নগাঁওঃ সক্ৰিয় ৰাজনীতিলৈ পুনৰ উভতি আহিল নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱা (Dr Durlav Chamuah Congress Ticket)। বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হৈয়েই কংগ্ৰেছ দলে ত্যাগ কৰা ডাঃ দুৰ্লভ চমুৱা পুনৰ উভতি আহিছে কংগ্ৰেছ দললৈ।
২০১১ চনৰ বিধানসভা নিৰ্বাচনত নগাঁও সদৰ সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্বৰে বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ডাঃ দুৰ্লভ চমুৱাই অৱশেষত কংগ্ৰেছ দলতে যোগদান কৰি প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে অসম প্ৰদেশ কংগ্ৰেছত (Durlav Chamuah Nagaon Sadar)।
কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ বাবে আবেদন জনোৱাৰ অন্তিম দিনা অৰ্থাৎ বুধবাৰে গুৱাহাটী ৰাজীৱ ভৱনত দলীয় প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনায় ডাঃ দুৰ্লভ চমুৱাই। নগাঁও সদৰ সমষ্টিৰ প্ৰাক্তন বিধায়ক ডাঃ দুৰ্লভ চমুৱাই নগাঁও সদৰ বিধানসভা সমষ্টিৰ লগতে বঢ়মপুৰ সমষ্টিৰ পৰাও কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে ।
বিগত ২০২১ চনৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত হোৱাৰ পাছতেই দল ত্যাগ কৰা ডাঃ দুৰ্লভ চমুৱাই অৱশ্যে যোগদান কৰা নাছিল আন কোনো ৰাজনৈতিক দলত। অৱশ্যে দুৰ্লভ চমুৱাৰ বহু কৰ্মী তথা সমৰ্থকে বিজেপি দলত যোগদান কৰি বিজেপিৰ বিধায়ক ৰূপক শৰ্মাৰ কাষ চাপিছিল (Rupak Sharma BJP Nagaon)। কিন্তু শেহতীয়াকৈ কংগ্ৰেছ দলতেই যোগদান কৰি প্ৰাৰ্থীত্ব বিচৰা ডাঃ দুৰ্লভ চমুৱাই পুৰণি কর্মীক পুনৰ কংগ্ৰেছ দললৈ ঘূৰাই আনিবলৈ যোগাযোগ আৰম্ভ কৰিছে।
ইপিনে, নগাঁও বটদ্ৰৱা সমষ্টিৰ পৰা কংগ্ৰেছ দলৰ প্ৰাৰ্থীত্ব বিচাৰি ইতিমধ্যেই আবেদন জনাইছিল ২০২১ চনত দলীয় প্ৰাৰ্থীত্ব লাভ কৰি একে পৰিয়ালৰে বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাৰ হাতত পৰাজিত হোৱা শান্তনু শৰ্মাৰ লগতে যুৱ নেতা মৃণাল হাজৰিকায়ো কংগ্ৰেছৰ প্ৰাৰ্থীত্ব বিচাৰি আবেদন জনাইছে (Assam Congress Candidate 2026)।
নগাঁও সদৰ সমষ্টিৰ বৰ্তমানৰ বিধায়ক ৰূপক শৰ্মাৰ শক্তিশালী ভেটি থকা বুলি চৰ্চিত নগাঁও বটদ্ৰৱা সমষ্টিৰ বাবে আন দুগৰাকীকৈ প্ৰাৰ্থীৰ ভিতৰত ডাঃ দুৰ্লভ চমুৱাই যথেষ্ট প্ৰভাৱ পেলাবলৈ সক্ষম হ’ব বুলিও ৰাজনৈতিক মহলত আৰম্ভ হৈছে ব্যাপক চর্চা (Nagaon Politics News)। দলীয় এক সূত্ৰৰ পৰা জানিব পৰা মতে, ২০২৬ চনৰ নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ এটা মহলে দুৰ্লভ চমুৱাকে প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ বাবে তৎপৰতা আৰম্ভ কৰিছে।
লগতে পঢ়কঃ এ আই ইউ ডি এফক এক দুই কৰি তিনি তালাক দিলে গৌৰৱ গগৈয়ে
