Gaurav Gogoi Leads Massive Rally in Nagaon Despite Police and BJP Resistanceআৰক্ষীৰ বাধা অতিক্রমী নগাঁৱত গৌৰৱৰ নেতৃত্বত বিশাল জোঁৰ সমদল

নগাঁওঃ বিভিন্ন প্ৰান্তত বিজেপি কৰ্মীৰ বাধা নেওচি শুক্ৰবাৰে নগাঁৱত গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছে সম্পন্ন কৰিলে কাৰ্য্যসূচী (Gaurav Gogoi Nagaon Rally)। গৌৰৱ গগৈৰ নেতৃত্বত অসম প্ৰদেশ কংগ্ৰেছে শুক্ৰবাৰে নগাঁৱত ৰূপায়ন কৰে ‘সময় পৰিবৰ্তনৰ, মাটি বচাওক, জাতি বচাওক কাৰ্যসূচী। পুৱাই অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ দলটো গুৰুজনাৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হোৱাৰ পাছতেই প্ৰথমে বটদ্ৰৱাত একাংশ বিজেপি কৰ্মীয়ে গৌৰৱ গগৈক বাধা প্ৰদানৰ উদ্দেশ্যে গৌৰৱ গগৈক গ’ বেক ধ্বনি দিয়ে। কিন্তু বিজেপিৰ বাধা নেওচি প্ৰথমে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত উপস্থিত হৈ সেৱা আগবঢ়াই কংগ্ৰেছৰ কাৰ্যসূচী আৰম্ভ কৰে।

কাৰ্য্যসূচীৰ অংশ হিচাপে গৌৰৱ গগৈৰ নেতৃত্বত কংগ্ৰেছৰ দলটো মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সম্পত্তি বিচাৰি উপস্থিত হয় কলিয়াবৰ, কাঞ্চনজুৰী আদি অঞ্চলত। কেবাটাও স্থান পৰিদর্শন কৰি কংগ্ৰেছৰ দলটো সন্ধিয়া উপস্থিত হয় নগাঁৱত। কিন্তু বাটত বিজেপি কৰ্মীৰ কেবাটাও স্থানত বাধা প্ৰদানৰ চেষ্টা কৰে যদিও সকলো বাধা নেওচি কাৰ্যসূচী ৰূপায়ন কৰে কংগ্ৰেছৰ দলটোৱে।

সন্ধিয়া নগাঁও ৰাজীৱ ভৱনৰ পৰা উলিওৱা সমদলৰ সময়তো আৰক্ষীয়ে বাধা প্ৰদানৰ চেষ্টা কৰে যদিও আৰক্ষীৰ বাধাকো নেওচি কংগ্ৰেছৰ দলটোৱে উলিয়াই জোঁৰ সমদল। জোৰ সদমলত অংশগ্ৰহণ কৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ সদস্যৰ নগাঁৱতে এশ বিঘাৰো অধিক ভূমি থকা বুলি দাবী কৰি গৌৰৱ গগৈয়ে কয়, “যি সময়ত কোচ ৰাজবংশী, চাহ জনজাতিৰ লোকে ভূমি অধিকাৰ বিচাৰিবলগীয়া হৈছে এনে সময়ত মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সদস্যই মাটি দখল কৰি ৰিজৰ্ট খুলিছে। এইসমূহ অন্যায়ৰ বিৰুদ্ধে এইবাৰ ৰাইজ একত্ৰিত হৈ ওলাই আহিছে।”

ভূপেন বৰা আৰু গৌৰৱ গগৈৰ মাজত সংঘাত থকা বুলি মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰত্যুত্তৰ দি গৌৰৱ গগৈৰ লগতে ভূপেন বৰায়ো স্পষ্ট কৰিলে দুয়োজনৰ মাজত কোনো সংঘাত নথকা বুলি।

শুক্ৰবাৰে সন্ধিয়া নগাঁও ৰাজীৱ ভৱনৰ পৰা উলিওৱা জোঁৰ সমদলত কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিং, সাংসদ প্ৰদ্যুৎ বৰদলৈ, ৰকিবুল হুছেইন, বিৰোধী দলপতি দেৱব্ৰত শইকীয়া, বিধায়ক, অসম প্ৰদেশ কংগ্ৰেছৰ সংখ্যালঘু বিভাগৰ সাধাৰণ সম্পাদক এমদাদুল্লা আহমেদসহ কেইবাগৰাকী নেতা উপস্থিত থাকে।

লগতে পঢ়কঃ গুৰুজনাৰ আশীষ লৈ নগাঁৱত কংগ্ৰেছৰ ‘ সময় পৰিবৰ্তনৰ যাত্ৰা আৰম্ভ


Advertisement