নিউজ ডেস্কঃ বহুকেইগৰাকী সংখ্যালঘু নেতাই অসমত এজনো বাংলাদেশী নাই বুলি বাৰম্বাৰ দাবী কৰি অহাৰ সময়তে অসমত এহেজাৰ হলেও মুছলমান বাংলাদেশী থকাৰ কথা স্বীকাৰ কৰিলে এই আই ইউ ডি এফৰ বিধায়ক আমিনুল ইছলামে (Bangladeshi Muslims in Assam)। ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে নৰ্থ ইষ্ট’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিধায়ক ইছলামে এই বিস্ফোৰক মন্তব্য কৰি কয়, “অসমৰ ঘৰে ঘৰে যদি চৰজমিন সমীক্ষা চলোৱা হয়, তেন্তে ১০০০ ৰ অধিক মুছলমান বাংলাদেশী লোক নাপাব।”
তেওঁ কয়, “স্বাধীনতাৰ আগত অসম বিধানসভাৰ ১০৮ খন আসনৰ ভিতৰত ৩৪ জন মুছলমান বিধায়ক আছিল। ১৯৪৬ চনৰ বিধানসভা নিৰ্বাচনতো ৩৪ জন মুছলমান বিধায়ক আছিল। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছত বহু মুছলমান মানুহে ভাৰতবৰ্ষ ত্যাগ কৰি পূৱ পাকিস্তানলৈ গুছি যায়। এতিয়াও যদি আপুনি চাই যোৰহাট, নগাঁও আৰু তেজপুৰত ঢাকাপট্টি বুলি ঠাই আছে। সেই ঠাই সমূহত পূৱ পাকিস্তানৰ ঢাকাৰ লোকে বসবাস কৰিছিল। সেই লোক সকলে স্বাধীনতাৰ পিছত ভাৰত ত্যাগ কৰি পূৱ পাকিস্তানলৈ গুছি গৈছিল। কিন্তু প্ৰায় ৪৫ শতাংশ লোক ভাৰততে থাকি গৈছিল।”
১৯৫১ চনৰ লোকপিয়লত বহু লোকৰ নাম অন্তৰ্ভুক্ত হোৱা নাছিল বুলি অভিযোগ কৰি বিধায়ক ইছলামে সাক্ষাৎকাৰটোত কয়, “অসমৰ সীমান্ত অঞ্চল অথবা নদীকাষৰীয়া বহু লোকৰ নাম যোগাযোগ ব্যৱস্থা ব্যাহত থকাৰ বাবে ১৯৫১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত হোৱা নাছিল।”
তদানীন্তন সাংসদ হেম বৰুৱাই লিখা এখন গ্ৰন্থৰ উদ্ধৃতি দি তেওঁ কয়, “এই গ্ৰন্থখনত ৫৫ হাজাৰৰো অধিক লোকৰ নাম ১৯৫১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত নোহোৱাৰ তথ্য আছিল। যোগাযোগৰ বাবে যি সকল লোকৰ নাম ১৯৫১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত হোৱা নাছিল তেওঁ লোকৰ নাম ১৯৬১ চনৰ লোকপিয়লত অন্তৰ্ভুক্ত কৰা হয়। কাৰণ সেই সময়ত যাতায়ত ব্যৱস্থা উন্নত হয়। লোকপিয়লত মুছলমান লোকৰ নাম ১৯৫১ চনতকৈ ১৯৬১ চনত বৃদ্ধি পোৱাৰ মূল কাৰণ হৈছে সেইটো।”
বিধায়ক ইছলামে লগতে কয়,” মনিপুৰ, মিজোৰাম, মেঘালয় আদি ৰাজ্য গঠন হোৱাৰ পিছত অসমত হিন্দু আৰু খ্ৰীষ্টান লোকৰ সংখ্যা কমি যায়। কাৰণ বহু লোক সেই ৰাজ্যসমূহৰ বাসিন্দা হয়।”
১৯৮৩ আৰু ১৯৮৫ চনৰ মাজত ৫২ লাখ মুছলমান লোকলৈ জাননী জাৰি কৰা হৈছিল আৰু তেওঁলোকৰ পৰিচয়, ঠিকনা পৰীক্ষা কৰা হৈছিল বুলিও তেওঁ সাক্ষাৎকাৰটোত উল্লেখ কৰে।
