Gaurav Gogoi Breaks Ties with AIUDF, Signals New Assam Political Strategyএ আই ইউ ডি এফক এক দুই কৰি তিনি তালাক দিলে গৌৰৱ গগৈয়ে

নগাঁওঃ ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে নগাঁও জিলাৰ ধিং, জুৰীয়া আদিত সভা অনুষ্ঠিত কৰাৰ পিচত সংবাদ মাধ্যমৰ সন্মুখত নিজকে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ তথা দলটোৰ ব্ৰেণ্ড এম্বেচাডৰ হ’ব বুলি মন্তব্য কৰিছিল (Gaurav Gogoi AIUDF)। গগৈয়ে কৈছিল ২০২৬ চনৰ বিধানসভা নিৰ্বাচনৰ কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ অখিল গগৈয়েই হ’ব। ৰাইজৰ দলৰ সভাপতিজনৰ এই মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসম প্ৰদেশ কংগ্ৰেছৰ তিনিগৰাকী নেতাই।

ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মন্তব্যক প্ৰত্যক্ষভাবে বিৰোধিতা নকৰি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হোজাই জিলাৰ ডবকাত সাংবাদিকৰ আগত কয়, “ৰাজীৱ ভৱনত যি ভিৰ তাতকৈ ডাঙৰ ব্ৰেণ্ড এম্বেচাডৰ কি হ’ব পাৰে। ৰাজীৱ ভৱনত উৎসৱৰ নিচিনা পৰিস্থিতি। যিটো সৰ্বত্ৰ চৰ্চা হৈছে। আনন্দৰ এটা পৰিবেশ। যি আমাৰ কৰ্মীক সু বাৰ্তা দিব পাৰিছে। অসমৰ কংগ্ৰেছ কৰ্মী সকলেই কংগ্ৰেছ দলৰ মূল ব্ৰেণ্ড এম্বেচাডৰ।”

ইপিনে, কংগ্ৰেছৰ বিধায়িনী দলৰ নেতা দেৱব্ৰত শইকীয়াই সাংবাদিকৰ আগত কয়, ‘সেইটো তেওঁ ইচ্ছা প্ৰকাশ কৰিছে মই ভাল পাইছো। মই সকলো মানুহকে আমন্ত্ৰণ কৰিম। যি সকলে বিজেপিৰ অপশাসনৰ বিৰোধিতা কৰে। যি সকলে বিজেপিৰ ভাবুকিক ভয় নকৰে তেওঁলোক প্ৰত্যেকজনেই কংগ্ৰেছৰহৈ প্ৰচাৰ চলাওক আৰু কংগ্ৰেছৰ ব্ৰেণ্ড এম্বেচাডৰ হওক। অসমত যদি ভাল দিন আহিব লাগে সকলোৱেই কংগ্ৰেছ দলৰ হৈ প্ৰচাৰ চলাওক । ব্ৰেণ্ড এম্বেচাডৰ হওক।”

অৱশ্যে ইয়াৰ বিপৰীতে প্ৰদেশ কংগ্ৰেছৰ আন এজন নেতা তথা সাংসদ ৰকিবুল হুছেইনে অখিল গগৈৰ মন্তব্যক তুলুঙা মন্তব্য আখ্যা দি কোনোধৰণৰ উত্তৰ নিদিয়ে বুলি সংবাদ মাধ্যেমৰ সন্মুখত উল্লেখ কৰে।

সাংসদ হুছেইনে কয় যে, তেওঁ এনে মন্তব্য কৰিব বুলি মোৰ বিশ্বাস নহয়। যদি কৰিছে তেন্তে এনে তুলুঙা মন্তব্যৰ মই উত্তৰ নিদিও। ইপিনে মিত্ৰতাৰ প্ৰসংগত অখিল গগৈয়ে সন্তোষজনক আসন বুজাবুজি হলেহে মিত্ৰতা হব বুলি কৰা আৰু ধিং সমষ্টি বিচৰাৰ সম্পৰ্কত হুছেইনক সাংবাদিকে সোধাত তেওঁ কয়,” ব্যক্তিগত ভাবে মই কও এনেধৰণৰ অসংলগ্ন কথা কোৱাটো তেওঁৰ উচিত হোৱা নাই। আসনৰ সম্পৰ্কত ৰাজহুৱাকৈ সংবাদ মাধ্যমৰ আগত মন্তব্য কৰা অনুচিত। মই এই বিষয়ে দলক জনাম। দলৰ শীৰ্ষ নেতৃত্বৰ লগত যদি তেওঁ কিবা আলোচনা কৰিছে মই অজ্ঞাত। এই কাৰ্যত মোৰ আপত্তি আছে।”

ইপিনে, বুধবাৰৰ দিনটোত বদৰুদ্দিন আজমলৰ দুৰ্গ হিচাপে পৰিচিত হোজাই জিলাৰ ডবকাত সভা অনুষ্ঠিত কৰি এ আই ইউ ডি এফ দলকো আক্ৰমণৰ লক্ষ্য কৰি লয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সংবাদ মাধ্যমৰ সন্মুখত কংগ্ৰেছ নেতা ভূপেন বৰাৰ মন্তব্যৰ কথা উল্লেখ কৰি সাংসদ গৌৰৱ গগৈয়ে এক দুই কৰি তিনি তালাক দিলে এ আই ইউ ডি এই দলক।

লগতে পঢ়কঃ ২০২৬ ত হ’ব ৰাইজ বনাম অহংকাৰী ৰজাৰ যুঁজ; তিনিচুকীয়াত গৌৰৱ গগৈৰ বিজেপিক তীব্ৰ আক্ৰমণ


Advertisement