Political tension between AGP and BJP over Barhampur seat in Assamবঢ়মপুৰ বিধানসভা সমষ্টিক অগপ বিজেপিৰ মিত্ৰতাত ফাট!

নগাঁও: বিধানসভা নিৰ্বাচনলৈ কেইটামান দিন বাকী থকা অৱস্থাত মধ্য অসমৰ দুটা সমষ্টি বিশেষ ভাৱে চৰ্চিত হৈছে। এই সমষ্টি দুটা হৈছে বঢ়মপুৰ আৰু কলিয়াবৰ। সমষ্টি দুটাৰ প্ৰাৰ্থিত্বক কেন্দ্ৰ কৰি শাসনাধিষ্ঠিত দুই মিত্ৰ দল অগপ-বিজেপিৰ মাজত অন্তকলহৰ সৃষ্টি হৈছে। বিশেষকৈ বঢ়মপুৰ বিধানসভা সমষ্টিৰ প্ৰাৰ্থিত্বকলৈ অগপ-বিজেপিৰ অন্তকলহে যুযোধান ৰূপ লৈছে(Barhampur AGP BJP Conflict)। দুইটা সমষ্টিৰ ইতিহাস যদি চোৱা যায় তেন্তে দেখা যায় যে বঢ়মপুৰ আৰু কলিয়াবৰ দুইটা সমষ্টি অগপৰ দুৰ্গ হিচাপে চিহ্নিত।

কলিয়াবৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক ইতিহাসৰ একাংশ

কলিয়াবৰ বিধানসভা সমষ্টিটোৰ পৰা ১৯৮৫ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত বিজয়ী হৈছিল। সেই সময়ত মহন্তই নগাঁও আৰু কলিয়াবৰ দুটা সমষ্টিৰ পৰা বিজয়ী হোৱাৰ পৰিপ্ৰেক্ষিতত কলিয়াবৰ সমষ্টিটো এৰি দিয়ে। ফলত ১৯৮৫ চনৰ উপ নিৰ্বাচনত গুণীন হাজৰিকা বিজয়ী হৈছিল।
পৰবৰ্তী সময়ত ১৯৯১ চনৰ পৰা ২০০৬ চনলৈকে অগপ প্ৰাৰ্থী গুণীন হাজৰিকাই সমষ্টিটো প্ৰতিনিধিত্ব কৰিছিল। ২০০৬ চনৰ পৰা বৰ্তমানলৈকে অগপৰ কেশৱ মহন্ত সমষ্টিটোৰ বিধায়ক হৈ আছে। ২০২১ চনৰ নিৰ্বাচনত বিজেপি-অগপ মিত্ৰজোটৰ প্ৰাৰ্থী কেশৱ মহন্তই লাভ কৰিছিল ৭৩ হাজাৰ ৬৭৭ ভোট । কংগ্ৰেছ প্ৰাৰ্থী প্ৰশান্ত শইকীয়াই ৪৪ হাজাৰ ৯৫৭ টা ভোট লাভ কৰিছিল।

বঢ়মপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক ইতিহাসৰ একাংশ

বঢ়মপুৰ বিধানসভা সমষ্টিৰ ৰাজনৈতিক ইতিহাস যদি চোৱা যায় তেন্তে দেখা যায় যে ১৯৮৫ চনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা বিজয়ী হৈছিল অগপ সমৰ্থিত প্ৰাৰ্থী গিৰীন্দ্ৰ কুমাৰ বৰুৱা। ১৯৯১ চনৰ পৰা ২০২১ চনলৈকে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত সমষ্টিটোৰ বিধায়ক হয়। কবলৈ গ’লে এই সমষ্টিটো একপ্ৰকাৰ অগপৰ দুৰ্গ আছিল।