বিধায়ক আমিনুল ইছলামে কয়, ” অসমত বসবাস কৰা মুছলমানসকলৰ নাগৰিকত্ব বহু বছৰ ধৰি বিভিন্ন চৰকাৰী প্ৰক্ৰিয়াৰ জৰিয়তে বাৰে বাৰে পৰীক্ষা কৰা হৈছে। নিৰ্বাচনী বিধিৰ সময়তো তেওঁলোকে আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট আদি তথ্য পাতি দাখিল কৰিছিল। এজন মুছলমান ব্যক্তিৰ অসমত ১৫ বাৰৰো অধিক পৰিচয় পৰীক্ষা কৰা হৈছে। ইয়াৰ পিছতো যদি এই সকল লোকক বাংলাদেশী, অনুপ্ৰৱেশকাৰী, মিঞা আদি শব্দৰে তুচ্ছ তাচ্ছিল্য কৰে তেন্তে এই সমস্যাটো কোনে সমাধান কৰিব।”
তেওঁ লগতে কয়, “ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী প্ৰক্ৰিয়াত মুছলমান সমাজে সৰ্বাধিক কঠোৰ পৰীক্ষাৰ সন্মুখীন হ’বলগীয়া হৈছে। যিহেতু মুছলমানসকলৰ নথি-পত্ৰ একাধিকবাৰ পৰীক্ষা কৰা হৈছে । সেইবাবে বৃহৎ সংখ্যাত বাংলাদেশী মুছলমান অসমত আছে বুলি কোৱা কথা সঠিক নহয়।”
ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ দ্বিতীয় খচৰা তালিকাৰ কথা উল্লেখ কৰি ‘ইণ্ডিয়া টুডে নৰ্থ ইষ্ট’ ৰ সৈতে হোৱা সাক্ষাৎকাৰত বিধায়ক আমিনুল ইছলামে কয়, “এনে আৰু চিৰ দ্বিতীয় খচৰাত প্ৰায় ১৯ লাখ লোকৰ নাম তালিকাৰ পৰা বাদ পৰিছিল। এইসকলৰ ভিতৰত প্ৰায় ১২ লাখ লোক অমুছলমান আছিল, আৰু মাত্ৰ প্ৰায় ৬ৰ পৰা ৭ লাখমানহে মুছলমান আছিল। ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা লোকসকলক স্বয়ংক্ৰিয়ভাৱে বাংলাদেশী বা বিদেশী বুলি আখ্যা দিব নোৱাৰি, কিয়নো আইন অনুসৰি তেওঁলোকক ‘ৰিজেকশ্যন শ্লিপ’ লাভ কৰাৰ পাছত বিদেশী ন্যায়াধিকৰণত নিজৰ কথা আগবঢ়োৱাৰ সুযোগ দিয়া হয়। ন্যায়াধিকৰণসমূহত নথি-পত্ৰ দাখিল কৰাৰ পাছত ৰাষ্ট্ৰীয় নাগৰিক পঞ্জীৰ পৰা বাদ পৰা প্ৰায় ৯০ শতাংশ মুছলমান আবেদনকাৰীক ভাৰতীয় নাগৰিক হিচাপে স্বীকৃতি দিয়াৰ সম্ভাৱনা আছে।”
সাক্ষাৎকাৰটোৰ শেষত এই আই ইউ চি এফৰ বিধায়কজনে দাবী কৰে যে অসমত অবৈধভাৱে বসবাস কৰা বাংলাদেশী মুছলমানৰ প্ৰকৃত সংখ্যা অতি কম হ’ব। “সকলো পৰীক্ষা-নিৰীক্ষাৰ পাছতো এই সংখ্যা প্ৰায় ১,০০০ জনমান হ’ব পাৰে,” বুলি তেওঁ কয়। লগতে তেওঁ উল্লেখ কৰে যে নাগৰিকত্ব নথি বাৰে বাৰে পৰীক্ষা কৰা স্বত্বেও ৰাজনৈতিক ভাষ্যত এই বিষয়টো প্ৰায়ে উল্লেখ কৰা হয়। বিধায়ক আমিনুল ইছলামে ৰাষ্ট্ৰীয় সংবাদ মাধ্যম ‘ইণ্ডিয়া টুডে নৰ্থ ইষ্ট’ৰ সাক্ষাৎকাৰত দিয়া এই মন্তব্যই সাম্প্ৰতিক ৰাজনৈতিক পৰিবেশত তাৎপৰ্য বহন কৰিছে।
লগতে পঢ়কঃ ৰহাত কি হ’ব কংগ্ৰেছ বিজেপিৰ ৰাজনৈতিক সমীকৰণ?
