Badruddin Ajmal Calls Bhupen Bora Resignation a Political Dramaভূপেন বৰাৰ পদত্যাগ নাটক আখ্যা বদৰুদ্দিন আজমলৰ

ডবকাঃ এআইইউডিএফৰ সভাপতি বদৰ উদ্দিন আজমলে ভূপেন বৰাৰ পদত্যাগ সন্দৰ্ভত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ইয়াক “নাটক” বুলি অভিহিত কৰিছে (Bhupen Bora Resignation)। তেওঁ অভিযোগ কৰে যে বিগত পাঁচ বছৰৰ পৰা তেওঁ কৈ আহিছে ভূপেন বৰাই গোপনে মুখ্যমন্ত্ৰীৰ সৈতে যোগাযোগ ৰাখে। বিগত বিধানসভা আৰু লোকসভা নিৰ্বাচনতো ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ পৰা লগত যোগাযোগ ৰাখিছিল বুলি আজমলে বিস্ফোৰক অভিযোগ উত্থাপন কৰে।

বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়া সন্দৰ্ভতো মন্তব্য কৰি আজমলে কয় যে তেৱোঁ আগন্তুক সময়ত বিজেপি দলত যোগদান কৰিব পাৰে। তেওঁৰ মতে, বৰ্তমান ভূপেন বৰাই মুখ্যমন্ত্ৰীৰ হৈ অধিক কাম কৰিছে। আজমলে আৰু দাবী কৰে যে কেৱল গৌৰৱ গগৈৰ সৈতে ৰকিবুল হুছেইনহে কংগ্ৰেছত থাকিব। আন কংগ্ৰেছ নেতা-বিধায়ক সকলে লাহে লাহে বিজেপিত যোগদান কৰিব। তেওঁ কয় যে ৰকিবুল হুছেইন মুখ্যমন্ত্ৰীৰ “ঘনিষ্ঠ বন্ধু” আৰু মুখ্যমন্ত্ৰীৰ মাজত নিয়মীয়াকৈ আলোচনা হয়।

ধুবুৰী সমষ্টিত নিজৰ পৰাজয়ৰ প্ৰসংগ উত্থাপন কৰি আজমলে কয় যে যদিও তেওঁ দহ লাখ ভোটত পৰাজিত হৈছিল, আগন্তুক নিৰ্বাচনত ৰকিবুল হুছেইন পোন্ধৰ লাখ ভোটত পৰাজিত হ’ব বুলি তেওঁ নিশ্চিত । অৱশ্যে, তেওঁ লগতে কয় যে ৰকিবুল “মুছলমান” হোৱাৰ বাবে বিজেপিত যোগদান নকৰে।

বিন্নাকান্দি সমষ্টিৰ বিধায়ক চিৰাজ উদ্দিন আজমলে বিধানসভাত উপস্থিত নথকাৰ অভিযোগ সন্দৰ্ভত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত আজমলে কয় যে আগতে অসুস্থতাৰ বাবে উপস্থিত থাকিব পৰা নাছিল, কিন্তু বৰ্তমান বিধানসভাত উপস্থিত আছে।

উল্লেখ্য যে, বিন্নাকান্দি সমষ্টিৰ অন্তৰ্গত মোৰাঝাৰত অনুষ্ঠিত এআইইউডিএফৰ যোগদান কাৰ্যসূচী আৰু কৰ্মীসভাত অংশ লৈ আজমলে এই মন্তব্যসমূহ আগবঢ়ায়।

লগতে পঢ়কঃ অসম প্ৰদেশ কংগ্ৰেছত মোক্ষম আঘাতঃ প্ৰাক্তন সভাপতি ভূপেন বৰাৰ পদত্যাগ


Advertisement