কিন্তু ২০২১ চনত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ সুবিধালৈ সমষ্টিটো বিজেপিক এৰি দিয়া হয়। ফলত বিজেপি প্ৰাৰ্থী জিতু গোস্বামী বিজয়ী হয়। জিতু গোস্বামীয়ে ৭০১১১টা ভোট লাভ কৰাৰ বিপৰীতে কংগ্ৰেছৰ সুৰেশ বৰাই ৬৯৭৯৯ টা ভোট লাভ কৰিছিল। অৰ্থ্যাৎ মাত্ৰ ৭৫১ টা ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থীজন বিজয়ী হৈছিল।

অগপক লাগে বঢ়মপুৰ

২০২৬ চনৰ বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব প্ৰদানৰ দাবী উত্থাপন কৰিছে অসম গণ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত জনোৱা মতে বঢ়মপুৰ সমষ্টি অগপৰ দুৰ্গ। সমষ্টিটোত দলটোৰ শক্তিশালী সাংগঠনিক ভেটি আছে। গতিকে ২০২৬ চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী প্ৰক্ষেপ কৰা উচিত। কিয়নো ২০২১ চনৰ বিধানসভা নিৰ্বাচনত অগপ প্ৰাৰ্থী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ অসুস্থতাৰ বাবেহে বঢ়মপুৰ বিধানসভা সমষ্টিটো মিত্ৰতাৰ সূত্ৰে বিজেপিক প্ৰদান কৰা হৈছিল। মহন্তই উল্লেখ কৰে, “২০২১ চনৰ বিধানসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থীজনে সামান্য ভোটৰ ব্যৱধানতহে কংগ্ৰেছ প্ৰাৰ্থীজনক পৰাজিত কৰিছিল।” বঢ়মপুৰ সমষ্টিৰ অগপ কৰ্মী সকলেও সমষ্টিটো কোনো পধ্যেই বিজেপিক এৰি নিদিয়ে বুলি সকীয়াই দিয়ে।

বিজেপিৰো প্ৰত্যাহ্বান

ইপিনে বঢ়মপুৰ বিধানসভা সমষ্টিত এৰি নিদিও বুলি দৃঢ়তাৰে কৈছে সমষ্টিটোৰ বিধায়ক জিতু গোস্বামীয়ে। গোস্বামীয়ে কয়, “মই অসম গণ পৰিষদৰ সভাপতিৰে মন্তব্য নুশুনো। এনে ক্ষেত্ৰত জিলা সভাপতি এজনৰ মন্তব্য মোৰ ওচৰত গুৰুত্বহীন।” তেওঁ লগতে সকীয়াই দি কয় যে, মোক জোকাই ললে ফল ভোগ কৰিব লাগিব।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে বঢ়মপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অতি ঘনিষ্ঠ। ইয়াৰ বিপৰীতে অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্ত দলটোৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ ভাতৃ।

এৰাই চলিব বিচাৰিছে কেশৱ মহন্তই

অসম গণ পৰিষদৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই বিষয়টো এৰাই চলিব বিচৰা পৰিলক্ষিত হয়। সাংবাদিক বঢ়মপুৰ বিধানসভা সমষ্টিৰ সম্পৰ্কত তেওঁক প্ৰশ্ন সোধাত তেওঁ কয় যে যিহেতু বিজেপিৰ লগত মিত্ৰতাৰ পাশত আৱদ্ধ। গতিকে মিত্ৰতাৰ সূত্ৰমতে যি গৰাকী ব্যক্তিয়েই প্ৰাৰ্থিত্ব লাভ কৰে তেওঁকে সমৰ্থন জনোৱা হব।

