গুৱাহাটীঃ অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই পদত্যাগ কৰাৰ পিছতে বৰাৰ বাসগৃহত উপস্থিত হয় বহু কেইজন জ্যেষ্ঠ কংগ্ৰেছী নেতাৰ লগতে বিৰোধী নেতা (Bhupen Bora News)। তেওঁলোকে বৰাক পদত্যাগৰ সিদ্ধান্ত পুনৰ বিবেচনা কৰিবলৈ আহ্বান জনায়।
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ, কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া, সাংসদ প্ৰদ্যুৎ বৰদলৈ, নিখিল ভাৰত কংগ্ৰেছৰ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিং, কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ লগতে বিৰোধী দলৰ নেতা অখিল গগৈয়ে ভূপেন বৰা লগত আলোচনাত মিলিত হয়।
কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে কয়, “ভূপেন দাই যি কৰিব দলৰ কাৰণে ভালটোকে কৰিব। যদি কিবা সিদ্ধান্ত লৈছে সেইয়া প্ৰত্যাহাৰ কৰিব। ভূপেন দা যিহেতু দলৰ এজন জ্যেষ্ঠ তথা দায়িত্বশীল নেতা সেয়ে আমি তেওঁৰ ঘৰলৈ আহিছো বিষয়টো আৰু তেওঁ কি বেয়া পাইছে জানিবৰ বাবে। প্ৰাক্তন সভাপতি হিচাপে দলৰ কৰ্মীৰ মুখলৈ চাই তেওঁ এনেধৰণৰ সিদ্ধান্ত নলয় বুলি বিশ্বাস আছে।”
বৰঠাকুৰে লগতে কয়, ” মই মহিলা কংগ্ৰেছত আছো। মোৰ কথা চিন্তা কৰিলে নহব। মোৰ লগতে কৰ্মী সকলৰ কথাও চিন্তা কৰিব লাগিব। ভূপেন দাৰ প্ৰতিও কৰ্মী সকলে আশা কৰিছে। গতিকে নিশ্চয় তেওঁ এনে সিদ্ধান্ত নলব। ইয়াৰ পিছতো যদি লয় দুৰ্ভাগ্য।”
ইপিনে ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈয়ে কয়, “ভূপেন বৰা আমাৰ মাজৰ পৰা আতৰি নাযায়। কংগ্ৰেছৰ ভিতৰত যদি সংঘাটো হৈছে ভূপেন বৰা বিজেপিলৈ নাযায়। আমি বিৰোধী দল সমূহে ভূপেন বৰাক বিৰোধী শিবিৰৰ পৰা যাবলৈ নিদিও। ভূপেন বৰা মোৰ অভিভাৱকৰ দৰে, তেওঁ মোৰ ৰাজনৈতিক উপদেষ্টা হয়। মই ৰাজনৈতিক সংকটত পৰিলে ভূপেন দাৰ লগত কথা পাতো। ভূপেন বৰাই সদায় ইতিবাচক পৰামৰ্শ দিয়ে।”
বিধায়ক অখিল গগৈয়ে প্ৰয়োজন হ’লে ভূপেন বৰাক ৰাইজৰ দলৰ সভাপতিৰ আসনখন এৰি দিব বুলি মন্তব্য কৰি কয়, “যদি কিবা কাৰণত ভূপেন বৰা কংগ্ৰেছ দলত নাথাকে, তেতিয়াও তেওঁ বিজেপিত যোগদান নকৰে। কাৰণ তেওঁ আদৰ্শগতভাবে বিজেপিক বিৰোধিতা কৰে।প্ৰয়োজন হ’লে ৰাইজৰ দলৰ সভাপতি পদটো তেওঁক এৰি দিম। কিন্তু ভূপেন বৰাৰ দৰে অভিজ্ঞ, সন্মানীয় মানুহক কেতিয়াও আতৰি যাবলৈ নিদিও।”
মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক সমালোচনা কৰি অখিল গগৈয়ে কয়, “তেওঁ সৰু ল’ৰা-ছোৱালীৰ দৰে যতে ততে জপিয়াই ফুৰে। তেওঁ নিজৰ দলটোক সজাওক। নিজৰ দলৰ ভিতৰত থকা ভূপেন বৰা এজন সৃষ্টি কৰক। তেওঁক সদায় গালি পাৰি থকা মানুহটোক কিয় লাগে? মুখ্যমন্ত্ৰীয়ে নিজকে পৃথিৱীৰ আটাইতকৈ শক্তিশালী প্ৰাৰ্থী বুলি কয়। সেই প্ৰাৰ্থীজনক আকৌ ভূপেন বৰাক কিয় লাগে?”
লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ

