পঞ্জীয়ন নকৰাকৈ ৰাখি বাহিৰত অপৰাধমুক্ত অসম দেখুৱাব বিচাৰে। কিন্তু অসমত মহিলাৰ ওপৰত নিৰ্যাতন পূৰ্বতকৈও অধিক হৈছে অপৰাধ বাঢ়িছে। অসম আৰক্ষী অসমৰ ৰাইজৰ নহয় নেকি? অসম আৰক্ষীক দৰমহা মুখ্যমন্ত্ৰীয়ে জেপৰ পৰা দিয়ে নেকি? অসম আৰক্ষীয়ে ৰাইজৰ অভিযোগ গ্ৰহণ নকৰে। মুখ্যমন্ত্ৰীয়ে যেনেদৰে কয় তেনেদৰেহে কাম কৰে।”
অসমৰ ইতিহাসত গৃহবিভাগৰ দায়িত্বত থকা আটাইতকৈ বিফল মুখ্যমন্ত্ৰী বুলি ডঃ হিমন্ত বিশ্ব শৰ্মাক অভিহিত কৰি সাংসদ গৌৰৱ গগৈয়ে কয়, ” তেওঁ স্থানীয় ৰাইজৰ অভিযোগ ল’বলৈ আৰক্ষীক বাধা প্ৰদান কৰিছে। এনেধৰণৰ অলিখিত নিৰ্দেশ দিছে।”
মুখ্যমন্ত্ৰীয়ে সাংসদ গৌৰৱ গগৈৰ বিৰুদ্ধে আদালতত মানহানি গোচৰ তৰা সম্পৰ্কত গৌৰৱ গগৈয়ে কয়, “যিজনৰ মান নাই তেওঁৰ মান হানি কেনেকৈ? ৰাহুল গান্ধীয়ে ঠিকেই কৈছিল আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হ’ল হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ দুৰ্নীতি ফাদিল কৰাৰ বাবেই তেওঁ মান হানি গোচৰ তৰিছে।
তেওঁ ৰাজনীতিবিদ নহয় নেকি? তেওঁৰ জনতা আদালতৰ ওপৰত বিশ্বাস নাই নেকি? আমাৰ কণ্ঠৰোধ কৰিবলৈ মুখ্যমন্ত্ৰী আদালতলৈ গৈছে। তেওঁৰ কথা অসমৰ চুকে কোণে প্ৰতিঘৰ মানুহে জানে । দুই-তিনিজনৰ কণ্ঠৰোধ কৰিলেও অসমৰ সকলো জনসাধাৰণক মৌন কৰিব নোৱাৰে। জনতাৰ আদালতত এজন ৰাজনীতিবিদ হিচাপে আমাৰ লগত সন্মুখৰ পৰা যুঁজ দিয়ক। পাকিস্তান সংযোগ সম্পৰ্কত আমাৰ ওপৰত অভিযোগ আনোতে আমিও গোচৰ দিব পাৰিলোহেঁতেন। কিন্তু আমি এজন ৰাজনীতিবিদ। মই জনতাৰ বিবেকৰ ওপৰত বিশ্বাস কৰো। অসমৰ ৰাইজে কি সঁচা কি মিছা ভালদৰে জানে।
ইপিনে বিভিন্ন বিৰোধী ৰাজনৈতিক দলৰ লগত চূড়ান্ত পৰ্যায়ৰ পৰ্যন্ত আলোচনাৰ বাবে সাংসদ ৰকিবুল হুছেইন আৰু প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাক দায়িত্ব দিয়া হৈছে বুলি মন্তব্য কৰি গৌৰৱ গগৈয়ে কয় যে এই সম্পৰ্কতো বিজেপিয়ে অপপ্ৰচাৰ চলাই আছে।
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এটা ভিডিঅ’কলৈ দেশজুৰি বিতৰ্কৰ সৃষ্টি হোৱা সম্পৰ্কত তেওঁ কয়, ‘” মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে অসমৰ বিশিষ্ট ব্যক্তিয়ে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিবলগীয়া হৈছে। ই লজ্জ্বাজনক কথা। ৰাষ্ট্ৰীয় পৰ্যায়তো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিছে।
উল্লেখযোগ্য যে বৃহস্পতিবাৰে জামুগুৰিহাটৰ কুসুমতলাত কংগ্ৰেছৰ সময় পৰিবৰ্তন যাত্ৰাৰ সময়তে কংগ্ৰেছৰ বাহনত একাংশ দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে। প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ সৈতে যোৱা তিনিখন বাহনত দুস্কৃতিকাৰীয়ে আক্ৰমণ কৰে।
লগতে পঢ়কঃ নগাঁও বটদ্ৰৱাত সাহস গোটাব নোৱাৰা শিবামনি বৰাৰ লক্ষ্য কিয় সংখ্যালঘু অধ্যুষিত ধিং?
