Leaflet Arrest Assam case: Four youths arrested by Dispur police over anti-CM leaflets in Guwahatiমুখ্যমন্ত্ৰীক বিৰুদ্ধে অভিযোগ থকা লিফলেট বিতৰণৰ অভিযোগত চাৰিজনক গ্ৰেপ্তাৰ

গুৱাহাটীঃ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক বিৰুদ্ধে অভিযোগ উল্লেখ থকা লিফলেট চপোৱা আৰু বিতৰণৰ অভিযোগত আৰক্ষীয়ে ৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে। গ্ৰেপ্তাৰ কৰা এই চাৰিজন লোক কংগ্ৰেছ দলৰ লগত সম্পৰ্ক থকাৰ অভিযোগ উঠিছে। ধৃত লোককেইজন লাহৰীঘাট বিধানসভা সমষ্টিৰ বিধায়ক আছিফ নজৰৰ ঘনিষ্ঠ।-Leaflet Arrest Assam

জানিব পৰামতে দিশপুৰ আৰক্ষীয়ে দেওবাৰে নিশা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক লক্ষ্য কৰি লিফলেট চপোৱাৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছে। লোক কেইজন হৈছে অক্ষয় বৰদলৈ, প্ৰাঞ্জিত পাটৰ, জয়নাল আবেদিন আৰু ৰেকিব হক।

গ্ৰেপ্তাৰ হোৱা এই লোককেইজনৰ ভিতৰত ৰেকিবুল হক বিধায়ক আছিফ নজৰৰ অতি ঘনিষ্ঠ বুলি জানিব পৰা গৈছে। অন্যহাতেদি গ্ৰেপ্তাৰ হোৱা অক্ষয় বৰদলৈ মৰিগাঁও জিলা যুৱ কংগ্ৰেছৰ সভাপতি আৰু জয়নাল আবেদিন বিধায়কজনৰ ব্যক্তিগত সহায়ক।

আৰক্ষীয়ে ঘটনা সম্পৰ্কত এখন ট্ৰাকো জব্দ কৰিছে। ট্ৰাকখনৰ নম্বৰ হৈছে ইউ পি ৭৫ বি টি ৯৫৮৯। এই ট্ৰাকখনতে লিফলেটখিনি কঢ়িওৱা হৈছে বুলি আৰক্ষী সূত্ৰে প্ৰকাশ। অৱশ্যে লিফলেটখিনি ক’ত চপা কৰা হৈছে সেইয়া অদ্যপি জানিব পৰা হোৱা নাই। আৰক্ষীয়ে ঘটনা সংক্ৰান্তত তদন্ত অব্যাহত ৰাখিছে।

এই লিফলেট সমূহত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ১০ টা অভিযোগ উল্লেখ আছে। ‘মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে ৰাইজৰ চাৰ্জশ্বীট’ নাম দি প্ৰকাশ কৰা হৈছে লিফলেটখন। এনেধৰণৰ কেইবালাখ লিফলেট চপা কৰি নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাইজৰ মাজত বিতৰণৰ উদ্দেশ্যে চপা কৰা হৈছিল। নিশা লিফলেট ভৰ্তি ট্ৰাকখন ৰুক্মিণী গাঁৱৰ এটা এপাৰ্টমেণ্টত প্ৰৱেশ কৰিব বিচাৰিছিল। এপাৰ্টমেণ্টৰ বাসিন্দা সকলৰ সৈতে এই সামগ্ৰীসমূহ কঢ়িয়াই অনা চাৰিজন লোকৰ তৰ্ক লাগে। ফলত এপাৰ্টমেণ্টৰ আবাসীয়ে দিছপুৰ আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে আহি লোককেইজনক কৰায়ত্ত কৰে আৰু সামগ্ৰীসহ ট্ৰাকখন জব্দ কৰে।

কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰৰ ক্ষোভ প্ৰকাশ

লিফলেট চপোৱা আৰু বিতৰণৰ অভিযোগত চাৰিজন কংগ্ৰেছ কৰ্মীক গ্ৰেপ্তাৰ কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰে। অভিযুক্তৰ খবৰ লবলৈ আহি দিছপুৰ আৰক্ষী থানাৰ পৰাই আৰক্ষীৰ আগত ক্ষোভ উজাৰে মীৰা বৰঠাকুৰে। তেওঁ কয়, “অসম আৰক্ষী বিজেপিৰ নেকি? বিজেপিয়ে বাধা দিলেই যদি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে তেন্তে আমি যদি কাইলৈ বেনাৰ-পোষ্টাৰ লগালেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব। কিন্তু আমি দিয়া অভিযোগ আৰক্ষী পঞ্জীয়ন নকৰে। বিজেপিয়ে ভয় খাইছে, সেয়ে আৰক্ষীক ব্যৱহাৰ কৰিছে। অসম আৰক্ষীৰ প্ৰতি আমাৰ সন্মান আছে। অসম আৰক্ষীৰ যি দক্ষতা তাক অপব্যৱহাৰ কৰিছে। এনে কৰা অনুচিত।”

আৰক্ষীৰ মন্তব্য

আৰক্ষীয়ে লোককেইজনক গ্ৰেপ্তাৰ কৰা সন্দৰ্ভত প্ৰকাশ কৰা মতে লিফলেটখনত কোনো ৰাজনৈতিক দলৰ নাম নথকাৰ বাবে গ্ৰেপ্তাৰ কৰা হৈছে লিফলেট কঢ়িওৱা যুৱক চাৰিজনক। নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত আইন-শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হব বুলিয়েই তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ বিষয়ে আৰক্ষীয়ে সদৰী কৰে।

প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে আৰক্ষীয়ে জব্দ কৰা ধৰণৰ অনুৰূপ লিফলেট কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী অসমলৈ আহোঁতে আনুষ্ঠানিকভাৱে উন্মোচন কৰা হৈছিল।

লগতে পঢ়ক: কংগ্ৰেছৰ তিনি নিলম্বিত বিধায়কৰ বিজেপিত যোগদান


Advertisement