বটদ্ৰৱাঃ দৌল উৎসৱৰ মাজতে মঙলবাৰে বটদ্ৰৱা থানত উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। বটদ্ৰৱা থানত চলি থকা দৌল যাত্ৰা মহোৎসৱৰ মঙলবাৰে দ্বিতীয় দিনটোত উপস্থিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Batadrava Than Dress Code)। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ তেওঁ কীৰ্তনঘৰত প্ৰৱেশ কৰি গুৰুজনাৰ সেৱা গ্ৰহণ কৰে। তাৰ পিছতে বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতেও কিছু সময় বাৰ্তালাপত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

ইয়াৰ পাছতেই সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষকৈ বটদ্ৰৱাৰ শ্ৰীমন্ত শংকৰদেৱ আবিৰ্ভাৱ ক্ষেত্ৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। এতিয়াৰ পৰা আবিৰ্ভাৱ ক্ষেত্ৰত জাতীয় সাজ-পোছাক পৰিধান কৰা লোকেহে প্ৰৱেশ কৰিব পাৰিব বুলি আনুষ্ঠানিক ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
জাতীয় সাঁজ পৰিধান নকৰাকৈ কোনো লোকেই প্ৰৱেশ কৰিব নোৱাৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, বটদ্ৰৱা আবিৰ্ভাৱ ক্ষেত্ৰৰ পৱিত্ৰতাৰ প্ৰতি লক্ষ্য ৰাখি জাতীয় সাঁজ বাধ্যতামূলক কৰা হৈছে। প্ৰকল্পত যিকোনো লোকেই প্ৰৱেশ কৰিব পাৰিব যজিও জাতীয় সাঁজ পৰিধান কৰিহে প্ৰৱেশ কৰিব পাৰিব। কিন্তু ১২ বছৰৰ তলৰ লোকৰ ক্ষেত্ৰত এই নিয়ম প্ৰযোজ্য নহ’ব।

উল্লেখযোগ্য যে, বিগত কেইদিনমানৰ পৰা এই আৱিৰ্ভাৱ ক্ষেত্ৰৰ ভিতৰত একাংশ লোকে এক উচ্ছৃঙ্খল পৰিবেশৰ সৃষ্টি কৰি আহিছিল। আনকি এগৰাকী যুৱতীৰ উদ্যম নৃত্যক লৈয়ো বিতৰ্কৰ সূচনা হৈছিল।”
লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছৰ লগতে অখিল গগৈৰ ৰাইজৰ দলকো তীহ্ৰ সমালোচনা কৰে। কংগ্ৰেছ দল অসম আৰু অসমীয়াৰ দল নহয় বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।।
ৰাইজৰ দল আৰু কংগ্ৰেছৰ মিত্ৰতা সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে – যি কেইটা আসনক লৈ কাজিয়া হৈ আছে সেইকেইটা আসন হৈছে বাংলাদেশী মূলৰ মুছলিম জনসংখ্যা থকা আসন।
বটদ্ৰৱা থানত উপস্থিত হোৱাৰ পাছত মখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক শৰ্মাই
লগতে পঢ়কঃ বৰদোৱাৰ দৌল উৎসৱে বিলাওক সমন্বয়ৰ বাৰ্তা