কেশৱ মহন্তক চাপত ৰখাৰ চেষ্টা বিজেপিৰ

বঢ়মপুৰ সমষ্টি অগপই বিচৰাক কেন্দ্ৰ কৰি অগপৰ কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তক চাপত ৰাখিবৰ বাবে বিজেপিয়ে কৌশল ৰচনা কৰিছে। চৰ্চিত হোৱা মতে এই কৌশলৰ আঁৰত আছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। এই কৌশল অনুযায়ী ইতিমধ্যে অগপৰ নগাঁও জিলা সমিতিৰ সভাপতি মণিমাধৱ মহন্তৰ ঘনিষ্ঠ মুন্না শৰ্মা নামৰ অগপ নেতাজনে বিজেপিত যোগদান কৰে। মুন্না শৰ্মাই ইতিমধ্যে সংবাদ মাধ্যমৰ আগত কলিয়াবৰ বিধানসভা সমষ্টিটো বিজেপিয়ে বিচাৰিছে বুলি সদৰী কৰে। আনকি কলিয়াবৰ সমষ্টিৰ বিজেপি কৰ্মীয়ে বিগত পঞ্চায়ত নিৰ্বাচনত দ্বাৰ বাগৰি জিলা পৰিষদ সমষ্টিৰ পৰা বিনা প্ৰতিদ্বন্দিতাৰে বিজয়ী হোৱা জীতেন্দ্ৰ গৌড়ক প্ৰাৰ্থী হিচাপে বিচৰা কথা সদৰী কৰে। মুন্না শৰ্মাই কয় যে কলিয়াবৰত বিজেপিৰ ভেটি শক্তিশালী। অগপই বিজেপিৰ বোকোচাত উঠিহে বিগত নিৰ্বাচনত বিজয়ী হৈছিল। গতিকে এইবাৰ সমষ্টিটো বিজেপিক লাগিব। বিজেপিৰ এই ৰাজনৈতিক কৌশলে বিমোৰত পেলাইছে মন্ত্ৰী কেশৱ মহন্তক। চৰ্চিত হোৱা মতে যদি অগপই বঢ়মপুৰ সমষ্টি নিবিচাৰে তেতিয়া বিজেপিয়েও কলিয়াবৰ সমষ্টি নিবিচাৰে। অন্যথা বিজেপিকো কলিয়াবৰ বিধানসভা সমষ্টি লাগিব।

নগাঁও জিলাত ক্ৰমশঃ অস্তিত্বহীন হোৱাৰ পথত অগপ

উল্লেখযোগ্য যে এসময়ত আঞ্চলিকতাবাদৰ সবল ভেটি নগাঁও জিলাত বৰ্তমান অগপ অস্তিত্বহীন হৈ পৰিছে। এসময়ত কলিয়াবৰ, বঢ়মপুৰ, নগাঁও সদৰ, বটদ্ৰৱা, ৰহা আদি বিধানসভা সমষ্টি অগপৰ দখলত আছিল। স্বাভাৱিকতে এতিয়া প্ৰশ্ন উঠিছে অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তই নিজৰ গাদী সুৰক্ষিত কৰাৰ স্বাৰ্থত বিজেপিৰ ৰণ কৌশল তথা হেঁচাৰ ওচৰত সেও মানি বঢ়মপুৰ বিধানসভা সমষ্টিটো বিজেপিক এৰি দিব নে, অগপৰ নগাঁও জিলা সমিতি তথা মণিমাধৱ মহন্তই বঢ়মপুৰ সমষ্টি বিচৰা দাবীক সমৰ্থন আগবঢ়াব? ই এক জটিল প্ৰশ্ন হৈ পৰিছে কেশৱ মহন্তৰ বাবে। কাৰণ বঢ়মপুৰ সমষ্টিৰ ক্ষেত্ৰত আপোচ কৰিলে নগাঁও জিলাৰ বহু অগপ কৰ্মী ক্ষোভিত হোৱাৰ সম্ভাৱনা আছে। গতিকে এই প্ৰশ্নৰ উচিত সমাধান তথা কেশৱ মহন্তৰ স্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব নগাঁও জিলাত অগপৰ ভৱিষ্যত।

লগতে পঢ়ক: প্ৰাৰ্থিত্বক লৈ দুটা ভাগত বিভক্ত অগপ


Advertisement