গুৱাহাটীঃ কংগ্ৰেছৰ পৰা আকস্মিক ভাৱে পদত্যাগ বিচাৰি কেন্দ্ৰীয় নেতৃত্বলৈ পত্ৰ প্ৰেৰণ কৰা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা ভূপেন বৰাই কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ সৈতে বৈঠকত মিলিত হোৱাৰ পিছতে পদত্যাগ কৰাৰ সিদ্ধান্ত বিবেচনা কৰিব বুলি মন্তব্য কৰে (Bhupen Bora Resignation)। ইয়াৰ পিছতে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা জনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ আৰু নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ তত্বাৱধায়ক জিতেন্দ্ৰ সিঙৰ লগত একেলগে এখন সংবাদমেলত সম্বোধন কৰে।
প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ভূপেন বৰাই কয়, “১৯৯৪ চনত কংগ্ৰেছ দলত যোগদান কৰিছিলো। বিগত ৩২ বছৰ কংগ্ৰেছৰ বাবে কি কৰিছো ৰাইজে দেখিছে। বিভিন্ন বিষয় সন্দৰ্ভত নেতৃত্বক জনাই আছিলো। যেতিয়া দেখিছিলো যে মোৰ কথাবোৰ গুৰুত্বহীনহৈছে তেতিয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লও । কেন্দ্ৰীয় নেতৃত্ব আৰু ৰাজ্যিক নেতৃত্বই পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই বুলি অবগত কৰিছে। মই মোৰ পৰিয়ালৰ লগত আলোচনা কৰি কি সিদ্ধান্ত লও কাইলৈ অবগত কৰিম। অলপ সময় বিচাৰিছো।
কংগ্ৰেছ হোৱাৰ বাবেই বিভিন্ন যন্ত্ৰনা পোৱাৰ কথা উল্লেখ কৰি বৰাই আক্ষেপৰে কয়, মোৰ ভাইৰ ব্যৱসায় কংগ্ৰেছ হোৱাৰ বাবেই বন্ধ কৰিবলগীয়া হয়। কিন্তু সেই ব্যৱসায়টো লাভ কৰে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদকে।
বৰাই কয় যে, ” স্বাভিমান আৰু মৰ্যাদাৰ ক্ষেত্ৰত কেতিয়াও আপোচ কৰা নাই। অসম বিধানসভাটো শ্ৰেষ্ঠ বিধায়কৰ বঁটা লাভ কৰিছিলো। ১২৬ জন বিধায়কৰ ভিতৰত এই বটাঁ লাভ কৰিছিলো। প্ৰাক্তন বিধায়ক হোৱা স্বত্বেও প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব দিছিল। এই দায়িত্ব লাভ কৰাৰ কাৰণ আছিল যে মই আত্মসন্মান আৰু স্বাভিমান ৰক্ষা কৰি কাম কৰো।”
বিষয়টো সন্দৰ্ভত সংবাদমেলত নিখিল ভাৰত কংগ্ৰেছৰ পৰ্যবেক্ষক জিতেন্দ্ৰ সিঙে কয়, “ভূপেন বৰাৰ কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বিষয়ববীয়া। তেওঁ বহুকেইটা গুৰুত্বপূৰ্ণ দায়িত্বত আছিল। তেওঁ নিখিল ভাৰত কংগ্ৰেছ কমিটিৰ সভাপতিলৈ প্ৰেৰণ কৰা পদত্যাগ পত্ৰ গ্ৰহণ কৰা নাই। যি সমস্যা উদ্ভৱ হৈছিল কংগ্ৰেছ পৰিয়ালৰ জ্যেষ্ঠ সদস্যসকলে বহি আলোচনা মৰ্মে সমাধান কৰিছো।”
কংগ্ৰেছৰ শীৰ্ষ নেতা ৰাহুল গান্ধীয়েও টেলিফোন যোগেদি এই সম্পৰ্কত কথা পাতিছে বুলি সদৰী কৰি সিঙে কয়, “আসন্ন বিধানসভা নিৰ্বাচনত নিৰ্বাচন সমিতিৰ সভাপতি হিচাপে দুৰ্নীতিগ্ৰস্ত চৰকাৰৰ বিৰুদ্ধে ভূপেন বৰা শক্তিশালী কণ্ঠহৈ থাকিব। তেওঁ প্ৰচাৰ অভিযানৰ নেতৃত্ব দিব।”
প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে কয়, ” যিদৰে ভাৰতৰ ভিতৰত বিভিন্ন শক্তিস্থল আছে ।একেদৰে কংগ্ৰেছৰ ভিতৰত শক্তি স্তম্ভ আছে। বিগত ৩০ বছৰ ধৰি ভূপেন বৰা আমাৰ বাবে শক্তি স্তম্ভ হৈ আছে। অসমত অপশক্তিৰ বিৰুদ্ধে মাত মতাৰ ক্ষেত্ৰত ভূপেন বৰা শক্তিশালী কণ্ঠ। ভূপেন বৰা এগৰাকী সঁচা কংগ্ৰেছী।” গগৈয়ে লগতে কয়, আমাৰ কোনো সিদ্ধান্তৰ বাবে তেওঁ যদি আঘাত পাইছে তেন্তে সৰু ভাইটি হিচাপে ক্ষমা বিচাৰিছো।
লগতে পঢ়কঃ ভূপেন বৰাৰ লগত কংগ্ৰেছৰ নেতৃত্বৰ আলোচনা

