Three Suspended Congress MLAs Join BJP in Guwahatiকংগ্ৰেছৰ তিনি নিলম্বিত বিধায়কৰ বিজেপিত যোগদান

গুৱাহাটীঃ কংগ্ৰেছৰ তিনিজন নিলম্বিত বিধায়কে বিজেপিত যোগদান কৰে। তেওঁ লোক হৈছে কমলাক্ষ দে পুৰকায়স্থ, বসন্ত দাস আৰু শশীকান্ত দাস। এই তিনিজনে বৃহস্পতিবাৰে আনুষ্ঠানিকভাৱে গেৰুৱা দলটোত যোগদান কৰে (Congress MLAs Join BJP)।

গুৱাহাটীস্থিত বাজপেয়ী ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত তেওঁলোকে বিজেপিত যোগদান কৰে। অনুষ্ঠানটোত উপস্থিত আছিল বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, মন্ত্ৰী পীয়ুষ হাজৰিকা , কেন্দ্ৰীয় মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা সহ বহু জ্যেষ্ঠ নেতা।

পদাংক অনুসৰণ কৰি ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই গৈছিলোঃ শশীকান্ত দাস

বিজেপিত যোগদান কৰাৰ পিছত ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাসে কয়, “২০২১ চনৰ ২০ নৱেম্বৰত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সাক্ষাৎ লাভ কৰিছিলো। তেতিয়াৰ পৰা তেখেতৰ পদাংক অনুসৰণ কৰি ৰহা সমষ্টিৰ সামগ্ৰিক উন্নয়নৰ ক্ষেত্ৰত আগুৱাই গৈছিলো। মুখ্যমন্ত্ৰীৰ বলিষ্ঠ নেতৃত্বত ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰখনে অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীক একত্ৰিত কৰি আগুৱাই নিছে। তেওঁৰ চিন্তা, কামত অভিভূত হৈছিলো। আজি সুখী যে বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতান্ত্ৰিক দল ভাৰতীয় জনতা পাৰ্টীত আজি যোগদান কৰিবলৈ সক্ষম হৈছো।”

ৰাইজৰ সেৱা কৰিবলৈহে বিজেপিলৈ আহিছোঃ কমলাক্ষ দে পুৰকায়স্থঃ

বিজেপিত যোগদান কৰা কংগ্ৰেছৰ নিলম্বিত বিধায়ক কমলাক্ষ দে পুৰকায়স্থই কয়, ” আমি টিকট লাভৰ বাবে বিজেপিত যোগদান কৰা নাই । ৰাইজৰ সেৱা কৰিবলৈহে যোগদান কৰিছো। আমাৰ উদ্দেশ্য হৈছে ৰাষ্ট্ৰী নিৰ্মাণ। দলে যি দায়িত্ব দিয়ে নিষ্ঠা সহকাৰে পালন কৰিম।” মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰশংসা কৰি তেওঁ কয়, মুখ্যমন্ত্ৰীৰ বিকাশৰ‌ যাত্ৰাৰ সহযাত্ৰী হৈ থাকিম। তেওঁ কংগ্ৰেছ দল মিঞাৰ ওপৰত নিৰ্ভৰশীল বুলি কটাক্ষ কৰে।

মুখ্যমন্ত্ৰীৰ মন্তব্যঃ

এই তিনি বিধায়কে বিজেপিত যোগদান কৰাৰ প্ৰসংগত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কয়, “আজি তিনিজন বিধায়কে বিজেপিত যোগদান কৰিলে। তেওঁলোকে আগতেই প্ৰায় এটা বা দুটা বছৰ ধৰি আমাক সমৰ্থন কৰি আহিছিল। আজি তেওঁলোকে আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰিলে।”

উল্লেখযোগ্য যে কিছুদিন পূৰ্বে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰাক্তন সভাপতি ভূপেন বৰাইও বিজেপিত যোগদান কৰিছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে কংগ্ৰেছৰ আন তিনিজন বিধায়কে বিজেপিত যোগদান কৰা কাৰ্যই নিঃসন্দেহে বিজেপিৰ শক্তি বৃদ্ধি কৰিব।

লগতে পঢ়কঃ ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে মনোনয়ন দাখিল


Advertisement